• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

আমি কিমান অসমীয়া, কেনেকুৱা অসমীয়া হৈ আছোঁ?

শিৱজিত দত্ত by শিৱজিত দত্ত
September 5, 2018 1:49 pm
Assamese-fest
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এচাম মানুহ কিহৰ ভিত্তিত এটা জাতি হৈ থাকে? যি যি ভিত্তিত জাতি হয়, সেই সেই ভিত্তিবোৰ ক্ৰমাৎ নিশকতীয়া বা নাইকিয়া হ’ব ধৰিলে জাতি এটা সবল হৈ থাকিবনে বা জীয়াই থাকিবনে? অসমত এচাম মানুহক অসমীয়া বোলা হয়। কি কি ভিত্তিত বা কি কি উমৈহতীয়া বৈশিষ্ট্যৰ আধাৰত আমি তেওঁলোকক অসমীয়া বুলি অভিহিত কৰোঁ? এই উমৈহতীয়া বৈশিষ্ট্যবোৰৰ সংখ্যা আৰু গুণ আজিও তাহানিৰ দৰে একেই আছেনে? নে অসমীয়া এক নিৰ্মীয়মাণ জাতি, যাৰ বৈশিষ্ট্যৰ সংহতিটো আজিও সুনিশ্চিত হোৱা নাই?

এটা কথা খাটাং যে আধুনিক ‘জাতি’ৰ ধাৰণা ইউৰোপত উদ্ভূত। এক নিৰ্দিষ্ট ভাষা, এক নিৰ্দিষ্ট ভূখণ্ড আৰু এক উমৈহতীয়া সংস্কৃতিকে উক্ত জাতিৰ আধাৰ বুলি গ্ৰহণ কৰা হৈছিল। ভাৰতৰ দৰে বহুভাষিক আৰু বিচিত্ৰ সংস্কৃতি থকা ৰাষ্ট্ৰৰ ক্ষেত্ৰত ইউৰোপীয় জাতিৰ ধাৰণা পোনচাটেই প্ৰয়োগ কৰিব নোৱাৰি। ইয়াত নিৰ্দিষ্ট ভূখণ্ডৰ লগতে উমৈহতীয়া ইতিহাস, উমৈহতীয়া স্বাধীনতা আন্দোলন, অন্যান্য উমৈহতীয়া কাৰ্যসূচী, এক উমৈহতীয়া শাসন-ব্যৱস্থা আদিকহে চাগৈ জাতিৰ আধাৰ হিচাপে ল’ব লাগিব। কিন্তু, ভাৰতৰ ভিতৰতে ইউৰোপীয় আৰ্হিৰে ভাষাৰ ভিত্তিত ৰাজ্য পুনৰ্গঠন কৰি আঞ্চলিক জাতিবোৰক স্বীকৃতি দিয়া হৈছিল। এই আঞ্চলিক জাতিবোৰৰ ক্ষেত্ৰত এক নিৰ্দিষ্ট ভাষাৰ লগতে এক নিৰ্দিষ্ট ভূখণ্ড আৰু এক উমৈহতীয়া সংস্কৃতিৰ প্ৰসংগটোও বুনিয়াদী বিষয় হৈ পৰিছে। সাধাৰণতে এনে আঞ্চলিক জাতিৰ আলোচনাত নিৰ্দিষ্ট ভূখণ্ডৰ প্ৰসংগতকৈ নিৰ্দিষ্ট ভাষা আৰু নিৰ্দিষ্ট সংস্কৃতিৰ প্ৰসংগই অধিক গুৰুত্ব পোৱা দেখা যায়। এই দুটাৰ ভিতৰতো প্ৰধান গুৰুত্ব পায় ভাষাই। উদাহৰণস্বৰূপে, অসমত অসমীয়া ভাষিক পৰিচয় নথকাসকলক ‘অসমীয়া’ বোলা নহয়, তেওঁলোক ‘অসমবাসী’ হোৱা সত্ত্বেও।

Apply Now

তেন্তে আমি ক’ব পাৰোঁ যে এক বিশেষ ভাষা আৰু সংস্কৃতিৰ জোৰতে এচাম মানুহ অসমীয়া হৈ আছে- এইকথা মনত ৰাখিও যে সকলো সংস্কৃতিৰ ক্ষেত্ৰতে পৰিৱৰ্তন এক এৰাব নোৱৰা ধৰ্ম। প্ৰশ্ন হৈছে, এই অৰ্থত যাক যাক অসমীয়া বোলা হয়, তেওঁলোক আজিৰ তাৰিখত সংজ্ঞা অনুসৰি কিমান অসমীয়া বা কেনেকুৱা অসমীয়া হৈ আছে?

ভাষাৰ ফালে চাওক। ইংৰাজী মাধ্যমত পঢ়ি অসমীয়াক নেওচা দিয়াৰ ফলত আজি ইমান বেছি সংখ্যক অসমীয়া মানুহৰ ল’ৰা-ছোৱালীয়ে অসমীয়া ভালকৈ লিখিব আৰু পঢ়িব নোৱৰা হৈ গৈ আছে যে তেওঁলোকে তেওঁলোকৰ পৰৱৰ্তী প্ৰজন্মক যে অসমীয়াৰ পৰা সম্পূৰ্ণ নিলগাই লৈ যাব, সেইকথা একপ্ৰকাৰ খাটাং। অৰ্থাৎ দুটামান প্ৰজন্মৰ পিছতে অসমীয়াৰ পাঠক এনেভাৱে কমি যাব বুলি আশংকা হয় যে কোনো লেখকৰে অসমীয়াত লেখা-মেলা কৰাৰ স্পৃ্হা থাকিব বুলি ভাবিব নোৱাৰি। পঢ়ুৱৈৰ অভাৱত হয়তো অসমীয়া কাকত-আলোচনী, পুথি আদিৰ প্ৰকাশ নাইকিয়া হৈ পৰিব।

এটা সময়লৈ হয়তো অসমীয়া নিছক এক মৌখিক ভাষা হৈ থাকিব পাৰে, অসমীয়া টিভি চেনেলকেইটামানো কিছুকাল চলি থাকিব পাৰে। কিন্তু, পিছলৈ তাৰো মুদা মৰাৰ আশংকা নথকা নহয়।

প্ৰশ্ন হয়, অসমীয়া লিখিব, পঢ়িব আৰু ক’ব নোৱৰা মানুহবোৰক অসমীয়া বুলিব পৰা যাবনে? আজিও যিসকলে লিখা-পঢ়াতো বাদেই, ভাষাটো হিন্দী-ইংৰাজীৰ সহায় অবিহনে ভালকৈ ক’বও নোৱাৰে, তেওঁলোক কিমান অসমীয়া?

সংস্কৃতিৰ ক্ষেত্ৰত একা?

অসমীয়া মানুহৰ বেশ-ভূষাত অসমীয়াত্ব কিমান বৰ্তমান? কিছু কিছু মহিলাই যেনিবা সকলো ক্ষেত্ৰত আৰু আন আন মহিলাই যেনিবা কিছু কিছু ক্ষেত্ৰত অসমীয়া জাতীয় সাজ পৰিধান কৰে। কিন্তু, পুৰুষৰ ক্ষেত্ৰত সেইটোৱো নেচেল। খুব বেছি পূজাই-সকামে ধূতিখন আনে পিন্ধাই দিলে পিন্ধে কোনোমতে।

অসমীয়া খাৰলি-কাহুঁদি, টেঙা-খাৰৰ আঞ্জা আজি কিমানৰ নিয়মিত খাদ্য? আজিৰ প্ৰজন্মৰ বহুতেইতো পোলাও, চাওমিন, পিজ্জা, নানৰ স্বাদ-বৈচিত্ৰ্যৰ মাজতে নিমজ্জিত আৰু দ্ৰৱীভূত!

পথাৰৰ বিহু সম্পূৰ্ণ নিঃশেষ হৈ মঞ্চত তাৰ ৰূপান্তৰিত জীৱন যাপন কৰিব লাগিছে। কিন্তু, বিহুৱা অসমীয়াতো আজি ব’ল ব’মৰ পদযাত্ৰাতো চামিল! লোকনৃত্য নাচিব নোৱৰা আজিৰ প্ৰজন্মৰ বহুতেইতো চাৰ্কাচ-সুলভ এবিধ নাম-গোত্ৰহীন নৃত্যত ‘মাহিৰ’ হৈ উঠিছে।

আৰু তাহানিৰ, আমাৰ শৈশৱ আৰু কৈশোৰৰ, খিচা গীত, পানী তোলা গীত আদিৰে বিচিত্ৰ-সম্ভাৰ-সমৃদ্ধ বিয়ানামবোৰ আৰু বিয়াবোৰ কেনি গ’ল?

অসমীয়া ভাষা নজনা, অসমীয়া খাদ্য নোখোৱা, অসমীয়া পোচাক নিপিন্ধা, অসমীয়া নৃত্য নজনা, অসমীয়া বুৰঞ্জী-ভূগোল-সাহিত্যৰ সৈতে সম্পূৰ্ণ অচিনাকি অথচ ‘অসমীয়া’ লেবেলখন থকা অসমীয়াবোৰ কিমান অসমীয়া আৰু কেনেকুৱা অসমীয়া?

বিশ্বায়নৰ পৰিৱেশত কোনো আজি সম্পূৰ্ণ আছুতীয়া হৈ থাকিব নোৱাৰে– অন্য ভাষা-সংস্কৃতিৰ প্ৰভাৱ আৰু স্পৰ্শ পৰিবই, লাগিবই, থাকিবই। কিন্তু, বহু ‘অসমীয়া’ই দুৱাৰ-খিৰিকী খুলি ৰখাৰ পৰিৱৰ্তে যিদৰে ঘৰৰ চৌবেৰ উঠাই দিব ধৰিছে, সিয়ে অসমীয়াক এক ‘অসমীয়াহীন’ জাতিত পৰিণত নকৰিবনে? অসমীয়াক বিলুপ্ত জাতিত পৰিণত নকৰিবনে?

লেখক ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক

শিৱজিত দত্ত

শিৱজিত দত্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd