কৃষক-শ্ৰমিক উন্নয়ণ পৰিষদৰ নগাওঁ জিলা সমিতিখন পুনৰ গঠন কৰা হৈছে। নতুনকৈ গঠন কৰা সমিতিখনে কৃষকৰ স্বাৰ্থত গুৰুত্ব দি সংগঠনৰ কাম কাজ আগবঢ়াই নিয়াৰ বাবে সংকল্প গ্ৰহণ কৰিছে।
বিগত সময়ছোৱাত কৃষি বিভাগত সংঘটিত বিয়াগোম কেলংকাৰীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰাৰ লগতে এই কেলেংকাৰীৰ লগত জড়িত বিষয়াসকলৰ শাস্তিৰ দাবীত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত সংগঠনটোৱে আন্দোলন গঢ়ি তুলিছিল।
পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ শাসনকালত কৃষি বিভাগৰ দুৰ্নীতিৰ বিৰুদ্ধে অত্যন্ত সৰৱ হৈ থকা সংগঠনটো পুনৰ কৃষক ৰাইজৰ স্বাৰ্থত ওলাই অহাৰ প্ৰতিশ্ৰুতিৰে সংগঠিত হ’বলৈ প্ৰচেষ্টা চলাইছে।
মঙলবাৰে নগাওঁ নেহৰু যুৱক কেন্দ্ৰত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মুকুল বৰা আৰু সাধাৰণ সম্পাদক উৎপল বৰুৱাৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয়। উক্তসভাত পৰিষদৰ পুৰণি জিলা সমিতিখন ভংগ কৰি আগন্তুক তিনি বছৰৰ বাবে নতুনকৈ গঠন কৰা হয়।
প্ৰায় অৰ্দ্ধ শতাধিক কৰ্মীৰ উপস্থিতিত প্ৰাণতোষ হাজৰিকাক সভাপতি, মনোজ কুমাৰ বৰাক কাৰ্যকৰী সভাপতি, অম্লানজ্যোতি মহন্তক সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত কৰা হয়। মুঠ ২১ জন সদস্যৰে এখন নতুন শক্তিশালী সমিতি গঠন কৰা হয়।