অসমৰ প্ৰথমগৰাকী চহিদ সাংবাদিক কমলা শইকীয়াৰ ২৭ সংখ্যক মৃত্যু বাৰ্ষিকী ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে আজি সাংবাদিক গৰাকীৰ গৃহ জিলা শিৱসাগৰতো পালন কৰা হয়।
এই উদ্দেশ্যে আপকু শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত নকটানি উচ্চ মাধ্যমিক বিদ্যালয়ত এটি স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হৈ যায়।
আপ্কুৰ জিলা সমিতিৰ সভাপতি পদুম কুমাৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত আৰু নয়নমণি বৰঠাকুৰে আঁত ধৰা স্মৃতি চাৰণ অনুষ্ঠানটিত সাংবাদিক গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে শিক্ষক প্ৰসেন শইকীয়াই।
আনহাতে সভাখনি উদ্ধোধন কৰি নকটানি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহঃশিক্ষক প্ৰণৱ দত্তই কয় যে সাম্প্ৰতিক পটভূমিত কমলা শইকীয়াৰ নিচিনা নিৰ্ভীক, সৎ, সাহসী সাংবাদিক সমাজৰ বাবে প্ৰয়োজন।
আজিৰ অনুষ্ঠানটোত নিৰ্দিষ্ট বক্তা হিচাপে বিদ্যালয়খনৰ প্ৰধান শিক্ষক দীপক আৰন্ধৰা উপস্থিত থাকে।
ইফালে সভাৰ আন আন লোক সকল ক্ৰমে শিক্ষক হৰেশ হাজৰিকা, আপ্কুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য নয়নমণি বৰুৱা, পশ্চিম কোঁৱৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল, আপ্কুৰ জিলা সমিতিৰ দেৱাৰুণদ্বীপ দত্ত, ৰিতুপৰ্ণ ভৰালীকে আদি কৰি বিষয়ববীয়াসকল, বিদ্যালয় ছাত্ৰ একতা সভা, শিক্ষক-শিক্ষয়িত্ৰীসকলে চদিহ কমলা শইকীয়াৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে।
উল্লেখ্য যে আজিৰ অনুষ্ঠানতে ১৯৯১ চনৰ ৯ আগষ্টত আততায়ীৰ গুলীত নিহত হোৱা সাংবাদিক গৰাকীৰ হত্যাকাণ্ডৰ গোচৰৰ ফাইল পুনৰ মুকলি কৰি নিৰপেক্ষ তদন্তৰে দোষীক উপযুক্ত শাস্তি দিয়াৰ বাবে দাবী উত্থাপন কৰে আপকুৰ শিৱসাগৰ জিলা সমিতিয়ে।
আনহাতে দিখৌমুখ আঞ্চলিক ছাত্ৰ সন্থা, দিখৌমুখ প্ৰেছ ক্লাৱ আৰু কমলা শইকীয়া স্মৃতি ৰক্ষা সমিতিৰ সহযোগত কমলা শইকীয়াৰ সমাধিক্ষেত্ৰ আৰু ভৰলুৱা তিনিআলিত প্ৰতিষ্ঠিত আৱক্ষ মূৰ্তিত বন্তি প্ৰজ্বলন আৰু পূষ্পাঞ্জলি অৰ্পণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকাই।