বিগত বৰ্ষত ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৃষকে আমেৰিকাৰ ‘এডভাণ্টা’ নামৰ বৰ্ণসংকৰ জাতৰ ধানৰ বীজ ব্যৱহাৰ কৰি ধানৰ সলনি পতান লাভ কৰা ঘটনাই কৃষকসকলক সৰ্বস্বান্ত কৰাৰ পিছত এইবাৰো কৃষি বিভাগে যোগান ধৰা ‘চি এইচ আৰ এইচ-৫’ নামৰ বীজ ব্যৱহাৰ কৰি বৰপেটা জিলাত ইৰিধান কৰা কৃষকসকলে মূৰে-কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।
উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ অধীনস্থ বীজ নিগমৰ জৰিয়তে দুমাহ পূৰ্বে বৰপেটা জিলাৰ প্ৰতিখন পঞ্চায়তৰ অন্তৰ্গত কৃষকসকলৰ মাজত বিতৰণ কৰিছিল বিনামূলীয়া ইৰিধানৰ বৰ্ণসংকৰ বীজ। কৃষি বিভাগে যোগান ধৰা ‘চি আৰ এইচ আৰ-৫’ নামৰ হাইব্ৰীড ধানৰ বীজ জিলাখনৰ বিভিন্ন পঞ্চায়ত এলেকাৰ গাঁওসমূহৰ নিৰ্বাচিত কৃষকৰ মাজত বিতৰণ কৰা হয় যদিও ইয়াৰ অধিক সংখ্যক ধান পৈণত হোৱাৰ পিছতো আজি পৰ্যন্ত থোক নোলোৱা ঘটনাই কৃষকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে।
জিলাখনৰ কাদং পঞ্চায়তৰ সোণপুৰা, মহম্মদপুৰ, কাদং, তাপাজুলি, ৰূপাকুছি, কালামপুৰ আৰু জনীয়া অঞ্চলত এনে ঘটনা সৃষ্টি হোৱাত মূৰে-কপালে হাত দিবলগা হৈছে কৃষকসকলে।
চৰকাৰী বীজ লাভ কৰাৰ পিছতে ইয়াৰ কৃষকসকলে প্ৰতিবিঘা মাটিত ট্ৰেক্টৰেৰে চহাই কঠীয়া সিঁচাৰ পিছত পথাৰত এই কঠীয়াসমূহ পথাৰত ৰোপণ কৰিছিল। প্ৰতিবিঘাই ৫-৬ হাজাৰ টকা খৰচ কৰি কঠোৰ পৰিশ্ৰমৰ মাজেৰে কৃষকসকলে এই চৰকাৰী ধান ৰোপণ কৰে যদিও দুমাহ উকলি যোৱাৰ পিছতো আজিলৈকে এই ধানৰ থোক নোলোৱাত কৃষকসকলৰ কষ্টপাৰ্জিত ধন অথলে যোৱাৰ উপক্ৰম হৈছে।
জিলাখনৰ কৃষকসকলৰ মাজত এনে পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিছত বহু কৃষকে বিষয়টো কৃষি বিভাগৰ গ্ৰামসেৱক আৰু কৃষি বিষয়াক অৱগত কৰিছে যদিও বিষয়টো সন্দৰ্ভত আজি পৰ্যন্ত কোনোধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই বুলি কৃষকসকলে অভিযোগ কৰিছে।
কৃষি বিভাগৰ এনে ভূমিকাৰ বিৰুদ্ধে সৰব হৈ সোমবাৰে নিখিল ভাৰত কৃষক সভাৰ আঞ্চলিক সমিতিয়ে অঞ্চলটোৰ কৃষকসকলৰ সহযোগত মহম্মদপুৰৰ খেতিপথাৰত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
নিখিল ভাৰত কৃষক সভাৰ ৰাজ্যিক সদস্য চানমামুদ আহমেদ আৰু জনীয়া আঞ্চলিকৰ সম্পাদক জয়নাল আবদিনৰ লগতে কৃষক সভাৰ নেতা-কৰ্মীসকলে কৃষকৰ সহযোগত খেতিপথাৰৰ মাজতে কৃষিমন্ত্ৰী অতুল বৰাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদকাৰীসকলে ‘কৃষিমন্ত্ৰী অতুল বৰা মুৰ্দাবাদ, ৰাজ্য চৰকাৰ হায় হায়, কৃষকক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক’ আদি শ্ল’গানেৰে পৰিস্থিতি উত্তাল কৰি তোলে।
প্ৰতিবাদস্থলীতে সকীয়নি দি ৰাজ্য চৰকাৰৰ কৃষি বিভাগক তৎকালে এই কৃষকসকলক ক্ষতিপূৰণ আদায় দিবলৈ দাবী জনাই কৃষিমন্ত্ৰী অতুল বৰাৰ পদত্যাগৰো দাবী তোলে। যদি ৰাজ্য চৰকাৰে তৎকালে কৃষকসকলক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা নকৰে তেতিয়া হ’লে মহাৰাষ্ট্ৰৰ দৰে কৃষকসকলে জংগী আন্দোলন গঢ়ি তুলিব বুলিও প্ৰতিবাদকাৰীসকলে সকীয়াই দিয়ে।