‘সমগ্ৰ দক্ষিণ পূব এছিয়াৰ সৈতে ব্যৱসায়িক সম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰত অসম উপযুক্ত স্থান। এই অঞ্চলৰ ভৌগোলিক অৱস্থিতিয়ে ব্যৱসায়িক ক্ষেত্ৰখনৰ অনুকূল বাতাবৰণ সূচনা কৰিছে। দেশৰ এই অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়ন সাধন আৰু এছিয়ান দেশসমূহৰ বৃহৎ বজাৰখনক সামৰি লোৱাৰ বাবে বৰ্তমানৰ ৰাজ্য চৰকাৰে দায়দ্ধতাৰে উদ্যোগীসকলক উৎসাহিত কৰি আহিছে।’ আজি ৰাষ্ট্ৰীয় ষ্টক একক্সেঞ্জে আয়োজন কৰা এন এছ ই বিনিয়োগকাৰী মেলা ২০১৮ ৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়।
মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে এন এছ ই বিনিয়োগ মেলাই পুঁজি বজাৰত প্ৰৱেশৰ বাবে ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগী সকলক সুযোগ প্ৰদান কৰিব আৰু বিকাশৰ দিশলৈ আগবঢ়াৰ ক্ষেত্ৰতচ ৰোড মেপ প্ৰস্তুতৰ বাবে এক সৱল মানসিকতাৰ উন্মেষ সাধন কৰিব।
বিভিন্ন খণ্ডৰ জৰিয়তে অৰ্থনৈতিক উন্নয়ন সাধন কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা প্ৰয়াসৰ বিষয়ে আলোকপাত কৰি মুখ্য মন্ত্ৰী গৰাকীয় কয় যে ৰাজ্য চৰকাৰে অসম ষ্টাৰ্টআপ নীতি ২০১৭, তথ্য প্ৰযুক্তি আৰু ইলেক্ট্ৰনিক নীতি ২০১৭, হস্ততাঁত নীতি ২০১৭-১৮, চেনি নীতি ২০১৮, বায়’ টেকন’জি নীতি-২০১৮ , পৰ্যটন নীতি ২০১৭, সৌৰ শক্তি নীতি ২০১৮ আদিৰ দৰে বিভিন্ন নীতি গ্ৰহণ কৰিছে। লগতে ইয়াৰ জৰিয়তে বিনিয়োগকাৰী সকলৰ বাবে অসমক অগ্রণী স্থান হিচাপে পৰিৱৰ্তন সাধন কৰিব বিচৰা হৈছে বুলি মুখ্য মন্ত্ৰী গৰাকীয়ে কয়।
মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে ষ্টেট কেপিটেলৰ ৰিজনৰ জৰিয়তে গুৱাহাটী মহানগৰীৰ সম্প্ৰসাৰণ, গুৱাহাটী মহানগৰীৰ পৰা টিহুলৈকে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে ঔদ্যোগিক কৰিড’ৰ, ৬৫ মহলীয়া টুইন টাৱাৰৰ জৰিয়তে বিশ্ব বাণিজ্য কেন্দ্ৰ স্থাপনৰ দৰে পদক্ষেপ গ্ৰহণ কৰিছে।
লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে উত্তৰ-পূব ঔদ্যোগিক আঁচনি ২০১৭ কেন্দ্ৰীয় চৰকাৰে শেহতীয়াভাৱে অনুমোদন জনাইছে আৰু ই উত্তৰ-পূৰ্বাঞ্চলত বিনিয়োগৰ বাবে ব্যৱসায়িক ঔদ্যোগিক গোট সমূহক উৎসাহিত কৰিব।
অনুষ্ঠানটোত ৰাষ্ট্ৰীয় ষ্টক একচেঞ্জৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া বিত্ৰম লীমায়ে ভাষণ প্ৰসংগত এই বিনিয়োগ মেলাই এছ এম ইক উৎসাহিত কৰিব বুলি কয়। অসম চেম্বাৰ অব কৰ্মাচৰ অধ্যক্ষ ৰূপম গোস্বামীয়েও অনুষ্ঠানত ভাষণ প্ৰদান কৰে।