অসম শক্তি বিতৰণ নিগম লিমিটেড ( APDCL )ৰ অধীনৰ ১৭টা মণ্ডলৰ ৪৭টা উপ-আস্থান (sub-station) ব্যক্তিগতকৰণ কৰাৰ বাবে অসম চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে অসম ৰাজ্যিক শক্তি শ্ৰমিক সংস্থাই সমগ্ৰ অসমৰ লগতে বিশ্বনাথ চাৰিআলিটো আজি ৪ মে’ত প্ৰতিবাদ সাব্যস্ত কৰে।
দুঘণ্টীয়া ধৰ্ণাত বহা অসম ৰাজ্যিক শক্তি শ্ৰমিক সংস্থা আৰু অসম বিদ্যুৎ পৰিষদ পেঞ্চনাৰ্ছ সন্থাই বিশ্বনাথ চাৰিআলি বিদ্যুৎ সংমণ্ডলৰ সহকাৰী মহাপ্ৰবন্ধক প্ৰণৱ কুমাৰ গগৈৰ যোগেদি পৰিষদৰ অধ্যক্ষলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
উল্লেখযোগ্য যে সমগ্ৰ অসমৰ ৪৭টা ৩৩/১১ কে ভি মানৱচালিত, মানৱবিহীন বিদ্যুৎ উপ-আস্থান ব্যক্তিগতকৰণৰ বাবে অসম চৰকাৰে নিবিদা আহ্বান কৰিছে।
শক্তিখণ্ডক ব্যক্তিকৰণ কৰাৰ লগতে অসমৰ জাতীয় ঐতিহ্য ক্ষেত্ৰসমূহ ব্যক্তিগতকৰণ কৰাৰ দৰে কাৰ্য্যৰ পৰা চৰকাৰক বিৰত থাকিবলৈ আহ্বান জনাই সংস্থাৰ নেতা উৎপল শইকীয়াই চৰকাৰ এনে কাৰ্য্য পৰিহাৰ নকৰিলে আন্দোলন তীব্ৰতৰ কৰি তোলাৰ সকীয়নি প্ৰদান কৰে।
উল্লেখযোগ্য যে ব্যক্তিকৰণৰ ক্ষেত্ৰত উৰিষ্যা আৰু দিল্লীৰ অভিজ্ঞতা মনত ৰখা ভাল বুলি উল্লেখ কৰি সংগঠনটোৰ ৰাজ্যিক নেতৃত্বই ‘চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্ত কাৰ্য্যকৰী কৰাৰ পৰা বিৰত থকাৰ বাবে চৰকাৰ আৰু বিদ্যুৎ কৰ্তৃপক্ষক দাবী জনোৱাৰ লগতে নৱনিযুক্ত ৰাজ্যিক শক্তি মন্ত্ৰী আৰু মুখ্য মন্ত্ৰীকো বিষয়টোত তৎকালে হস্তক্ষেপ কৰি শ্ৰমিক তথা ৰাইজ বিৰোধী এই ব্যৱস্থা বাতিলৰ বাবে আহ্বান’ জনাইছিল।
ব্যক্তিগতকৰণ নকৰাৰ প্ৰধান দাবীৰ লগতে ‘উপযুক্ত আৰু উন্নত আন্তঃগাঁথনিৰে অস্থায়ী কৰ্মীসকলক তৎকালে স্থায়ীকৰণৰদ্বাৰা বিভাগীয়ভাৱে উপ-আস্থানসমূহৰ লগতে বিতৰণ, উৎপাদন আৰু প্ৰৱহন ব্যৱস্থা শক্তিশালী কৰি তুলিবলৈ’ যোৱা ২ মে’ত সংস্থাৰ সভাপতি ব্ৰজেন বৰি আৰু সাধাৰণ সম্পাদক দীনেশ চন্দ্ৰ গোস্বামীয়ে আহ্বান জনাইছিল।