দেশৰ ৰাজহুৱা খণ্ডৰ লাভজনক তেল উদ্যোগ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডৰ এটা গুৰুত্বপূৰ্ণ বিভাগ বন্ধ হোৱাৰ উপক্ৰম হৈছে।
অইল ইণ্ডিয়া লিমিটেডে চুক্তি অনুসৰি অসম গেছ কোম্পানীকে ধৰি আন কেইবাটাও উদ্যোগ প্ৰতিষ্ঠানক প্ৰয়োজন মতে গেছ যোগান ধৰিব পৰা নাই। ইয়াৰ বাবেই ১৯৮২ চনত স্থাপন কৰা এল পি জি বিভাগটো বন্ধ হোৱাৰ উপক্ৰম হৈছে।
জানিব পৰা মতে অইল ইণ্ডিয়া লিমিটেডে চুক্তি অনুসৰি বিচিপিএলক প্ৰতিদিনে ৬ মিলিয়ন মেট্ৰিক ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰ, ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যন লিমিটেডক ১.৭ মিলিয়ন মোট্ৰিক ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰ, নীপকোক ১.৪ মিলিয়ন মেট্ৰিক ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰ, আছাম পাৱাৰ জেনেৰেশ্যন কৰ্পোৰেশ্যন লিমিটেডক ১.১ মিলিয়ন মেট্ৰিক ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰ, নুমলীগড় ৰিফাইনেৰী লিমিটেডক ১ মিলিয়ন মেট্ৰিক ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰ, অসম গেছ কোম্পানী আৰু আন প্ৰতিষ্ঠানসমূহক ১.২ মিলিয়ন মেট্ৰিক ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰ গেছ যোগান ধৰিব লাগে।
বৰ্তমান অইলৰ মুঠ গেছ উৎপাদন হৈছে হৈছে ৭.৮ মিলিয়ন মেট্ৰিক ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰ। ২০১৬-১৭ বৰ্ষত অইলৰ ইতিহাসত সৰ্বাধিক ২৯৩৭ মিলিয়ন মেট্ৰিক ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰ গেছ উৎপাদন কৰিছিল।
অইলৰ নিজা এলপিজি প্লান্টত প্ৰয়োজন হোৱা ২ মিলিয়ন মেট্ৰিক ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰ গেছৰ লগতে অন্যান্য গেছ ভিত্তিক প্ৰতিষ্ঠানসমূহক মুঠতে ১৪.৪ মিলিয়ন মেট্ৰিক ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰ গেছ যোগান ধৰিব লাগে।
উক্ত তথ্যৰ পৰা সহজেই অনুমান কৰিব পাৰি যে উদ্যোগ প্ৰতিষ্ঠানটো গেছ যোগানত ব্যৰ্থ হৈছে। জানিব পৰা মতে অইলে এতিয়া এলপিজি বিভাগটো বন্ধ কৰি অন্য গেছভিত্তিক প্ৰতিষ্ঠানক গেছৰ যোগান ধৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে।
এই সম্পৰ্কত এক প্ৰতিবেদন প্ৰস্তুত কৰি শীৰ্ষ কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিছে। যদিহে অইলৰ এলপিজি উৎপাদন বন্ধ হৈ পৰে তেতিয়াহ’লে উত্তৰ-পূবত ৰন্ধন গেছৰ নাটনি দেখা দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে।