আজি ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ স্মৃতি দিৱস উপলক্ষে সমগ্ৰ অসমবাসীয়ে তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্বাধীনতা সংগ্ৰামী তথা অসম হিতৈষী নেতাজনৰ স্মৃতিত ৰাইজে আনুষ্ঠানিকভাৱে শ্ৰদ্ধা নিবেদিছে।
আনহাতে, অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৬৮ তম মৃত্যু বাৰ্ষিকীৰ উপলক্ষে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত শিলপুখুৰী নৱগ্ৰহ শ্মশানৰ সমীপৰ লোকপ্ৰিয়ৰ সমাধি স্থলীত আজি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়।
এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যৰ শিক্ষা, আইন আৰু ন্যায় তথা গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই লোকপ্ৰিয়ৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মন্ত্ৰী ভট্টাচাৰ্যই তেওঁৰ ভাষণত পিতৃ গৌৰীশংকৰ ভট্টাচাৰ্যৰ লেখাৰ উদ্ধৃতি দি কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পিছতে বৃহত্তৰ অসমীয়া জাতি গঠনত লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে মুখ্য ভূমিকা গ্ৰহণ কৰিছিল।
তেওঁ কয় যে মুছলীম লিগৰ চক্ৰান্তত অসমক পাকিস্তানৰ অন্তৰ্ভুক্ত কৰাৰ বাবে লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰি বৰদলৈয়ে মহাত্মা গান্ধীৰ আশীৰ্বাদত সংগ্ৰামৰ মাজেৰে অসমক ভাৰতবৰ্ষৰ ভিতৰতে ৰাখিবলৈ সক্ষম হৈছিল বুলি উল্লেখ কৰি মন্ত্ৰী ভট্টাচাৰ্যই কয় যে সেই সময়ৰ কংগ্ৰেছ নেতৃত্বৰ বহুতেই বিষয়টোৰ গুৰুত্ব বুজি পাবলৈ সক্ষম হোৱা নাছিল।
ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে লোকপ্ৰিয়ৰ স্মৃতি সৌধত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে। মন্ত্ৰীগৰাকীৰ সৈতে মুক্তিযোদ্ধা যতীন গোস্বামী আৰু ৰমেশ শৰ্মা, উপায়ুক্ত বীৰেন্দ্ৰ মিট্টাল, প্ৰাক্তন মন্ত্ৰী বিৰাজ শৰ্মা, লোকপ্ৰিয়ৰ পুত্ৰদ্বয় ৰবীন বৰদলৈ আৰু বলিন বৰদলৈকে ধৰি জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী আৰু উপস্থিত ৰাইজে লোকপ্ৰিয়ৰ স্মৃতিসৌধত পুষ্পাঞ্জলি অৰ্পণ কৰে।
ইয়াৰ পিছতে অনুষ্ঠিত সৰ্বধৰ্ম প্ৰাৰ্থনা সভাত ক্ৰমে উজান বজাৰ জামে মছজিদৰ ইমাম মঃ মইনুল হকে কোৰান, পাণবজাৰ বেপ্টিষ্ট গীৰ্জাৰ আচাৰ্য কোষেশ্বৰ গগৈয়ে বাইবেল,পাণ্ডু বৌদ্ধ বিহাৰৰ ক্ষমানন্দ ভীক্ষুৱে ত্ৰিপিটক, ফাঁচী বজাৰ গুৰুদ্বাৰাৰ গিয়ানী মনজিৎ সিঙে গ্ৰন্থ চাহেব আৰু শৰণীয়া কস্তুৰবা গান্ধী স্মাৰকন্যাসৰ সেৱিকা বৃন্দই গীতা পাঠৰ লগতে ৰামধুণ পৰিবেশন ক





