কলিয়াবৰত অহা ১৯ আৰু ২০ জুনত দুদিনীয়া কাৰ্য্যসূচীৰে কেন্দ্ৰীয়ভাৱে বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হ’ব।
উল্লেখযোগ্য যে অসমৰ জাতীয় জীৱনৰ চিৰস্মৰণীয় সংগ্ৰামী শিল্পী কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ স্মৃতি দিৱসটি সদৌ অসম ছাত্র সন্থাই কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে উদযাপনৰ প্ৰস্তুতি চলাই আজি লাইখুঁটা স্থাপন কৰা হয়।
সেই উপলক্ষে কুঁৱৰীটোল গান্ধী খেলপথাৰত এক মাংগলিক পৰিবেশত মহকুমাধিপতি বিতোপন নেওগে লাইখুঁটা স্থাপন কৰে।
লাইখুঁটা স্থাপন অনুষ্ঠানত আছুৰ উপ-সভাপতি মনিমাধৱ মহন্ত, কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি অৰবিন্দ বৰগোহাঞি, সাহিত্যিক কুসুম বৰাকে ধৰি কলিয়াবৰৰ বিভিন্ন অনুষ্ঠান -প্ৰতিষ্ঠানৰ বিষয়ববীয়া সকল উপস্থিত থাকে।
আনহাতে ৰাভা দিৱসৰ লগত সংগতি ৰাখি উক্ত দিন কেইটাত সদৌ অসম ভিত্তিত ৰাভা সংগীত প্ৰতিযোগিতা আৰু ৰাভাৰ গীতৰ আধাৰত নৃত্য প্ৰতিযোগিতাৰো আয়োজন কৰিব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে।