• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যাত গঁড় পিয়লৰ সফল সামৰণি : অচিৰেই প্ৰকাশ পাব পিয়লৰ সবিশেষ

উত্তম শইকীয়া by উত্তম শইকীয়া
March 27, 2018 9:46 pm
Rhino
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বৰ ভিতৰতে এশিঙীয়া গঁড়ৰ প্ৰধান বাসভূমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দুদিনীয়া কাৰ্যসুচীৰে আৰম্ভ কৰা ১৩সংখ্যক গঁড় পিয়লৰ আজি সামৰণি পৰে। কোনো অঘটন নোহোৱাকৈ এই পিয়ল কাৰ্য্য সামৰণি পৰে বুলি বন বিভাগৰ সূত্ৰই জনাইছে।

উল্লেখযোগ্য যে এই গঁড় পিয়লত জড়িত সকলক দক্ষ কৰি তুলিবৰ বাবে যোৱা ২৫ মাৰ্চ দেওবাৰে কাজিৰঙাৰ কঁহৰা ৰেঞ্জৰ বন বিভাগৰ শতবৰ্ষ সমাৰোহ প্ৰেক্ষাগৃহত গণনাকাৰীসকলৰ এক বিশেষ প্ৰশিক্ষণ অনুষ্ঠিত হৈছিল। ইয়াৰ পাছতে বিগত দুটা দিন ধৰি ৰাষ্ট্ৰীয় উদ্যানখনত গঁড়ৰ গণনা সম্পন্ন হয়৷ এই গণনাত ৰাজ্যৰ বিভিন্ন সংমণ্ডলৰ পৰা অহা বন বিষয়া,  বেচৰকাৰী সংগঠনৰ প্ৰতিনিধি আৰু সংবাদ মাধ্যমৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰে৷

Apply Now

কাজিৰঙাৰ এই ত্ৰয়োদশ গঁড় পিয়ল ২০১৮ত মুঠ ১০০জন বন বিষয়া আৰু প্ৰায় ৩০০ বনকৰ্মীক নিয়োগ কৰা হৈছিল বুলি জানিব পৰা গৈছে। এই কথা নৰ্থ-ইষ্ট নাওক জনায় ৰাষ্ট্ৰীয় উদ্যানখনৰ ডি এফ অ’ ৰোহিণীবল্লভ শইকীয়াই৷ তেওঁৰ মতে ২৬ মাৰ্চত কাজিৰঙাৰ ৩৬টা কম্পাৰ্টমেণ্টত আৰু ২৭ মাৰ্চত মুঠ ৩৮টা কম্পাৰ্টমেণ্টত গঁড়ৰ গণনা কৰা হয়৷

উল্লেখযোগ্য যে বিগত গণনাৰ তুলনাত এই বাৰৰ গণনাত উদ্যানখনৰ ঘাঁহনি জ্বলোৱাৰ কাম সম্পূৰ্ণ নোহোৱা বাবে গণনাত কিছু অসুবিধাই দেখা দিছিল৷

সূত্ৰটোৱে জানিবলৈ দিয়া মতে, দুয়োদিনৰ গণনাত সংগৃহীত তথ্য ইতিমধ্যে কঁহৰা ৰেঞ্জত থকা নিয়ন্ত্ৰণ কক্ষত জমা দিয়া হৈছে৷ পৰৱৰ্তী সময়ত বন বিভাগৰ শিক্ষা আৰু গৱেষণা বিভাগৰ মুখ্য বন সংৰক্ষক উৎপল বৰাক সভাপতি হিচাপে লৈ গঠিত কৰিকৰী সমিতিয়ে এই তথ্য বিশ্লেষণ কৰি গঁড় পিয়ল ২০১৮ৰ আধাৰত গঁড়ৰ সংখ্যা আৰু অন্যান্য তথ্য প্ৰকাশ কৰিব৷

উল্লেখ কৰিব পাৰি যে ১৯৬৫ চনত কাজিৰঙাত প্ৰথমবাৰৰ বাবে প্ৰণালীবদ্ধ গঁড় গণনা আৰম্ভ কৰা হৈছিল আৰু এই গণনাত ৰাষ্ট্ৰীয় উদ্যানখনত মুঠ ৩৬৬টা গঁড় পোৱা গৈছিল৷ ইয়াৰ বিপৰীতে ২০১৩ চনৰ গণনাত মুঠ ২৩২৯টা আৰু ২০১৫ চনৰ গণনাত ২৪০১টা গঁড় পোৱা গৈছিল৷

১৯৬৬ চনৰ পৰা কাজিৰঙাত কৰা গঁড় গণনাৰ তথ্য :
১ : ১৯৬৬ চন : ৩৬৬
২ : ১৯৭২ চন : ৬৫৮
৩ : ১৯৭৮ চন : ৯৩৯
৪ : ১৯৮৪ চন : ৯৪৬
৫ : ১৯৯১ চন : ১১২০
৬ : ১৯৯৩ চন : ১১৬৪
৭ : ১৯৯৯ চন : ১৫৫২
৮ : ২০০৬ চন : ১৮৫৫
৯ : ২০০৯ চন : ২০৪৮
১০ : ২০১২ চন : ২২৯০
১১ : ২০১৩ চন : ২৩২৯
১২ : ২০১৫ চন : ২৪০১

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাশী-বিশ্বনাথ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা : পিএচি জোৱানৰ গুলীচালনাত ৩ ব্যক্তি আহত

কাশী-বিশ্বনাথ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা : পিএচি জোৱানৰ গুলীচালনাত ৩ ব্যক্তি আহত

July 4, 2026 1:35 pm
নিশা কৰ্তব্যৰত মহিলা চিকিৎসকক যৌন নিৰ্যাতন বিজেপি নেতাৰ; ধৰ্মঘটৰ ভাবুকি কনিষ্ঠ চিকিৎসকৰ

নিশা কৰ্তব্যৰত মহিলা চিকিৎসকক যৌন নিৰ্যাতন বিজেপি নেতাৰ; ধৰ্মঘটৰ ভাবুকি কনিষ্ঠ চিকিৎসকৰ

July 4, 2026 1:17 pm
হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ! ধুমুহা-বৰষুণৰ দুৰ্যোগৰ ফলত কমেও ১৪ জন লোকৰ মৃত্যু; ভূমিস্খলনত বন্ধ বহু পথ

July 4, 2026 12:20 pm
ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

ভেনিজুৱেলাৰ ভূমিকম্পত ভৰি হেৰুৱাই পেলোৱা এটি শিশুৰ সপোন পূৰণ কৰিলে ৰোনাল্ডোৱে

July 4, 2026 11:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাশী-বিশ্বনাথ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা : পিএচি জোৱানৰ গুলীচালনাত ৩ ব্যক্তি আহত

কাশী-বিশ্বনাথ মন্দিৰত ভয়ংকৰ দুৰ্ঘটনা : পিএচি জোৱানৰ গুলীচালনাত ৩ ব্যক্তি আহত

July 4, 2026 1:35 pm
নিশা কৰ্তব্যৰত মহিলা চিকিৎসকক যৌন নিৰ্যাতন বিজেপি নেতাৰ; ধৰ্মঘটৰ ভাবুকি কনিষ্ঠ চিকিৎসকৰ

নিশা কৰ্তব্যৰত মহিলা চিকিৎসকক যৌন নিৰ্যাতন বিজেপি নেতাৰ; ধৰ্মঘটৰ ভাবুকি কনিষ্ঠ চিকিৎসকৰ

July 4, 2026 1:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd