পদপথৰ ব্যৱসায়ীসকলক উপযুক্ত সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি এতিয়া যেন ফুটুকাৰ ফেনত পৰিণত হৈছে। গুৱাহাটীৰ বেলতলাত কোটি কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা দৈনিক বজাৰগৃহটোৰ দুৱাৰ মুকলি হ’ল যদিও এতিয়াও ব্যৱসায় আৰম্ভ কৰিব পৰা নাই ব্যৱসায়ীসকলে। ১৩ বছৰ ধৰি চলা নিৰ্মাণকাৰ্যৰ অন্তত উদ্বোধন কৰা বজাৰগৃহটোত এতিয়াও নাই ব্যৱহাৰৰ বাবে প্ৰয়োজনীয় বহু মৌলিক সুবিধা। আনকি ভৱনটোৰ ভিতৰচ’ৰাৰ অৱস্থাই এতিয়া উত্থাপন কৰিছে নিৰ্মাণৰ মান আৰু পৰিকল্পনাক লৈ প্ৰশ্ন।
গুৱাহাটী পৌৰ নিগমে প্ৰায় ১১.৫ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা চাৰিমহলীয়া বজাৰগৃহটোৰ আধাৰশিলা ২০১৩ চনতে স্থাপন কৰিছিল তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। কিন্তু আধাৰশিলা স্থাপনৰ পাছত নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’বলৈ পাৰ হ’ল প্ৰায় ১৩টা বছৰ। অৱশেষত ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত বৰ্তমানৰ চৰকাৰে বজাৰগৃহটো উদ্বোধন কৰে। কিন্তু উদ্বোধনৰ পাছতো ব্যৱসায়ীসকলে নিজৰ দোকান খুলিব পৰা নাই। ব্যৱসায় আৰম্ভ কৰাৰ বাবে প্ৰয়োজনীয় সা-সুবিধা সম্পূৰ্ণ নোহোৱাৰ ফলত এতিয়াও অপেক্ষা কৰিবলগীয়া হৈছে তেওঁলোকক।

এতিয়া প্ৰশ্ন হৈছে, ব্যৱহাৰৰ বাবে সম্পূৰ্ণৰূপে সাজু নকৰাকৈ নিৰ্বাচনৰ পূৰ্বে কিয় উদ্বোধন কৰা হ’ল কোটি টকীয়া এই প্ৰকল্প? কেৱল উদ্বোধনী অনুষ্ঠানতে সীমাবদ্ধ থাকিল নেকি চৰকাৰৰ দায়িত্ব? বজাৰগৃহটোৰ বেচমেণ্টৰ পাৰ্কিং এলেকাৰ অৱস্থাই নিৰ্মাণকাৰ্যৰ মানক লৈও সন্দেহৰ সৃষ্টি কৰিছে। পানী নিষ্কাশনৰ উপযুক্ত ব্যৱস্থা নথকাৰ ফলত বেচমেণ্টত জমা হৈছে লেতেৰা পানী। আবদ্ধ পানীৰ দুৰ্গন্ধ, দেৱালত শেলাই আৰু অস্বাস্থ্যকৰ পৰিৱেশে ব্যৱহাৰৰ অনুপযোগী কৰি তুলিছে পাৰ্কিং এলেকাটো।
যি বজাৰগৃহ ব্যৱসায়ী আৰু গ্ৰাহকৰ সুবিধাৰ বাবে নিৰ্মাণ কৰা হৈছিল, সেই ভৱনটোতে এতিয়া দেখা গৈছে মৌলিক আন্তঃগাঁথনিৰ অভাৱ। আনহাতে, লিফ্ট, বিদ্যুৎ সংযোগ আৰু অগ্নিনিৰ্বাপক ব্যৱস্থাৰ দৰে জৰুৰী সুবিধাসমূহো সম্পূৰ্ণৰূপে সাজু হোৱা নাই বুলি জানিব পৰা গৈছে। ফলত উদ্বোধনৰ পাছতো ব্যৱসায় আৰম্ভ কৰাৰ বাবে অপেক্ষা কৰিবলগীয়া হৈছে ব্যৱসায়ীসকলে।
এতিয়া প্ৰশ্ন উত্থাপন হৈছে, ১৩ বছৰ ধৰি নিৰ্মাণকাৰ্য চলাৰ পাছতো সম্পূৰ্ণৰূপে ব্যৱহাৰৰ উপযোগী কৰিব নোৱাৰা এই প্ৰকল্পটোৰ দায়িত্ব কোনে ল’ব? ৰাজহুৱা ধনৰ কোটি কোটি টকা ব্যয় কৰাৰ পাছতো যদি ব্যৱসায়ীসকলে জীৱিকা চলাবলৈ পুনৰ পদপথৰ আশ্ৰয় ল’বলগীয়া হয়, তেন্তে এই বজাৰগৃহ নিৰ্মাণৰ প্ৰকৃত উদ্দেশ্য কি আছিল? ৰাজহুৱা ধনেৰে নিৰ্মিত আন্তঃগাঁথনি কেৱল উদ্বোধনী অনুষ্ঠান আৰু ৰাজনৈতিক প্ৰচাৰৰ বাবেই নেকি? বেলতলাৰ যান-জঁটৰ সমস্যা সমাধানৰ লগতে পদপথৰ ব্যৱসায়ীসকলক উপযুক্ত সংস্থাপন দিয়াৰ যি প্ৰতিশ্ৰুতি দিয়া হৈছিল, সেয়া কেতিয়া বাস্তৱত পৰিণত হ’ব? ১১.৫ কোটি টকীয়া বজাৰগৃহটোৰ বৰ্তমানৰ অৱস্থাই এতিয়া এই প্ৰশ্নবোৰকে পুনৰ সন্মুখলৈ আনিছে।





