অসমৰ ৰাইজে গভীৰ আশাৰে বাট চাই থকা এন আৰ চিৰ চূড়ান্ত খচৰাক লৈ অসম চৰকাৰৰ ভূমিকা উদ্বেগজনক বুলি আজি ২৮ জুনত মত প্ৰকাশ কৰিছে বিশিষ্ট বুদ্ধিজীৱী হীৰেন গোহাঁয়ে।
‘ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰাৰ বাবে অসমৰ বিভিন্ন স্তৰৰ অগণন ৰাইজে গভীৰ আশাৰে বাট চাই আছে। কিন্তু পৰিতাপৰ কথা যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ হ’লে ৰাজ্যখনত হুৱা-দুৱা লাগিব আৰু চৰম বিশৃংখলতাৰ সৃষ্টি হ’ব বুলি চৰকাৰে নিজেই উদ্বেগজনক মন্তব্য কৰি আছে,’ মন্তব্য গোহাঁইৰ।
নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চ আৰু বাওঁ গণতান্ত্ৰিক মঞ্চ, অসমে আজি গুৱাহাটী প্ৰে’ছ ক্লাবত আয়োজন কৰা সংবাদমেলত কেন্দ্ৰীয় চৰকাৰৰ পৰা বৃহৎসংখ্যক অৰ্ধসামৰিক বাহিনী ৰাজ্যত মোতায়েম কৰাৰ কথা ৰাজ্য চৰকাৰে প্ৰচাৰ কৰি থকা কথাটোত তেওঁ অসন্তুষ্টি প্ৰকাশ কৰে।
‘আইন-শৃংখলা ৰক্ষাত চৰকাৰ মনোযোগী হোৱাটো সকলোৱে বিচাৰে। কিন্তু তাকে লৈ আগতীয়া উত্তেজনা সঞ্চাৰ কৰাটো দুৰ্ভাগ্যজনক,‘ ক’লে গোহাঁয়ে।
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰাৰ আলম লৈ দুষ্কৃতিকাৰীয়ে কাকো জুলুম কৰিব নোৱৰাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবেও চৰকাৰক তেওঁ আহ্বান জনায়।
এন আৰ চিৰ চূড়ান্ত খচৰাক লৈ ‘কোনো পৰিস্থিতিতে প্ৰৰোচিত’ নহ’বলৈ ৰাইজক আহ্বান জনাই তেওঁ কয় ‘এন আৰ চিৰ চূড়ান্ত খচৰা সম্পৰ্কে ৰাইজৰ কিবা ওজৰ-আপত্তি থাকিলে নিষ্পত্তি কৰাৰ বিধিগত ব্যৱস্থা আছে।‘
আনহাতে অসমৰ সংবাদ মাধ্যমে ‘বস্তুনিষ্ঠ আৰু দায়িত্ববোধেৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সংক্ৰান্তত বাতৰি পৰিৱেশন কৰি ৰাজ্যখনৰ শান্তি-সম্প্ৰীতি অটুট ৰখাত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব’ বুলি সংবাদমেলত আশা প্ৰকাশ কৰে বৰ্ষীয়ান বুদ্ধিজীৱীগৰাকীয়ে।
ইয়াৰোপৰি ৰাষ্ট্ৰসংঘৰপৰা অসমৰ এন আৰ চি সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰলৈ অহা পত্ৰৰ প্ৰসংগত তেওঁ কয় ‘ৰাষ্ট্ৰসংঘৰ পৰা গৃহ বিভাগলৈ চিঠি প্ৰেৰণ কৰা কথাটো আচৰিত হ’বলগীয়া কথা নহয়। কেন্দ্ৰীয় চৰকাৰে এই চিঠিৰ উত্তৰ কিভাৱে দিয়ে সেইটোহে আচল কথা।‘
ৰাষ্ট্ৰসংঘৰ পৰা অহা চিঠিৰ স্বাক্ষৰকাৰীসকলে ‘কোনোবাই তেওঁলোকক অভিযোগ কৰা বুলিহে উল্লেখ কৰিছে, কোৱা নাই যে তেওঁলোকে সেই কথাত পতিয়ন গৈছে,’ মন্তব্য গোহাঁইৰ।
ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ সদস্যসকল অসমৰ পৰিস্থিতি সম্পৰ্কে সম্পূৰ্ণৰূপে অৱগত নহয় বুলিও গোহাঁয়ে সংবাদমেলত মত প্ৰকাশ কৰে।