ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এন আৰ চি উন্নীতকৰণৰ কাম ক্ষিপ্ৰ গতিত চলি থকাৰ সময়তে পোহৰলৈ আহিছে কিছু আশ্বৰ্যকৰ তথা আমোদজনক তথ্য। তেনে এটা তথ্য সোমবাৰে পোহৰলৈ আহিছে মৰিগাঁৱৰ এটা এন আৰ চি সেৱা কেন্দ্ৰত। কেন্দ্ৰটোত ১২৫জনীয়া এটা পৰিয়ালৰ তথ্য ফাদিল হোৱাৰ লগে লগে অঞ্চলটোৰ লগতে জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
মৰিগাঁও নগৰৰ মৰিগাঁও উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ এন আৰ চি সেৱা কেন্দ্ৰত পোহৰলৈ অহা এই বৃহৎ পৰিয়ালটোৱে ব্যৱহাৰ কৰিছে আব্দুল কাদিৰ নামৰ ব্যক্তিজনৰ লিগেচি ডাটা। এই বৃহৎ পৰিয়ালটো হৈছে নগাঁও জিলাৰ চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত লটাৰী চাপৰিৰ।
উল্লেখ্য যে এই সম্পৰ্কত পৰিয়ালটোৰ বৰ্তমানৰ মুৰব্বী ফজলুৰ ৰহমানে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি কয় যে আমাৰ দেউতা আব্দুল কাদিৰৰ ১৫জন সন্তান আছিল। আৰু ইয়াৰ পৰা বৰ্তমানে বংশ বৃক্ষ বৃদ্ধি হৈ ১২৫জন হৈছে।
‘আমি সম্পূৰ্ণ ভাৰতীয়, ইয়াত কোনো সন্দেহ নাই। আমাৰ বংশৰ লোকসকল বিভিন্ন কাৰণত বিভিন্ন ঠাইত আছিল যদিও এতিয়া আমি সকলো একগোট হোৱাৰ সুবিধা পাইছো আৰু আমাৰ প্ৰত্যেকে প্ৰত্যেকক দেখা পাই অতিকৈ আনন্দিত হৈছো’। এইদৰে মন্তব্য কৰে পৰিয়ালটোৰ লোকসকলে।
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ এই প্ৰক্ৰিয়াটোত নিতৌ উদ্ধাৰ হোৱা এনে ধৰণৰ অনেক তথ্যই এই কামত নিয়োজিত কৰ্মচাৰীসকলক বিপাঙত পেলোৱা পৰিলক্ষিত হৈছে। আনহাতে ৰাইজে এনে ধৰণৰ ঘটনাত আমোদ পোৱাৰ লগতে আচৰিতো হৈ পৰিছে।