৩০ জুনত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চমুকৈ এনআৰচিৰ পূৰ্ণ খচৰা প্ৰকাশ পোৱাৰ পাছত কোনো ধৰণৰ যাতে হিংসাত্মক পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ প্ৰতি দৃষ্টি ৰাখি কোকৰাঝাৰ জিলা প্ৰশাসনে আজি সকলো ৰাজনৈতিক দল, নাগৰিক সমাজ তথা দল-সংগঠনৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।
কোকৰাঝাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভা গৃহত অনুষ্ঠিত হোৱা বৈঠকখনৰ সভাপতিত্ব কৰে কোকৰাঝাৰ জিলাৰ উপায়ুক্ত নিৰঞ্জন বৰুৱাই। উক্ত বৈঠকত কোকৰাঝাৰৰ অতিৰিক্ত উপায়ুক্ত দেৱেশ্বৰ বৰা, অতিৰিক্ত আৰক্ষী অধীক্ষক কমল কুমাৰ গুপ্তা, বিশিষ্ট ব্যক্তি মংগলসিং হাজোৱাৰি, পি চি ঝাৰ লগতে বিজেপি, কংগ্ৰেছ, বিপিএফ, চিপিএম(আই), য়ুপিপি(এল), বড়ো সাহিত্য সভা, গোৰ্খা সাহিত্য সভা সন্মিলন, বংগো সাহিত্য সভা, মাৰোৱাৰি যুৱ মঞ্চ, আবছু, আছু, বিএছয়ু, এবিএমছু, আমছু, আক্ৰাছু, আগছু, এবিবিয়াইএছএফৰ উপৰি আন আন সংগঠনৰ প্ৰতিনিধিসকল উপস্থিত থাকে।
বৈঠকত কোকৰাঝাৰৰ উপায়ুক্ত বৰুৱাই বৰ্তমানৰ এনআৰচি উন্নীতকৰণৰ অগ্ৰগতি সম্পৰ্কে সকলোকে অৱগত কৰোৱাৰ উপৰি ৩০ জুনত প্ৰকাশ পাবলগীয়া পূৰ্ণ খচৰাৰ প্ৰস্তুতি সম্পৰ্কেও উল্লেখ কৰে। তাৰোপৰি বৈঠকত উপস্থিত থকা লোকসকলৰ বিভিন্ন প্ৰশ্ন সমূহৰো উত্তৰ দিয়ে উপায়ুক্তগৰাকীয়ে।
আনহাতে কোকৰাঝাৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা জিলা এনআৰচি ভাৰপ্ৰাপ্ত বিষয়া দেৱেশ্বৰ বৰাই জিলাখনত এনআৰচিৰ কাম কাজ সঠিক ৰূপত আগবঢ়াত সকলো দল-সংগঠনকে প্ৰশাসনক সহযোগিতা কৰিবলৈ অনুৰোধ জনায়।
উক্ত বৈঠকতে কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কমল কুমাৰ গুপ্তাই এনআৰচিৰ পূৰ্ণ খচৰা প্ৰকাশ পোৱাৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনৰ তৰফৰ পৰা সকলো ধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হোৱা বুলি দল-সংগঠনক আশ্বাস প্ৰদান কৰে। ইয়াৰ উপৰি নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কে ৰাজ্যৰ সৰ্বত্ৰে চলি থকা প্ৰতিবাদৰ সময়ত যাতে কোকৰাঝাৰত বিধেয়কৰ বিৰোধিতাৰ নামত কোনো বিক্ষিপ্ত ঘটনা নঘটে তাৰো ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে।
ইফালে গুৰুত্বপূৰ্ণ বৈঠকখনত উপস্থিত থকা ৰাজনৈতিক দলৰ লগতে সকলো দল-সংগঠনৰ প্ৰতিনিধিসকলে এনআৰচি উন্নীতকৰণ প্ৰক্ৰিয়া তথা এখন শুদ্ধ নাগৰিক পঞ্জী প্ৰকাশ পোৱাৰ বাবে জিলা প্ৰশাসনক সকলো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰে।