ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ পাবলৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত শনিবাৰে গুৱাহাটীৰ এ বি চিস্থিত ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ নৱ নিযুক্ত তত্ত্বাৱধায়ক হৰিশ ৰাৱতে কয় যে প্ৰকৃত ভাৰতীয়ৰ নাম যাতে খচৰাৰ পৰা বাদ নপৰে তাৰ বাবে কংগ্ৰেছ সদায় সজাগ হৈ থাকিব।
তদুপৰি, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পাছতেই জিলা আৰু ব্লক পৰ্য্যায়ত কংগ্ৰেছে হেল্প চেণ্টাৰ খুলি এন আৰ চিৰ পৰা নাম কৰ্তন হোৱা ভাৰতীয়সকলক সহায়ৰ হাত আগ বঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়কজনে।
আনহাতে, স্বাধীনতা আন্দোলনৰ সময়ৰ মুক্তিযোদ্ধা পৰিয়ালৰ সদস্যকো বিদেশী সজোৱা হৈছে বুলি কংগ্ৰেছৰ হাতত তথ্য আহি পৰিছে বুলি তেওঁ জানিবলৈ দি ৰাৱতে কয়, “ৰাজনৈতিক স্বাৰ্থৰ বাবে প্ৰকৃত ভাৰতীয়সকলৰ নাম যদি এন আৰ চিৰ পৰা বাদ দিব বিচাৰে, সেইটো কংগ্ৰেছে কেতিয়াও হ’বলৈ নিদিয়ে।”
তাৎপৰ্য্যপূৰ্ণভাৱে কোনো কাৰণতে প্ৰকৃত ভাৰতীয়ৰ নাম বাদ পৰিবলৈ দিয়া নহ’ব বুলি তেওঁ সংবাদমেলত উল্লেখ কৰি লগতে কয় যে প্ৰকৃত ভাৰতীয় হোৱা সত্ত্বেও এন আৰ চিৰ পৰা নাম বাদ পৰাসকলক প্ৰয়োজন সাপেক্ষে কংগ্ৰেছে আইনী সহায়ো আগ বঢ়াব।
আনহাতে, একেখন সংবাদমেলতে বিজেপি দলে জনসম্পৰ্ক অভিযান বাতৰিৰ শিৰোনাম দখলৰ বাবে কৰা বুলি মন্তব্য কৰি তেওঁ কয়, “কংগ্ৰেছে ইয়াৰ উত্তৰ নিশ্চয়কৈ দিব। সমাজৰ সকলো শ্ৰেণীৰ লোককে একত্ৰিত কৰি কংগ্ৰেছে নিৰ্বাচনী প্ৰচাৰ অভিযান চলাব।”
উল্লেখ্য যে, নতুনকৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তত্ত্বাৱধায়কৰ দায়িত্ব পোৱা হৰিশ ৰাৱতে আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ ৰণনীতিৰ বিষয়েও সংবাদ মাধ্যমক অৱগত কৰে। মন কৰিব লগীয়া যে এই ৰণনীতিৰ সৈতে অলপতে বিজেপিয়ে প্ৰকাশ কৰা ৰণনীতিৰ কিছু মিল থকা দেখা যায়।
তেওঁ উক্ত সংবাদমেলতে জানিবলৈ দিয়ে যে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে এটা বুথৰ ১০০জন ভোটাৰৰ বিপৰীতে এজন সক্ৰিয় কংগ্ৰেছ কৰ্মীক নিয়োগ কৰা হ’ব আৰু তেওঁ উক্ত ভোটাৰসকলৰ সৈতে মত-বিনিময় কৰি তেওঁলোকৰ সমস্যাসমূহৰ বুজ ল’ব।
তেওঁ লগতে কয় “উক্ত সক্ৰিয় কংগ্ৰেছ কৰ্মীগৰাকীৰ দায়িত্ব হ’ব নতুন নতুন সদস্যক কংগ্ৰেছত অন্তৰ্ভুক্ত কৰোৱা।”
আনহাতে, “গণতন্ত্ৰ ৰক্ষাৰ বাবে আগন্তুক লোকসভা নিৰ্বাচন কংগ্ৰেছৰ বাবে এখন বিশাল যুঁজ” বুলি উল্লেখ কৰি তেওঁ কয় “যি পূৰ্বতে কংগ্ৰেছ দল এৰি গুচি গৈছে, তেওঁলোক পুনৰ কংগ্ৰেছ দললৈ আহিব পাৰিব। কৌৰৱ পক্ষত থকাসকল এতিয়া পাণ্ডৱৰ পক্ষত আহিব পাৰিব।”
তাৎপৰ্য্যপূৰ্ণভাৱে কংগ্ৰেছৰ মাজত থকা বিভাজনৰ বা-বাতৰি বিভিন্ন সময়ত প্ৰচাৰ হৈ থকাৰ সময়তে তেওঁ সংবাদমেলত কয় যে কংগ্ৰেছৰ মাজত কোনোধৰণৰ হাই-কাজিয়া নাই। অসম প্ৰদেশ কংগ্ৰেছৰ নেতাসকলৰ মাজত বহুত মিলা-প্ৰীতি আছে বুলিও তেওঁ দাবী কৰে।
তেওঁ লগতে দাবী কৰি কয় “কংগ্ৰেছ দল গণতান্ত্ৰিক দল, বিজেপিৰ দৰে ধৰ্মভিত্তিক দল নহয়। কংগ্ৰেছ দলে নিজৰ সিদ্ধান্ত নিজে লয়, কিন্তু বিজেপি দল পৰিচালনা কৰে আৰ এছ এছে, তেওঁলোকে দলীয়ভাৱে কোনো ডাঙৰ সিদ্ধান্ত ল’ব নোৱাৰে।”
আনহাতে, মোদীয়ে উত্তৰ পূবক অষ্টলক্ষ্মী আখ্যা দিয়া প্ৰসংগ উত্থাপন কৰি ৰাৱতে কয়, “’অষ্ট’টো ইয়াত থাকিল, কিন্তু ‘লক্ষ্মী’ ইয়াৰ পৰা কেতিয়াবাই আঁতৰি গ’ল। উত্তৰ-পূবক দিয়া ‘বিশেষ’ মৰ্য্যাদাটোও বিজেপিয়ে কৰ্তন কৰি দিলে।”
তদুপৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বাস কৰা ব্ৰহ্মপুত্ৰ অতিথিশালাৰ কাষতে থকা এগৰাকী মহিলাই ৰাৱতক সাক্ষাৎ কৰি তেওঁ পূৰ্বতে পেন্সন লাভ কৰি আছিল, কিন্তু এতিয়া নোপোৱা হ’ল বুলি ৰাৱতক জনোৱা বুলি সংবাদমেলত তেওঁ জানিবলৈ দিয়ে।
তেওঁ লগতে কয়, “তৰুণ গগৈ শাসনৰ পৰা গ’ল, বৃদ্ধ পেন্সনো সেইদিনাৰ পৰা নাইকিয়া হ’ল। কংগ্ৰেছ শাসনৰ পৰা গ’ল, বি পি এল কাৰ্ডো লগতে গ’ল। মোদী শাসনলৈ আহিল, আম্বানী আৰু আদানী আহিল।”
তাৎপৰ্য্যপূৰ্ণভাৱে বিশ্বৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত ৰাফেল বিমান ক্ৰয়ত ব্যাপক কেলেংকাৰি সংঘটিত কৰা বুলি মোদী চৰকাৰৰ বিৰুদ্ধে অভিযোগ আনি তেওঁ কয়, “ৰাহুল গান্ধীয়ে সদনত ৰাফেল বিমানৰ বাবদ ভাৰতে কিমান মূল্য দিব লাগিব বুলি মোদীক সোধাত মোদীয়ে সোঁৱে-বাঁৱে চালে। তেতিয়াই প্ৰতিৰক্ষা মন্ত্ৰী থিয় হৈ ক’লে যে এইটো সম্পূৰ্ণ গোপনীয় আৰু এইটো প্ৰকাশ কৰিব নোৱাৰি। কিন্তু সংবিধান অনুসৰি ভাৰতৰ প্ৰতিৰক্ষাৰ বাবে যি বিমানেই ক্ৰয় নকৰক তাৰ মূল্য সকলোকে জনোৱাটো দৰকাৰ। কিন্তু ফ্ৰান্সৰ সংসদে বিমানৰ মূল্য কিমান সেই কথা ৰাজহুৱা কৰি দিলে।”
“কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ দ্বাৰা প্ৰধান মন্ত্ৰী মোদীক তিনিটা বিষয়ত উদং কৰি দিলে কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে। নৰেন্দ্ৰ মোদীৰ কথা আৰু কামৰ মাজত বিশাল পাৰ্থক্য আছে।” এইদৰে কয় প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়কজনে।