‘ক্রীড়াই মানুহক সু-শৃংখলাবদ্ধ হ’বলৈ শিকায়। সুস্বাস্থ্যৰ অধিকাৰী হোৱাৰ সুযোগ প্ৰদান কৰে আৰু মানৱতাবোধেৰে আগবাঢ়ি যোৱাৰ বাবে শক্তি প্ৰদান কৰে। আমাৰ চাহ বাগিচা সমূহৰ নৱ প্ৰজন্মৰ যথেষ্ট প্ৰতিভা আছে আৰু সেই প্ৰতিভাসমূহ বিচাৰি উলিয়াই ৰাজ্যৰ ক্ৰীড়া জগতখনক আগুৱাই নিয়াৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে।’ আজি চাহ জনজাতি কল্যাণ বিভাগৰ উদ্যোগত আৰু যুৱ কল্যাণ বিভাগৰ সহযোগত যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত ‘আন্তঃচাহ বাগিচা মুখ্য মন্ত্ৰী কাপ ফুটবল প্ৰতিযোগিতা’ৰ চূড়ান্ত খেল উপলক্ষে আযোজিত সভাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি মুখ্য মন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত এইদৰে কয়।
ইফালে আন্তঃচাহ বাগিচা মুখ্য মন্ত্ৰী কাপ ফুটবল প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখন কোকৰাঝাৰ ডিব্ৰুগড়ৰ মাজত অনুষ্ঠিত হয়। প্ৰতিযোগিতাখনত কোকৰাঝাৰ দলে ৩-১ গ’লৰ ব্যৱধানত ডিব্ৰুগড় দলক পৰাস্ত কৰি বিজয়ীৰ খিতাপ দখল কৰে।
আনাতে মুখ্য মন্ত্ৰী গৰাকীয়ে ৰাজ্যখনৰ ৭৫০ খন চাহ বাগিচাত থকা প্ৰতিভা সম্পন্ন খেলুৱৈসকলক চিনাক্ত কৰি এক প্ৰতিযোগিতামুখী মানসিকতাৰে আগবঢ়াই নিয়াৰ ওপৰত ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ কৰিছে বুলি কয়।
লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে চাহ বাগিচা, চৰ এলেকা আৰু গ্ৰামাঞ্চলৰ প্ৰতিভাসমূহ বিকাশৰ এক পৰিৱেশ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে ৫০০ খন খেলপথাৰ নিৰ্মাণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে বুলিও কয়।
সভাৰ অৰম্ভণিতে সাংসদ কামাখ্যা প্ৰসাদ তাছাই আদৰণি ভাষণ প্ৰদান কৰে। শ্ৰম, ৰাজহ, শক্তি দপ্তৰৰ মন্ত্ৰী পল্লৱ লোচন দাসে ভাষণ প্ৰসংগত ফুটবল অকাডেমী আৰু আৰ্চাৰী অকাডেমী স্থাপনৰ বাবে লোৱা পদক্ষেপৰ কথাও সদৰী কৰে।
আজিৰ অনুষ্ঠানত বিধায়ক তপন গগৈ, ভৱেন ভৰালী, যোগেন মহন, কুশল দুৱৰী, তেৰচ গোৱালা, কৃষি বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য কমল মল্ল বুজৰবৰুৱা, চাহ উদ্যোগী প্ৰবাত বেজবৰুৱা প্ৰমুখ্যে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।
আনহাতে মুখ্য মন্ত্ৰী গৰাকীয়ে খেলৰ অৰম্ভণীতে চূড়ান্ত খেলখনত অৱতীৰ্ণ হোৱা কোকৰাঝাৰ আৰু ডিব্ৰুগড় দল দুটাৰ খেলুৱৈ সকলক শুভেচ্ছা জ্ঞাপন কৰে।