অসম চৰকাৰে বেচৰকাৰী নিৰাপত্তা সংস্থাসমূহৰ কৰ্মচাৰীসকলৰ ন্যূনতম মজুৰি সংশোধনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
ৰাজ্য চৰকাৰৰ শ্ৰমিক কল্যাণ বিভাগে জাৰি কৰা এক জাননী অনুসৰি ন্যূনতম মজুৰি পৰামৰ্শদাতা পৰিষদৰ লগত আলোচনামৰ্মে চৰকাৰে এই সিদ্ধান্ত লৈছে।
এই সংশোধিত ন্যূনতম মজুৰি অনুসৰি নিৰাপত্তা বিষয়াৰ দৰমহা ১৮,৭০০ টকা, চুপাৰভাইজাৰৰ দৰমহা ১৫৬০০, সশস্ত্ৰ নিৰাপত্তাৰক্ষীৰ ১৩৭০০ আৰু অস্ত্ৰহীন নিৰাপত্তাৰক্ষীৰ ১০৭০০ টকাকৈ দৰমহা নিৰ্ধাৰণ কৰা হৈছে।
ন্যূনতম মজুৰিৰ ভিতৰত আৱাসৰ সুবিধা, কৰ্মচাৰীৰ ভৱিষ্য নিধি/ ই এচ আই আৰু অন্যান্য সামাজিক সুৰক্ষা আঁচনিসমূহ এই ন্যূনতম মজুৰিৰ ভিতৰত ধৰা হোৱা নাই। এই নিৰ্ধাৰিত ন্যূনতম মজুৰিৰ উপৰি কৰ্মচাৰীৰ মজুৰি সাপেক্ষে ঔদ্যোগিক শ্ৰমিকসকলৰ বাবে নিৰ্ধাৰণ কৰা সদৌ ভাৰত গ্ৰাহক দাম সূচাংকৰ উঠা-নমাৰ ওপৰত ভিত্তি কৰি ১০০ শতাংশ হাৰত ভেৰিয়ে’বল ডিয়েৰনেছ এলাৱেন্স (VDA)ও কৰ্মচাৰীসকলক প্ৰদান কৰা হ’ব।
টি এন টিৰ বাতৰি মতে এদিনত ৮ ঘণ্টা আৰু সপ্তাহত ৪৮ ঘণ্টা কৰ্ম সময়তকৈ কৰা প্ৰত্যেক অতিৰিক্ত কামৰ বাবে সাধাৰণ মজুৰিতকৈ দুগুণ হাৰত দিব লাগিব অতিৰিক্ত সময়ৰ মজুৰি।
শ্ৰমিকসকলক সপ্তাহত এদিনৰ জিৰণি দিব লাগিব। বিবৃতিটোত ২০১৮ চনৰ ১ জানুৱাৰিৰ পৰা এই সংশোধন কাৰ্য্যকৰী হোৱা বুলি কোৱা হৈছে।