শিৱসাগৰত ১৬৫ গৰাকী চৰকাৰী কৰ্মচাৰীয়ে অকৰ্তৃত্বশীলভাৱে কাৰ্য্যালয়ত অনুপস্থিত থকাৰ কথা পোহৰলৈ আনিছে জিলা প্ৰশাসনে। শিৱসাগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ নিৰ্দেশ মৰ্মে তিনি গৰাকী দণ্ডাধীশে সোমবাৰে দিনটোৰ ভিতৰত শিৱসাগৰ চহৰ আৰু ইয়াৰ উপকন্ঠ অঞ্চলত থকা ১৫ টা চৰকাৰী বিভাগত আকস্মিকভাৱে পৰিদৰ্শন কৰে।
উক্ত পৰিদৰ্শনৰ কালছোৱাত ১৬৫ গৰাকী বিষয়া-কৰ্মচাৰী অকৰ্তৃত্বশীলভাৱে কতৰ্ব্যত অনুপস্থিত থকাৰ কথা পোহৰলৈ আহে। পৰিদৰ্শনৰ পিছত তিনি গৰাকী দণ্ডাধীশে এই সন্দৰ্ভত জিলা উপায়ুক্তক প্ৰতিবেদন দাখিল কৰে।
জানিব পৰা মতে উপযুক্তই কতৰ্ব্যত গাফিলতি কৰা তথা চৰকাৰী কাৰ্য্যালয়ত অকৰ্তৃত্বশীলভাৱে উপস্থিত নথকা ১৬৫ গৰাকী বিষয়া-কৰ্মচাৰীৰ ক্ষেত্ৰত বিভাগীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে।
উল্লেখযোগ্য যে শিৱসাগৰৰ গৰিষ্ঠ সংখ্যক চৰকাৰী কাৰ্যালয়ত বিষয়া-কৰ্মচাৰী উপস্থিত নথকাটো এক সাধাৰণ নিয়মলৈ ৰূপান্তৰিত হৈছে। এই সন্দৰ্ভত দীৰ্ঘদিন ধৰি ৰাইজে অভিযোগ কৰি আহিছে।
আনহাতে, জিলা উপায়ুক্তই চৰকাৰী কাৰ্যালয়ত চলোৱা এই অভিযানৰ সমান্তৰালকৈ শিক্ষা বিষয়াইও জিলাখনৰ বিদ্যালয়সমূহ পৰিৰ্দশন কৰি বিদ্যালয়ত উপস্থিত নথকা শিক্ষক কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা জানিব পৰা গৈছে।