সমাজ কল্যাণ বিভাগত অংগনবাড়ী কৰ্মী আৰু সহায়িকা পদত নিযুক্তি দিয়াৰ নামত উৎকোচ লোৱাৰ অভিযোগত শনিবাৰে চিডিপিঅ’ আশ্ৰাফুল হুছেইন লস্কৰক গ্ৰেপ্তাৰ কৰে।
বৰাকৰ হাইলাকান্দি জিলাৰ লালা আৰু আলগাপুৰ শিশু কল্যাণ প্ৰকল্পৰ দায়িত্বত থকা শিশু উন্নয়ন প্ৰকল্প বিষয়া আশ্ৰাফুল হুছেইন লস্কৰে এই দুয়োটা অঞ্চলৰ পৰাই বহু কেইগৰাকী মহিলাৰ পৰা অংগনবাড়ী কৰ্মী আৰু সহায়িকা পদত নিযুক্তি দিয়াৰ নামত ধন সংগ্ৰহ কৰিছিল।
চাকৰি দিয়াৰ নামত এনেদৰে ধন সংগ্ৰহ কৰা চিডিপিঅ’ আশ্ৰাফুল হুছেইন লস্কৰৰ বিৰুদ্ধে হাইলাকান্দি জিলাৰ আমছুৰ সভাপতিগৰাকীয়ে হাইলাকান্দি থানাত এখন এজাহাৰ দাখিল কৰিছিল।
উক্ত এজাহাৰৰ ভিত্তিত হাইলাকান্দি থানাৰ আৰক্ষীয়ে ২৪২ – ২০১৮ নম্বৰতচ গোচৰ এটা ৰুজু কৰি শনিবাৰে চিডিপিঅ’ আশ্ৰাফুল হুছেইন লস্কৰৰ লগতে চিডিপিঅ’ কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক আব্দুল হান্নান বৰভূঞাক গ্ৰেপ্তাৰ কৰে।
জানিব পৰা মতে দুয়োগৰাকীৰ বিৰুদ্ধে চাকৰিৰ নামত ধন সংগ্ৰহ কৰাৰ উপৰিও শিশু খাদ্যৰ হৰলুকী কৰাৰো অভিযোগ উত্থাপন হৈছিল।
আৰক্ষীয়ে দুয়োজনকে গ্ৰেপ্তাৰ কৰাৰ পিছত হাইলাকান্দিৰ বিশেষ ন্যায়াধীশৰ আদালতত কৰায়। আদালতে চিডিপিঅ’ আশ্ৰাফুল হুছেইন লস্কৰৰ আৰু কনিষ্ঠ সহায়ক আব্দুল হান্নান বৰভূঞা দুয়োজনকে সাতদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে।