কাৰ্বি আংলঙৰ ডকমকাত দুগৰাকী যুৱ শিল্পী অভিজিৎ নাথ আৰু নিলোৎপল দাসক সোপাধৰাৰ সন্দেহত ৰাজপথতে স্থানীয় লোকে নিৰ্মমভাৱে মৰিয়াই হত্যা কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
মুখ্য মন্ত্ৰী গৰাকীয়ে অতিৰিক্ত সঞ্চালক প্ৰধান মুকেশ আগৰৱালাক শীঘ্ৰে ঘটনাস্থলীলৈ যোৱাৰ নিৰ্দেশ দিয়াৰ উপৰি এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰাৰ বাবেও নিৰ্দেশ দিয়ে।
আজি এক বিবৃতিযোগে মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে দুগৰাকী যুৱ শিল্পী অন্ধ বিশ্বাসৰ বলি হৈ মৃত্যক সাবটি ল’ব লগীয়া হোৱা ঘটনা অতিশয় নিন্দনীয়। ফলত মুখ্য মন্ত্ৰী গৰাকীয়ে এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনক নিৰ্দেশ দিয়ে।
লগতে বিবৃতি যোগেই মুখ্য মন্ত্ৰী গৰাকীয়ে দুয়োগৰাকী যুৱ শিল্পীৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।