আজি পুৱাৰ ভাগত অসমত বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ কৰাৰ পিছত ৪০ লাখ লোক এই খচৰাত বাদ পৰা বুলি ওলোৱা খবৰে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত প্ৰায় হৈ-চৈৰ সৃষ্টি কৰিছে। আন্তঃৰাষ্ট্ৰীয় মহলত এই এন আৰ চিয়ে ৪০ লাখ লোকক দেশবিহীন কৰিবলৈ ওলাইছে বুলি অভিযোগ উঠাৰ বিপৰীতে দেশৰ ভিতৰতো বিভিন্ন পক্ষই একেই অভিযোগ অনা দেখা গৈছে। বিশেষকৈ সৰৱ হৈছে পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জী আৰু পশ্চিম বংগৰ অন্যান্য দল-সংগঠনক সৰৱ হোৱা দেখা গৈছে।
আনহাতে লোকসভাৰ মজিয়াতো আজি অসমত চূড়ান্ত এন আৰ চিৰ পৰা ৪০ লাখ লোকৰ নাম বাদ পৰা বিষয়টোক লৈ তীব্ৰ বাক-বিতণ্ডা হয়। কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ পৰা উত্তৰ বিচাৰে বহুকেইজন সাংসদে।
কৰ্ণাটকৰ কংগ্ৰেছী সাংসদ মল্লিকাৰ্জুন খৰ্গে, পশ্চিম বংগৰ চি পি আই-এমৰ সাংসদ মহমদ চেলিম, বিহাৰৰ আৰ জে ডিৰ সাংসদ জয়প্ৰকাশ নাৰায়ণ যাদবে চৰকাৰৰ পৰা এই বিষয়টোত উত্তৰ বিচাৰে।
তিনিওজন সাংসদে এই ৪০ লাখ লোকৰ নাগৰিকত্বৰ অধিকাৰ, সাংবিধানিক অধিকাৰ, গণতান্ত্ৰিক অধিকাৰ, মানৱ অধিকাৰ খৰ্ব হোৱাৰ অভিযোগ তোলে। লগতে ইয়াক চৰকাৰৰ ইচ্ছাপূৰ্বক বুলিও দাবী কৰে।
তেওঁলোকে গৃহ মন্ত্ৰীক এই বিষয়ত সঠিক পদক্ষেপ লৈ ইয়াৰ সংশোধন কৰাৰ দাবী তোলে।
আনহাতে সাংসদকেইজনৰ অভিযোগৰ উত্তৰ দিয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে। ৰাজনাথ সিঙে কয় যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম বিজেপিৰ চৰকাৰৰ লগত কোনো সম্পৰ্ক নাই। বিজেপিৰ চৰকাৰ অহা বাবেই এন আৰ চিৰ কাম কৰা হোৱা নাই। চৰকাৰে ইয়াত একো কৰা নাই।
“এয়া অসমৰ মানুহৰ বহু দিনীয়া দাবী আছিল।” এইদৰে কয় ৰাজনাথ সিঙে। আনহাতে ‘মই দলৰ নাম ল’ব নোখোজো’ বুলি কৈ কয় যে এন আৰ চিৰ কাম অসমত ইয়াৰ আগৰখন চৰকাৰ থকাৰ পৰাই হৈ আছে। এইটো উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত হৈছে। “মই ক’ব বিচাৰো যে চৰকাৰে একো কৰা নাই। বাৰে বাৰে কৈ থকা হৈ আছে যে চৰকাৰে এনেকুৱা কৰিছে, চৰকাৰে তেনেকুৱা কৰিছে। এনে অভিযোগ ভিত্তিহীন। ঔচিত্যপূৰ্ণ নহয়।” এইদৰে কয় কেন্দ্ৰীয় গৃহ মন্ত্ৰীজনে।
তাৰ পিছতে তেওঁ কয়, “এয়া মাত্ৰ খচৰাহে। এয়া চূড়ান্ত এন আৰ চি নহয়। এতিয়া ২.৮৯ কোটি লোকৰ নাম অন্তৰ্ভুক্ত হৈছে। বাদ পৰাসকলে দাবী আৰু অভিযোগৰ প্ৰক্ৰিয়া আছে। উচিত তথ্যৰে দাবী আৰু অভিযোগ দি সকলো ভাৰতীয় লোকেই নাম অন্তৰ্ভুক্ত কৰাৰ সুযোগ পাব। এই বিষয়টোক লৈ অনাৱশ্যক শংকাৰ পৰিৱেশ সৃষ্টি কৰা অনুচিত। তেওঁ সকলোৰে সহযোগিতা বিচাৰে।
উল্লেখযোগ্য যে আজি পুৱা প্ৰকাশ কৰা চূড়ান্ত খচৰাৰ পৰা বাদ পৰিছে মুঠ ৪০ লাখ ৭ হাজাৰ ৭০৭ জনৰ নাম। ইয়াৰ ভিতৰত ২ লাখ ৪৮ হাজাৰ আছে ডি-ভোটাৰ।