• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আব্দুল হামিদে এজনো অবৈধ বাংলাদেশী নাই বুলি মুখৰ আগতে কোৱাৰ পিছতো মুখ্য মন্ত্ৰী সোণোৱাল মৌন হৈ থকাটো লজ্জাজনক : হিন্দু যুৱ ছাত্ৰ পৰিষদ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 17, 2018 4:20 pm
BishwaHinduParishad
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনৰ সময়ত অসমত অবৈধ বাংলাদেশীৰ অনুপ্ৰৱেশে সৃষ্টি কৰা সমস্যাকে মূল সমস্যা হিচাপে চিহ্নিত কৰা বিজেপি দলৰ মিত্ৰজোঁটৰ চৰকাৰখনৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এতিয়া বিষয়টোত মৌনতা অৱলম্বন কৰাক আজি ধিক্কাৰ দিলে হিন্দু যুৱ ছাত্ৰ পৰিষদে। সংগঠনটোৱে কয় যে বাংলাদেশৰ ৰাষ্ট্ৰপতি আব্দুল হামিদে মুখৰ আগতে অসমত এজনো বাংলাদেশী নাই বুলি কোৱাৰ পিছতো জাতীয় নায়ক খ্যাত সৰ্বানন্দ সোণোৱাল মনে মনে থকাটো লাজৰ কথা।

গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদ মেলৰ আয়োজন কৰি আজি সংগঠনটোৰ ৰাজ্যিক নেতৃত্বই কয় যে যোৱা ৮ মাৰ্চৰ দিনা বাংলাদেশৰ ৰাষ্ট্ৰ প্ৰধান আব্দুল হামিদ অসমলৈ আহোতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সন্মুখতে অসমত এজনো বাংলাদেশী নাই বুলি কোৱাৰ পিছতো মুখ্য মন্ত্ৰীগৰাকীয়ে কোনো মাত নমতাটো লজ্জাজনক কথা। সংবাদমেলখনত সংগঠনটোৰ সভাপতি বলেন বৈশ্যই কয়, “বাংলাদেশৰ ৰাষ্ট্ৰ প্ৰধান আব্দুল হামিদ মহানগৰীলৈ অহাৰ সময়ত আমি হিন্দু যুৱ ছাত্ৰ পৰিষদে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ ৰাজপথত তেওঁৰ প্ৰতিকৃতি দাহ কৰিছিলো।”

Apply Now

বাংলাদেশে সুদীৰ্ঘ ৭০ বছৰ কাল বেদখল কৰি ৰখা ৰংপুৰ, ছিটাগং আৰু শ্ৰীহট্ট জিলা খালী কৰা, বাংলাদেশত থকা হিন্দু বাংলাদেশীসকলক অত্যাচাৰ বন্ধ কৰাৰ লগতে ভাৰতলৈ বিতাড়নৰ প্ৰক্ৰিয়া বন্ধ কৰা, ভাৰতত থিতাপি লৈ থকা বাংলাদেশৰ হিন্দু, বৌদ্ধ, খ্ৰীষ্টান আৰু অন্যান্য ইছলাম-ভিন্ন লোকসকলৰ সংস্থাপনৰ বাবে বাংলাদেশে প্ৰয়োজনীয় মাটি ভাৰতক এৰি দিয়া, ভাৰতত অনুপ্ৰৱেশ কৰা বাংলাদেশী মুছলমানসকলক তৎকালে ওভতাই নিয়া আদি দাবীসমূহ লৈ সেই দিনটোত প্ৰতিবাদ সাব্যস্ত কৰা বুলি তেওঁ এই সংবাদমেলৰ জৰিয়তে  জানিবলৈ দিয়ে।

তদুপৰি হিন্দু যুৱ ছাত্ৰ পৰিষদৰ নেতাজনে ক্ষোভ প্ৰকাশ কৰি কয় “গণতান্ত্ৰিকভাৱে আমি এই প্ৰতিকৃতি দাহ কাৰ্য্যসূচী ৰূপায়ণ কৰিছিলো যদিও হঠাৎ আৰক্ষী বাহিনীয়ে মোৰ লগতে সাধাৰণ সম্পাদক দীপাংকৰ গোহাঁই সহিতে সাতজন নেতা-কৰ্মীক আটক কৰি চোচোৰাই গাড়ীত উঠাই নিয়ে।”

আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে দিছপুৰ থানাত এক গোচৰ ৰুজু কৰিছিল যদিও তেওঁলোকক নিশাটো হাতীগাওঁ থানাত ৰখা বুলি সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে।

আনহাতে আজিৰ সংবাদমেলত সভাপতিগৰাকীয়ে তেওঁলোকক সোধা-পোছা কৰাৰ নামত আৰক্ষীৰ উচ্চপদস্থ বিষয়াই নিৰ্মম অত্যাচাৰ চলোৱাৰ গুৰুতৰ অভিযোগ তোলাৰ লগতে তেওঁলোকক দাগী অপৰাধীৰ দৰে হাতত হাতকেৰেয়া লগাই আদালতলৈ নিয়া বুলি মন্তব্য কৰে।

তদুপৰি তেওঁ উল্লেখ কৰা অনুসৰি তেওঁলোকক ৯ মাৰ্চৰ পৰা ১৫ মাৰ্চলৈকে কাৰাগাৰত ৰখা হৈছিল।

সভাপতিগৰাকীয়ে কয়, “আমি অসমৰ জ্বলন্ত সমস্যাৰ ওপৰত মাত মাতিলেই আমাৰ ওপৰত শাসকপক্ষৰ আতিশয্য নামি আহে। আমাৰ ওপৰত ৰাষ্ট্ৰবাদী বুলি দাবী কৰা বিজেপি চৰকাৰে যি আতিশয্য চলালে সেই আতিশয্যই ৰাজ্যৰ সভ্য সমাজক হতবাক কৰিছে।

লক্ষণীয় যে আজিৰ সংবাদমেলৰ জৰিয়তে সভাপতিগৰাকীয়ে ভাৰতৰ সেনা প্ৰধান বিপিন ৰাওটে অবৈধ বাংলাদেশীৰ আগ্ৰাসনৰ ওপৰত কৰা মন্তব্য আৰু আব্দুল হামি়দে অসমত এজনো বাংলাদেশী নাই বুলি কৰা মন্তব্যৰ কোনটো সত্য সেয়া স্পষ্ট কৰাৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক দাবী জনায়।

ইয়াৰোপৰি সুকুমাৰ বিশ্বাসে কৰা মন্তব্য সন্দৰ্ভত নৰ্থ-ইষ্ট নাওক কয়, “তেওঁলোকে যি প্ৰতিবাদ  কৰিব লগীয়া আছে সেয়া বাংলাদেশ চৰকাৰৰ সন্মুখত গৈ কৰক। তেওঁলোকে বাংলাদেশৰ পৰা খেদা খাই আহি অসমৰ খিলঞ্জীয়াৰ সন্মুখত দাদাগিৰি কৰাৰ অধিকাৰ নাই।”
উল্লেখযোগ্য যে অলপতে সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেইশ্যনৰ মুখ্য উপদেষ্টা সুকুমাৰ বিশ্বাসে হিন্দু বাংলাদেশীৰ বিষয়ত অসমৰ কোনো দল সংগঠনৰ মাত মতাৰ অধিকাৰ নাই বুলি কোৱাৰ লগতে সংবাদ মাধ্যমৰ আগত আন কিছুমান বিতৰ্কিত মন্তব্য কৰিছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

June 30, 2026 8:53 pm
হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

June 30, 2026 8:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd