• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ-পূব ঔদ্যোগিক আঁচনিখনক ‘কণা হাঁহক পতান’ আখ্যা দিলে প্ৰদ্যুৎ বৰদলৈয়ে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 23, 2018 10:07 pm
PradyutBordoloi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি নেতৃত্বাধীন চৰকাৰে অলপতে ঘোষণা কৰা উত্তৰ-পূব ঔদ্যোগিক আঁচনিখনৰ বাস্তৱ মূল্যক এক প্ৰকাৰৰ নসাৎ কৰি আঁচনিখনক ‘কণা হাঁহক পতান’ আখ্যা দিলে প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈয়ে।

‘মিথ্যাচাৰ আৰু আশ্বাস প্ৰদান কৰি মোদী চৰকাৰে ২০১৪ চনৰে পৰা উত্তৰ-পূৰ্বাঞ্চলক কেৱল প্ৰতাৰণা কৰি আহিছে। উত্তৰ-পূব ঔদ্যোগিক আঁচনিৰ জৰিয়তে বিজেপিয়ে কোনো গুণগত পৰিৱৰ্তন সাধন কৰিব নোৱাৰে। বিজেপি চৰকাৰে আমাক ধান বুলি পতানহে দিলে।‘ আজি ৰাজীৱ ভৱনত এখন সংবাদ মেলৰ আয়োজন কৰি প্ৰাক্তন উদ্যোগ তথা শক্তি মন্ত্ৰী প্ৰদ্যুত বৰদলৈয়ে এই মন্তব্য কৰে।

Apply Now

এই সন্দৰ্ভত তেওঁ বিস্তৃতভাৱে কয়, ‘মোদী নেতৃত্বাধীন কেন্দ্ৰীয় বিজেপি চৰকাৰখনে এফালে উত্তৰ-পূৰ্বাঞ্চলক ‘অষ্টলক্ষ্মী’ হিচাপে পোহৰাই তোলাৰ প্ৰতিশ্ৰুতি দিলে, আনফালে ২০০৭ চনৰ পৰা চলি অহা এন ই আই আই আঁচনিখন বন্ধ কৰি দিলে। তদুপৰি তেওঁলোকে উত্তৰ-পূৰ্বাঞ্চলে ইমান দিনে লাভ কৰি অহা বিশেষ ৰাজ্য আৰু অঞ্চলৰ মৰ্য্যাদা কৰ্তন কৰিলে।‘

তদুপৰি বিজেপি চৰকাৰে উত্তৰ-পূবৰ ঔদ্যোগিক বিকাশৰ বাবে গ্ৰহণ কৰা আঁচনিখন কম পৰিসৰৰ বুলি কোৱাৰ লগতে ইয়াক ললিপপ আখ্যা দি বৰদলৈয় কয়, ‘এইখন এখন অতি সীমিতভাৱে প্ৰস্তুত কৰা উদগনিমূলক দুৰ্বল আঁচনি, ই কোনোপধ্যেই উত্তৰ-পূৰ্বাঞ্চলক বিনিয়োগকাৰীসকলৰ বাবে আকৰ্ষণীয় ক্ষেত্ৰ হিচাপে গঢ়ি তুলিব নোৱাৰে। ললিপপে যিদৰে স্বাস্থ্যবৰ্ধকৰ কাম কৰিব নোৱাৰে মোদী চৰকাৰৰ এই আঁচনিখনেও উত্তৰ-পূবৰ বাবে বিশেষ কোনো ভূমিকা গ্ৰহণ কৰিব নোৱাৰে। অসম চৰকাৰে কোটি কোটি টকাৰ শ্ৰাদ্ধ কৰি অনুষ্ঠিত কৰা এডভাণ্টেইজ আছাম মহোৎসৱত ১ লাখ কোটি টকা বিনিয়োগ হ’ব বুলি কৰা প্ৰচাৰ আৰু প্ৰশংসা  এন ই আই ডি এছৰ যোগেদিয়েই প্ৰতিফলিত হৈ পৰিল। ই দশকটোৰ বাবেই নিষ্ঠুৰ কৌতুক হিচাপে বিবেচিত হ’ল।’

ইয়াৰোপৰি প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ চৰকাৰৰ দিনতে প্ৰৱৰ্তিত এন ই আই আই পি পি নীতিখনৰ প্ৰশংসা কৰি কয়, ‘ এই আঁচনিখনৰ জৰিয়তে অসমলৈ অভূতপূৰ্ব বিনিয়োগ অসমলৈ হৈছিল। ইয়াৰ ভিতৰতে গেছ ক্ৰেকাৰ প্ৰকল্পটোও সনিৱিষ্ট হৈ আছিল। এই নীতিৰ অধীনত গেছ ক্ৰেকাৰ প্ৰকল্পটোত কেন্দ্ৰীয় ৰাজসাহায্য দিয়া হৈছিল। লগতে বিশেষভাৱে কিছু সুবিধাও এই আঁচনিৰ অধীনত ধাৰ্য্য কৰা হৈছিল। ২০০৭ চনৰ পৰা ২০১৫ চনলৈকে এই নীতিৰ অধীনত অসমে যিমানখিনি সাহায্য লাভ কৰি আছিল সেই কথা বৰ্তমান সৰ্বানন্দ সোণোৱাল আৰু চন্দ্ৰমোহন পাটোৱাৰীয়ে স্বীকাৰ কৰিবলৈ বাধ্য।‘

লগতে তেওঁ কয় ‘পূৰ্বতে আয় কৰ ১০০ শতাংশ হোৱাৰ বিপৰীতে এই নীতিৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰে বৰ্তমান জি এছ টি মাত্ৰ ৫৮ শতাংশহে প্ৰদান কৰিব।‘

তাৎপৰ্য্যপূৰ্ণভাৱে সেৱাখণ্ডইহে দ্ৰুতগতিত সংস্থাপন দিয়াত বেছি ভূমিকা লয় বুলি কৈ তেওঁ কয় যে বিজেপি চৰকাৰে এই সেৱাখণ্ডটো সম্পূৰ্ণৰূপে বাদ দি দিলে আৰু তাৰ বিপৰীতে উৎপাদন খণ্ডৰ ওপৰতহে বেছিকৈ গুৰুত্ব আৰোপ কৰা বুলি তেওঁ উক্ত সংবাদমেল যোগে সদৰী কৰে।

ইয়াৰোপৰি তেওঁ কয়, ‘উত্তৰ-পূব উদ্যোগ নীতিৰ জৰিয়তে পূৰ্বতে ১০০ শতাংশ সাহায্য থকাৰ বিপৰীতে ২০ শতাংশহে প্ৰদান কৰিছে। পূৰ্বৰ নীতিত কোনো এটা উদ্যোগৰ ক্ষেত্ৰত সৰ্বোচ্চ  ১০০০ কোটিৰ বিপৰীতে ৩০ শতাংশ দিয়াৰ কথা উল্লেখ আছিল। কিন্তু তাৰ বিপৰীতে বৰ্তমান বিজেপি চৰকাৰে এটা উদ্যোগৰ বাবত সৰ্বোচ্চ ৫ কোটি টকাহে ধাৰ্য্য কৰিলে।‘

আনহাতে, উক্ত সংবাদমেলতে কংগ্ৰেছৰ উপ-সভাপতিগৰাকীয়ে পঞ্চায়ত নিৰ্বাচনৰ বাবে দলীয়ভাৱে ৰাজ্যৰ চুকে-কোণে প্ৰস্তুতি চলাই থকা বুলি মন্তব্য কৰে। তেওঁ কয় যে বিজেপি চৰকাৰে শংকাত ভুগিহে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰা নাই। পঞ্চায়ত নিৰ্বাচন অতি সোনকালে অনুষ্ঠিত কৰিবৰ বাবে নিৰ্বাচন আয়োগক প্ৰাক্তন মন্ত্ৰীজনে আহ্বান জনায়।

অনিল ৰাজা আৰু ৰকিবুল হুছেইনৰ বাকযুদ্ধ সম্পৰ্কেও বৰদলৈয়ে মন্তব্য দিয়ে সাংবাদিকৰ আগত। তেওঁ কয়, ‘এই বিষয়টোক লৈ মই খুবেই লজ্জিত। এই বাকযুদ্ধই আমাৰ দলটোক আঘাত দিছে। এনেকুৱা ধৰণৰ বিতৰ্ক দলৰ ভিতৰছোৱাত হোৱাটো সমীচীন নহয়। ভবিষ্যতে এনেকুৱা ধৰণৰ সতিনীৰ নাক কাটি যাত্ৰা ভংগ কৰা কাৰ্য্যবোৰ যাতে সংঘটিত নহয় সেয়াই আশা কৰিছো।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd