কাৰ্বি আংলং জিলাৰ ডকমকা বনাঞ্চলৰ মানুহ এঘৰৰ পৰা জিলাখনৰ বনকৰ্মীয়ে আজি এহাল বিৰল প্ৰজাতিৰ হিমালয়ান ভালুকৰ পোৱালী উদ্ধাৰ কৰে ৷
উল্লেখযোগ্য যে ডকমকা বনাঞ্চলৰ ভিতৰৰ পৰা ভালুকৰ পোৱালী দুটাক এজন মানুহে আনি বিগত এসপ্তাহ ধৰি নিজৰ ঘৰতেই প্ৰতিপালন কৰি আছিল ৷ এই সম্পৰ্কে কাৰ্বি আংলং জিলাৰ বনকৰ্মীয়ে খবৰ পাই আজি কাজিৰঙাৰ পানবাৰী বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ সহায়ত মানুহ ঘৰৰ পৰা পোৱালী হালক উদ্ধাৰ কৰি আনে ৷
কেন্দ্ৰটোৰ পশু চিকিৎসক ডা৹ চামচুল আলিৰ মতে পোৱালী কেইটাৰ বয়স প্ৰায় ১২/ ১৫ দিনৰ হব ৷
তেওঁ লগতে জনায় যে হিমালয়ান ভালুক পোৱালী কেইটা সম্পূৰ্ণ সুস্থ অৱস্থাতে পোৱা গৈছে ৷
অৱশ্যে সম্প্ৰতি হিমালয়ান ভালুক পোৱালী হালৰ খাদ্যৰ প্ৰতিহে বিশেষ যত্ন লোৱাৰ প্ৰয়োজন হব বুলি জনায় ডা৹ চামচুলে ৷ কিয়নো বিগত এটা সপ্তাহ ধৰি ভালুকৰ পোৱালী হালক মানুহৰ খাদ্যই দি অহা হৈছিল ৷
সম্প্ৰতি কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত পৰ্যবেক্ষণত ৰখা হৈছে অতি বিৰল প্ৰজাতিৰ হিমালয়ান ভালুক হালক ৷ উক্ত কেন্দ্ৰটোত কিছুদিন বিশেষ নিৰীক্ষণত ৰাখি পোৱালী হালক পিছত পুনৰ বনত এৰি দিয়াৰ কথা চিন্তা কৰা হব বুলি ডা৹ চামচুল আলিয়ে লগতে জনায় ৷