তদানীন্তন উপায়ুক্ত ড০ আনোৱাৰুদ্দিন চৌধুৰীৰ জাল চহীৰে ১৬ জনকৈ ব্যক্তি শিক্ষক পদত নিযুক্ত হৈ থকাৰ আৰ টি আই কৰ্মী নিৰ্মল পায়েঙে পোহৰলৈ অনা বিস্ফোৰক কাহিনী নৰ্থ ইষ্ট নাও-ত সবিস্তাৰে প্ৰকাশ পোৱাৰ পিছত বিষয়টোক লৈ সৰৱ হৈ পৰিছে আছু, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ লগতে জিলাখনৰ কেইবাজনো বঞ্চিত প্ৰাৰ্থী আৰু নাগৰিক।
সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰীনজ্যোতি গগৈয়ে গোটেই বিষয়টোৰ তদন্ত দাবী কৰিছে। ‘চৰকাৰৰ শিক্ষা বিভাগে অতি শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এইখন চৰকাৰে যিহেতু দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কয়, গতিকে এই ঘটনাৰ তদন্ত কৰি দোষীক উচিত শাস্তি বিহক,’ গগৈৰ মত।
অসমৰ বৰ্তমানৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য আৰু পূৰ্বৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দুয়োকে আৰ টি আই কৰ্মীগৰাকীয়ে অৱগত কৰাৰ পিছতো বিষয়টোৰ ‘তদন্ত নকৰাত’ অসন্তুষ্টি ব্যক্ত কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে।
‘সকলো নিযুক্তি প্ৰক্ৰিয়াই আমি স্বচ্ছ হোৱাটো বিচাৰো আৰু প্ৰকৃত যোগ্য ব্যক্তিয়ে নিযুক্তি পোৱাটো বিচাৰো। যদি উপায়ুক্তৰ চহী জাল হৈছিল তাৰ এটা উচিত তদন্ত হ’ব লাগে,’ নৰ্থ ইষ্ট নাও-ত চাংমাইৰ প্ৰতিক্ৰিয়া।
আনহাতে বঞ্চিত যোগ্য প্ৰাৰ্থীসকলক নিযুক্তি প্ৰদানৰ দাবী জনাইছে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে।
‘উচিত তদন্ত হ’ব লাগে আৰু দোষীক শাস্তি প্ৰদান কৰিব লাগে। যিসকলে চাকৰি লৈছে তেওঁলোকৰ লগতে আৰু যিসকল লোক এই ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকক চিনাক্ত কৰিব লাগে,’ বঞ্চিতসকলক নিযুক্তিৰ দাবীৰে মন্তব্য সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল কুমাৰ গোস্বামীৰ।
উপায়ুক্তৰ চহী জালিয়াতিৰে যোগ্যজনক বহাই ৰাখি বাচনি নোহোৱা প্ৰাৰ্থী শিক্ষক হৈ থকাৰ এই ঘটনাটোৱে স্বাভাৱিকতেই জিলাখনৰ বঞ্চিত প্ৰাৰ্থীসকলৰ মাজত প্ৰচণ্ড ক্ষোভৰ সৃষ্টি কৰিছে। ‘জিলা পৰ্যায়ৰ সভাত অনুমোদন নোপোৱা প্ৰাৰ্থীয়ে চাকৰি পায় আৰু প্ৰকৃত প্ৰাৰ্থী যদি বঞ্চিত হৈ থাকিবলগীয়া হয় কিমান দুখৰ কথা,’ নৰ্থ ইষ্ট নাও-ৰ আগত দুখেৰে জনালে জিতেন বৰুৱা নামৰ প্ৰাৰ্থীজনে।
বঞ্চিত প্ৰাৰ্থীসকলে লখিমপুৰৰ অতিৰিক্ত উপায়ুক্ত দিবাকৰ দলেৰ ওচৰত সকলো তথ্য-পাতি জমা দি এই বিষয়টো অৱগত কৰিছিল বুলিও বৰুৱাই লগতে জানিবলৈ দিয়ে।
তাৰোপৰি ৰাজ্যিক পৰ্যায়ৰ সমিতিৰ সদস্য সচিব তথা ৰাজ্য চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়াকো এই বিষয়ে অৱগত কৰোৱাত বিষয়াগৰাকীয়ে তেওঁলোকক নিযুক্তি দিব পাৰি নেকি ‘চাম’ বুলি আশ্বাস দিছিল বুলিও বৰুৱাই নৰ্থ ইষ্ট নাও-ক জনায়।
বঞ্চিত প্ৰাৰ্থীগৰাকীয়ে চৰকাৰক এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে।
ইফালে স্বয়ং উপায়ুক্তৰে চহী জাল হোৱা আৰু ইমানৰ পিছতো চৰকাৰ নীমাতে থকাত আশ্চৰ্য্য প্ৰকাশ কৰিছে লখিমপুৰৰ মনোৰঞ্জন দাস নামৰ এগৰাকী নাগৰিকে।
‘উপায়ুক্তৰ চহী জাল কৰি শিক্ষক নিযুক্তি দিয়াৰ কেলেংকাৰি সংঘটিত কৰাৰ পাছতো চৰকাৰ তথা প্ৰশাসন নিমাত হৈ আছে। এনেকুৱা ক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসন বুলি কিবা বস্তু আছে বুলি আমি বিশ্বাস কৰিবলৈ টান পাইছো,’ দাসৰ মত।
চহী জাল হোৱা উপায়ুক্তজনকো তেওঁ তদন্তৰ আওতালৈ আনিব লাগে বুলি মত প্ৰকাশ কৰে।
ইপিনে এই সমগ্ৰ ঘটনা সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰে ৰাজ্যৰ তদানীন্তন মুখ্য সচিব তথা এই শিক্ষকসকলক নিযুক্তি দিয়া ৰাজ্যিক পৰ্য্যায়ৰ সমিতিৰ অধ্যক্ষ বিনোদ কুমাৰ পিপাৰচিনিয়াই।
‘ৰাজ্যিক পৰ্যায়ৰ সমিতিত মুখ্য সচিব অধ্যক্ষ হয় যদিও বিভাগৰ সচিবেই ইয়াৰো সচিব। ইয়াৰ উপৰিও তাত বিত্ত বিভাগৰ মানুহো থাকে। এতিয়া জিলা পৰ্য্যায়ৰ সমিতিয়ে কি তথ্য দিছিল সেয়া বিভাগেহে জানিব,’ নৰ্থ ইষ্ট নাও-ৰ আগত পিপাৰছিনিয়াৰ মন্তব্য।
উপায়ুক্তৰ চহী জালিয়াতিৰে চাকৰি লোৱাসকলৰ বিৰুদ্ধে কেতিয়া হ’ব তদন্ত?