• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছ’চিয়েল মিডিয়াত এইবাৰ অশোভনীয় মন্তব্য বিধায়িকা আঙুৰলতাৰ বিৰুদ্ধে : এজাহাৰ দাখিল

মিণ্টু দাস by মিণ্টু দাস
May 27, 2018 9:33 pm
Priyanka Kalita
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত কিছুদিন ধৰি ছ’চিয়েল মিডিয়াত জনপ্ৰতিনিধিসকলৰ বিৰুদ্ধে আক্ৰমণ বৃদ্ধি পোৱাৰ লগতে অশোভনীয় মন্তব্যৰ ধুম উঠিছে। এই লৈ চৰকাৰ আৰু আৰক্ষী প্ৰশাসনে তৎপৰতাৰে ব্যৱস্থা ল’লেও ইয়াৰ প্ৰকোপ কমা নাই। ছ’চিয়েল মিডিয়াত বহুতে মুকলিকৈ ক্ষোভ উজাৰিবলৈ গৈ জন প্ৰতিনিধিসকলৰ প্ৰতি কটু আৰু অশোভনীয় মন্তব্য কৰাৰ সমান্তৰালভাৱে চৰকাৰৰ সমৰ্থকেও চৰকাৰক সমালোচনা কৰা লেখক-বুদ্ধিজীৱী, নেতৃস্থানীয় ব্যক্তি ইত্যাদিৰ বিৰুদ্ধে একেই অশালীন মন্তব্য কৰা পৰিলক্ষিত হৈছে।

অলপতে এটা নাবালক কিশোৰে মুখ্য মন্ত্ৰী, বিত্ত মন্ত্ৰী, আৰু প্ৰধান মন্ত্ৰীক অশোভনীয় ভাষাৰে সমালোচনা কৰি য়ু টিউবত ভিডিঅ’ আপল’ড কৰাৰ পিছত নাবালক কিশোৰজন আৰক্ষীৰ জালত পৰিব লগীয়া হৈছিল। কিশোৰজনৰ বিৰুদ্ধে মাজুলীৰ এজন বিজেপিৰ পালিনেতাই আৰক্ষী থানাত এজাহাৰ দিছিল।

Apply Now

অনুৰূপ ঘটনা ঘটিছে আজি আন এগৰাকী ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰা যুৱতীৰ ক্ষেত্ৰত। জানিব পৰামতে, প্ৰিয়ংকা কলিতা নামৰ এটা ফেইচবুক একাউণ্টৰ পৰা ২৬ মে’ৰ দিনা একাউণ্টটোৰ গৰাকীয়ে নিজৰ টাইমলাইনত বিজেপিৰ বিধায়িকা আঙুৰলতা ডেকাক উদ্দেশ্যি অশালীন-অশোভনীয় মন্তব্যৰে পোষ্ট দিছিল।

এই সন্দৰ্ভত নগাঁও সদৰ আৰক্ষী থানাত যুৱতীগৰাকীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে নগাঁৱৰ চকলাঘাট বামুণগাঁ‌ৱঁৰ লোকেন্দ্ৰ নাথ নামৰ ব্যক্তি এগৰাকীয়ে। এজাহাৰ দিওঁতা লোকেন্দ্ৰ নাথে যুৱতীগৰাকীক অনতিপলমে কৰায়ত্ত কৰি উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনাইছে। নাথে এজাহাৰখনত পোষ্টটোৰ জৰিয়তে যুৱতীগৰাকীয়ে চূড়ান্ত অপমানসূচক শব্দ প্ৰয়োগ কৰাৰ লগতে বিধায়িকাগৰাকীৰ চৰিত্ৰতো আঘাত হনা বুলি অভিযোগ কৰিছে। এই পোষ্টটোৱে সমাজত বিধায়িকা গৰাকীৰ ভাবমূৰ্তি ম্লান কৰা বুলি তেওঁ দাবী কৰিছে।

আনহাতে, এই নামৰ এগৰাকী যুৱতীয়ে আজি নিজৰ টাইমলাইনত তেওঁৰ নামত এই পোষ্টটো কোনোবা দুষ্ট লোকে প্ৰচাৰ কৰা বুলি অভিযোগ কৰিছে। তেওঁ এই কাম হিন্দু বাংলাদেশীৰ সমৰ্থক অথবা ভক্ত (বিজেপিৰ  অন্ধ সমৰ্থক)ৰ হ’ব পাৰে বুলি নিজৰ পোষ্টটোৰ জৰিয়তে মত দিছে। তেওঁ তেওঁৰ একাউণ্টটো হেকড হোৱাৰো সন্দেহ প্ৰকাশ কৰিছে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm
কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

August 24, 2026 7:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd