কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ সভাপতিৰ নাম আজি ঘোষণা কৰা হ’ব। কেৱল এজনে এই পদটোৰ বাবে মনোনয়ন দাখিল কৰাৰ পৰিপ্ৰেক্ষিতত সভাপতিৰ কেৱল নাম ঘোষণাৰ আনুষ্ঠানিকতাহে বাকী। উল্লেখযোগ্য যে কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ প্ৰাক্তন কাৰ্য্যবাহী সদস্য লংকি তিমুং হ’ল মনোনয়ন দাখিল কৰা একমাত্ৰ প্ৰাৰ্থী। তিমুঙে ২৪ জুলাইত কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ সভাপতি পদটোৰ বাবে পৰিষদৰ উপ-সচিব বীৰচিং ইংতিৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰিছিল। কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু আন আন সদস্যসকলেও তিমুঙক মনোনয়ন পত্ৰ দিয়াৰ সময়ত সংগ দিছিল।
উল্লেখযোগ্য যে কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ সভাপতিৰ পদটো যোৱা ৩ জুলাইৰ পৰাই খালী হৈ আছে। ৩ জুলাইত পৰিষদৰ সদস্য হৰেনচিং বেই সভাপতি পদটোৰ পৰা ব্যক্তিগত কাৰণৰ দোহাই দি পদত্যাগ কৰিছিল।
ব্যক্তিগত কাৰণৰ কথা ক’লেও এটা বিশেষ সূত্ৰই কয় যে তেওঁক আন দুজনৰ সৈতে পৰিষদৰ কাৰ্য্যবাহী সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হ’ব বুলি সেউজ সংকেত পোৱাৰ পিছতহে এই পদত্যাগৰ সিদ্ধান্ত লৈছিল। আন দুজন সদস্য হ’ল মংগলচিং তিমুং আৰু লুনচিং তেৰন।
এটা সূত্ৰই কোৱামতে, মুখ্য কাৰ্য্যবাহী আৰু অসম চৰকাৰৰ মন্ত্ৰী চুম ৰংহাঙৰ মাজত চলি থকা শীতল যুদ্ধৰ বাবেই লুনচিং তেৰনক কাৰ্য্যবাহী সদস্য নিৰ্বাচন কৰাত পলম হ’ল। জানিব পৰামতে, লুনচিং তেৰনক কাৰ্য্যবাহী সদস্য পদ দিয়াটো চুম ৰংহাঙে সমৰ্থন কৰি আহিছিল।
কাৰ্বি আংলঙৰ ৰাজনৈতিক বিশ্লেষকে এই মত আগ বঢ়াইছে যে পৰষদৰ সদস্য লংকি তিমুঙক সভাপতিৰ বাবে মনোনীত কৰাৰ আঁৰত পাহাৰীয়া জিলাখনত বিজেপিৰ ৰাজনৈতিক সমীকৰণ আছে। ইয়াৰ জৰিয়তে লোকসভা নিৰ্বাচনৰ আগে আগে লংকি তিমুঙৰ অসন্তুষ্ট সমৰ্থকক কিছু মেনেজ কৰাৰ চেষ্টা কৰা হৈছে।