দূৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা জাহিৰ কৰা বিজেপি নেতৃত্বাধীন সৰ্বানন্দ সোণোৱাল চৰকাৰৰ আমোলত গোৱালপাৰা জিলাৰ কৃষ্ণাইত পথ নিৰ্মাণত ব্যাপক কেলেংকাৰি সংঘটিত হোৱাৰ অভিযোগ উঠিছে ৷ জানিব পৰা মতে গোৱালপাৰা জিলাৰ কৃষ্ণাইত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনস্থ এটা পথ নিৰ্মাণৰ দায়িত্ব লাভ কৰা এগৰাকী ঠিকাদাৰে অতি নিম্ন মানৰ কাম কৰি আছে।
অভিযোগ অনুসৰি, অতি নিম্ন মানৰ নিৰ্মাণ সামগ্ৰীৰে পথ নিৰ্মাণৰ নামত ঠিকাদাৰ ধৰ্মেশ্বৰ কছাৰীয়ে মুক্তভাৱে চলাইছে লুণ্ঠনৰাজ৷ উল্লেখ্য যে, কৃষ্ণাইৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পাইকাণ ১ম খণ্ডৰ মাক্ৰিবড়ী হৈ চকুধোৱা পথলৈ নিৰ্মাণ কৰি থকা পথছোৱাত এই কেলেংকাৰি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে৷
কৃষ্ণাইৰ ভুক্তভোগী ৰাইজে উত্থাপন কৰা অভিযোগ অনুসৰি, উক্ত ঠিকাদাৰ ধৰ্মেশ্বৰ কছাৰীয়ে পথটো নিৰ্মাণত অতি নিম্ন মানৰ শিল, বালি আদি ব্যৱহাৰ কৰাৰ উপৰিও পথটোৰ বাবে অনুমোদিত হোৱা তথা অতি প্ৰয়োজনীয় কালভাৰ্ট কেইটাও অতি চতুৰভাৱে হৰলুকি কৰিছে৷ এই কেলেংকাৰিৰ সন্দৰ্ভত স্থানীয় ৰাইজে সংশ্লিষ্ট কৰ্তৃপক্ষক বহু বাৰ অভিযোগ দিছে যদিও আজিলৈকে ঠিকাদাৰ ধৰ্মেশ্বৰ কছাৰীৰ বিপক্ষে কাৰ্যতঃ কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। এই কথা প্ৰতীয়মান হৈ পৰিছে যে গড়কাপ্তানি বিভাগটোৱে ঠিকাদাৰগৰাকীক কোনো পধ্যেই নিয়ন্ত্ৰণ কৰিব পৰা নাই।
অভিযোগ উঠা মতে, গড়কাপ্তানি বিভাগৰ নিয়ম মতে নচলে ঠিকাদাৰ ধৰ্মেশ্বৰ কছাৰী৷ আনকি কোনো ক্ষমতাশালী চক্ৰৰ চত্ৰছায়াত লালিত-পালিত ক্ষমতাশালী ঠিকাদাৰ ধৰ্মেশ্বৰ কছাৰীয়ে হেনো পথ সম্পৰ্কীয় বিষয়ত ৰাইজৰ অভিযোগৰ ওপৰত গুৰুত্ব দিয়া পথৰ দায়িত্বত থকা অভিযন্তাকো নিমিষতে বদলি কৰি দিব পাৰে৷ ৰাইজৰ অভিযোগক কোনো গুৰুত্ব নিদিয়া ঠিকাদাৰ ধৰ্মেশ্বৰ কছাৰীয়ে এক প্ৰকাৰ নিজৰ খেয়াল খুচি মতে পথৰ কাম শেষ কৰিবলৈ ওলোৱা কাৰ্যত অঞ্চলটোৰ ৰাইজে মুকলিকৈ ক্ষোভ ব্যক্ত কৰিছে৷ এই ক্ষেত্ৰত বিহিত পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গোৱালপাৰা জিলা সমিতিৰ উপ সভাপতি জাকিৰ হুছেইনে৷ অন্যথা তেওঁলোকে আন্দোলনৰ পথ গ্ৰহণ কৰাৰ কথা ৰাজহুৱাকৈ ঘোষণা কৰিছে৷