কোকৰাঝাৰ জিলাৰ অন্তৰ্গত কাৰিগাঁও গৌৰীনগৰ ৰাজহুৱা পথাৰত আৰ্থিকভাৱে অনগ্ৰসৰ মুঠ ৩২ যোৰা আদিবাসী দম্পতীৰ সমূহীয়া বিবাহ সম্পন্ন হয়।
উল্লেখ্য যে দুখীয়া আদিবাসী লোকসকলে সমাজিক ৰীতি-নীতিৰে বিয়া নকৰাকৈ যুগ্ম জীৱনৰ পাতনি মেলিছিল যদিও সেয়া আদিবাসী সমাজত স্বীকৃত নহয়।
সেয়েহে আৰ্থিক সমস্যাৰ বাবে আনুষ্ঠানিকভাৱে বিয়া পাতিব নোৱাৰাসকলক এনেদৰে সমূহীয়াকৈ বিবাহ সম্পন্ন কৰি দিয়া হয়।
তাৰে পৰিপ্ৰক্ষিতত আজি কাৰিগাঁও গৌৰীনগৰ ৰাজহুৱা পথাৰত দেৱ দেৱীক সাক্ষী কৰি ৩২ যোৰা দম্পতীৰ ৰাজহুৱা বিবাহ সম্পন্ন কৰাত সহায় সহযোগিতা আগবঢ়োৱাৰ লগতে উপস্থিত থাকে বি টি চিৰ কাৰ্যবাহী সদস্য ৰাজীৱ কুমাৰ ব্ৰহ্ম আৰু দনেশ্বৰ গয়াৰী।
আদিবাসী সকলৰ পৰম্পৰাগত নাচ গানেৰে মুখৰিত হৈ পৰে সমূহীয়া বিয়া অনুষ্ঠানৰ বাকৰি।
আজিৰ এই বিবাহ অনুষ্ঠানত সম্পূৰ্ণ সহায় সহযোগিতা বি পি এফৰ তৰফৰ পৰাই আগবঢ়োৱা হৈছে। যাৰ বাবে বি পি এফৰ সক্ৰিয় নেতা তথা কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰী আৰু ৰাজীৱ কুমাৰ ব্ৰহ্মলৈ ধন্যবাদ জ্ঞাপন কৰে আয়োজক সমিতিয়ে।
উল্লেখ্য যে আজিৰ এই সমূহীয়া বিবাহক কেন্দ্ৰ কৰি স্থানীয় অঞ্চলটোত এক উছবমুখৰ পৰিৱেশে বিৰাজ কৰা দেখা যায়।