ভাৰতীয় সংবিধানে অনুসূচিত জাতি-জনজাতিসকলক যি সুবিধা দিছে তাক উলংঘা কৰি উত্তৰ-পূব ৰেইলৱেত অসাংবিধানিকভাৱে নিযুক্তি পক্ৰিয়া চলি আছে। আজি গুৱাহাটী প্ৰেছ ক্লাৱত এই অভিযোগ আনে নিখিল ভাৰত অনুসূচিত জাতি-জনজাতি ৰেইলৱে কৰ্মচাৰী সন্থাৰ ১০ টা জ’নৰ জ’নেল সম্পাদক তাৰিণী চন্দ্ৰ দাসে।
তাৎপৰ্য্যপূৰ্ণভাৱে দিল্লীৰ ৰেইলৱে মুখ্য কাৰ্য্যালয়ৰ পৰা এই অন্যায়টো হৈ আছে বুলি ভাৰতীয় ৰেইল সেৱাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তোলাৰ লগতে ইয়াৰ এক সঠিক সমাধানো দাবী কৰে।
দাসে কয়, ‘যদি অনুসুচিত জাতি-জনজাতিৰ সুবিধাসমূহ ৰাখিব নিবিচাৰে তেন্তে সংসদত এই সুবিধাসমূহেই কৰ্তন কৰি দিব লাগে, তাত আমাৰ ক’বলগীয়া একো নাই। কিন্তু কৰ্তন নকৰাকৈ কৌশলগতভাৱে আমাৰ প্ৰাৰ্থীখিনিৰ যদি মুখৰ ভাত কাঢ়ি নিয়ে তেন্তে আমি বিৰোধীতা কৰিমেই।‘
গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশনা অনুসৰি অসম অনুসুচিত জাতি পৰিষদ, সমাজ কল্যাণ বিভাগ আৰু উন্নয়ন পৰিষদৰ অনুসুচিত জাতি-জনজাতিৰ প্ৰমাণপত্ৰ দিয়াৰ অধিকাৰ নাই বুলি তেওঁ সদৰী কৰি যিসকল চাকৰিয়ালে জালিয়াতি কৰি অনুসুচিত জাতি-জনজাতিৰ প্ৰমাণপত্ৰ দি চাকৰি লাভ কৰিছে সেই সকলৰ বিৰুদ্ধে অসম চৰকাৰক উচ্চ পৰ্য্যায়ৰ তদন্ত কৰিবলৈ দাবী জনায়।
উত্তৰ-পূৱ ৰেইলৱে কতৃপক্ষই ‘১৯৫১ চনৰ পিয়ল অনুসৰি উত্তৰ-পূৱ ৰেইলৱেৰ যিসকল চাকৰিয়ালৰ নাম অনুসুচিত জাতি-জনজাতিৰ তালিকাত নাই সেইসকলক অনতি পলমে চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে।‘ তেওঁ কয়।
আনহাতে, উত্তৰ-পূৱ ৰেইলৱেই থলুৱালোকৰ নিযুক্তি বন্ধ কৰি বহিৰাগত ৰাজ্যৰ লোকসকলক নিযুক্তি দিয়া আৰম্ভ কৰিছে বুলি অভিযোগ আনি তেওঁ কয়, ‘পূৰ্বৰ নিযুক্তি পোৱা পদসমূহৰ ৩০ শতাংশই উত্তৰ-পূৱ ৰেইলৱেৰ বাহিৰৰ যিসকলে সাংসদ অথবা অন্যান্য ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাত নিজ-নিজ ৰাজ্যলৈ বদলি হৈ গৈছিল। এইটোৱে উত্তৰ-পূৱ ৰেইলৱে কতৃপক্ষক সঠিকভাৱে কাম-কাজ চলোৱাত ব্যাঘাত জন্মাইছে।‘
তেওঁ লগতে ক্ষোভ প্ৰকাশ কৰি কয় ‘যদি আঞ্চলিক ভিত্তিত সুকীয়াকৈ পৰীক্ষা অনুষ্ঠিত নকৰে তেন্তে সংবিধানত অনুসুচিত জাতি-জনজাতিসকলৰ প্ৰতি থকা অধিকাৰসমূহ খৰ্ব হৈ থাকিব।‘
‘প্ৰত্যেক এলেকাতে পৃথক পৃথক নিয়োগৰ বাবে নিয়োগ ব’ৰ্ড আছে। থলুৱা তথা আঞ্চলিক ভিত্তিত প্ৰাৰ্থীক নিয়োগ কৰাৰ কথা ভাৰত চৰকাৰে জাননী নং ৩৬০১৭/১/২০০৪-ইএছটি(সংৰক্ষিত) জৰিয়তে ২০০৫ চনৰ ৫ জুলাইত প্ৰকাশ কৰিছিল।‘ দাসে সংবাদ মেলত কয়।