গোৱালপাৰাৰ কৃষ্ণাইত প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ নামত চলি আছে কোনো অশুভ শক্তিৰ মদতপুষ্ট ঠিকাদাৰৰ লুটৰাজ৷ পথ নিৰ্মাণত থকা বিসংগতি সম্পৰ্কে অভিযোগ কৰিলেই অভিযোগ কৰোঁতা হৈ পৰে ঠিকাদাৰৰ গুণ্ডা বাহিনীৰআক্ৰমণ লক্ষ্য। শেহতীয়াভাৱে কৃষ্ণাইৰ পাইকানত ঠিকাদাৰৰ আক্ৰমণৰ বলি হৈছে এগৰাকী ৬০ বছৰীয়া বৃদ্ধা।
কৃষ্ণাইৰ পাইকান ৩৭ নং ৰাষ্ট্ৰীয় পথৰ পৰা বৰজুলিলৈকে নিৰ্মাণ চলি থকা পথছোৱাত সম্প্ৰতি চলিছে লুটৰাজ ৷ ঠিকাদাৰ নিব্বাচ সিঙে চলাইছে এই লুটৰাজ৷
এইক্ষেত্ৰত সম্পূৰ্ণ নীৰৱতা অৱলম্বন কৰিছে গড়কাপ্তানী বিভাগে। ইফালে বিভাগীয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভূমিকাও সন্দেহজনক৷
এই বিষয়ত বহু অভিযোগ দিয়া হৈছে যদিও দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীলতাৰ কথা সদম্ভে ঘোষণা কৰি থকা ৰাজ্যৰ বিজেপি চৰকাৰখনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ঠিকাদাৰ নিব্বাচ সিঙৰ বিৰুদ্ধে৷
গোৱালপাৰাত এতিয়া প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণৰ নামত ঠিকাদাৰে যেন লুটপাতৰ প্ৰতিযোগিতাতহে নামিছে।
বছৰৰ পিছত বছৰ ধৰি শোচনীয় বাট-পথৰ বাবে নৰক যন্ত্ৰণা ভুগি অহা গঞা ৰাইজে পকী পথৰে অহা-যোৱা কৰাৰ সপোন দেখিছিল যদিও সেয়া এতিয়া এটা অলীক সপোনলৈ ৰূপান্তৰিত হৈছে।
পাইকান বৰজুলি পথৰ নিৰ্মাণৰ কাম চলি থাকোঁতেই চিৰাল ফাট দিছে নিৰ্মীয়মাণ কালৰ্ভাটত ৷
কালভাৰ্টৰ উপৰি বাকী পথছোৱা নিৰ্মাণতো ব্যৱহাৰ হৈছে নিম্নমানৰ সামগ্ৰী৷ কৃষ্ণাইত এতিয়া ঠিকাদাৰৰ ধন ঘটাৰ আহিলাহে হৈ পৰিছে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা৷