ত্ৰিপুৰা আৰক্ষীয়ে আজি এক অভিযান চলাই আগৰতলাৰ দাতিকাষৰিয়া বাংলাদেশ সীমান্তৰ সমীপৰ এ ডি নগৰত অবৈধভাৱে চলাই অহা নিষিদ্ধঘোষিত ক’ফ চিৰাপ প্ৰস্তুতকাৰী এটা কাৰখানা উৎখাত কৰাৰ লগতে ৯জন লোকক আটক কৰে।
এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া অনুসৰি অভিযান চলোৱাৰ সময়ত ধৃত ৯ গৰাকী লোকক কাৰখানাটোত ফেনচিডাইল ক’ফ চিৰাপ ভেজাল কৰি বটলত ভৰাই থকা অৱস্থাত ধৰা পেলায়।
ঠাইখিনিৰ পৰা আৰক্ষীয়ে বৃহত পৰিমানৰ ক’ফ চিৰাপ, খালী বটল, ক’ফ চিৰাপৰ ষ্টিকাৰ আদি উদ্ধাৰ কৰে।
উল্লেখযোগ্য যে ফেনচিডাইল ক’ফ চিৰাপৰ প্ৰচলন ত্ৰিপুৰাত নিষিদ্ধ কিন্তু নিচাসক্তিৰ উদ্দেশ্যে বাংলাদেশ সীমান্তত ইয়াৰ প্ৰচুৰ প্ৰচলন হয়।
লোককেইজনক আটক কৰি সম্প্ৰতি আৰক্ষীয়ে ক’ফ চিৰাপসমূহৰ উৎস আৰু এই অবৈধ ব্যৱসায়ৰ সৈতে জড়িত বাকী সদস্যসকলৰ সন্ধানত জেৰা চলাই আছে।