বৃহস্পতিবাৰৰ দৰে অসম শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চৰ ধৰ্ণাত আজি দ্বিতীয় দিনাৰ বাবেও উত্তাল হৈ পৰে দিচপুৰ লাষ্টগেট ।
বিদ্যালয় প্ৰাদেশীকৰণ আইনৰ বিসংগতি দূৰ কৰি শীঘ্ৰেই বিনা বেতনে বছৰৰ পাছত বছৰ ধৰি সেৱা আগবঢ়াই অহা ৰাজ্যৰ হেজাৰ হেজাৰ শিক্ষক-কৰ্মচাৰীৰ জীৱিকাৰ পথ মোকলাই দিয়াৰ দাবীত দ্বিতীয় দিনাও ধৰ্ণা কাৰ্যসূচী অব্যাহত ৰাখে অসম শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চই।
শুকুৰবাৰে ঐক্যমঞ্চৰ বহু শতাধিক সমৰ্থক-সদস্যই শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ ধ্বনি দি আকাশ-বতাহ কঁপাই তোলে।
উল্লেখযোগ্য যে সংগঠনটোৰ সভাপতি কুশল কুমাৰ হালৈ আৰু সম্পাদক ভুৱনেশ্বৰ লহকৰে কয় যে শিক্ষা মন্ত্ৰীয়ে প্ৰাদেশিকীকৰণ আইন ২০১৭ত বিসংগতিপূৰ্ণ ধাৰা-উপধাৰাসমূহ অন্তৰ্ভুক্ত কৰি অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীৰ প্ৰতি চমৰ অন্যায় কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰাদেশীকৰণ আইন ২০১১ বাতিল কৰাৰ পাছত ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়াটোত আউল লগাই পূৰ্বৰ আইনৰ আধাৰতে বিত্ত বিভাগত থকা প্ৰায় ৩৬ হাজাৰ শিক্ষক-কৰ্মচাৰীক চৰম প্ৰতাৰণা কৰিলে।
অভিযোগ অনুসৰি কংগ্ৰেছ আমোলতো শিক্ষা মন্ত্ৰীৰ দায়িত্ব পালন কৰা ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰাদেশিকীকৰণ আইন ২০১৩ৰ আধাৰত ৮৮৩২খন শিক্ষানুষ্ঠানত কৰ্মৰত ৪১,৬৩৪ গৰাকী শিক্ষক-কৰ্মচাৰীৰ পদ প্ৰাদেশিকীকৰণ কৰি একাংশক ২০১৩ চনৰ জানুৱাৰিত আৰু একাংশক একে বৰ্ষৰে আগষ্ট মাহৰ পৰা কাৰ্যকৰী হোৱাকৈ নিযুক্তি দিয়ে।
বৰ্তমানলৈকে তেওঁলোকে নিয়মীয়াকৈ দা-দৰমহা পাই আছে যদিও একে আইনৰ আধাৰত প্ৰাদেশিকীকৰণ বাবে যোগ্য বিবেচনা কৰি যোগ্যতাৰ তালিকাত চৰকাৰী ৱেবছাইটত প্ৰকাশ কৰা ৬৩১১খন শিক্ষানুষ্ঠানৰ ৩৩,০৮৯ গৰাকী শিক্ষক-কৰ্মচাৰীৰ ভৱিষ্যত আজিও অন্ধকাৰাচ্ছন্ন।
এইসকল শিক্ষক-কৰ্মচাৰীৰ প্ৰাদেশিকীকৰণৰ ফাইল অসম চৰকাৰৰ বিত্ত বিভাগলৈ প্ৰেৰণ কৰাৰ পাছত নতুন প্ৰাদেশিকীকৰণ আইন ২০১৭ৰ অধীনলৈ টানি অনাত বাছনি প্ৰক্ৰিয়াটোৱে ৰঙা ফিটাৰ মেৰপেঁচত সোমাই পৰে।
উল্লেখ্য যে নতুন আইন অনুসৰি শিক্ষানুষ্ঠানৰ চৰকাৰী অনুমতি বা স্বীকৃতি কাৰ্যকৰীকৰণৰ তাৰিখ গ্ৰাহ্য নকৰি অনুমতি বা স্বীকৃতিৰ আদেশ পত্ৰখন ২০০৬ চনৰ ১ জানুৱাৰীৰ পূৰ্বে হ’ব লাগিব। সেয়েহে নতুন চৰ্ত আৰোপ কৰাত পূৰ্বে প্ৰাদেশিকীকৰণৰ বাবে যোগ্যতা অৰ্জন কৰা সত্ত্বেও বিত্ত বিভাগত বৰ্তমানো ওলমি আছে ১৭০০ খন শিক্ষানুষ্ঠান।