সোণোৱাল চৰকাৰে আৰক্ষী বিভাগটোক আধুনীকিকৰণ কৰা বুলি ৰাইজক আভুৱা ভাঁৰি অহাৰ সময়তে দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত দেখা পোৱা গ’ল ইয়াৰ ওলোটা ছবি। দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰৰ এগৰাকী আৰক্ষী বিষয়াই দৰিদ্ৰ তথা নিবনুৱা যুৱকৰ পৰা কনিষ্টবলৰ চাকৰি দিয়াৰ নামত সংগ্ৰহ কৰিছে লাখ লাখ টকা।
উল্লেখযোগ্য যে দেৰগাঁও আৰক্ষী প্রশিক্ষণ কেন্দ্ৰৰ আৰক্ষী বিষয়া ছামাদ চৌধুৰীয়ে কনিষ্টবলৰ চাকৰি দিয়াৰ নামত অঞ্চলটোত গঢ়ি তুলিছে এক প্ৰকাৰৰ ৰমৰমীয়া বেহা। সাধাৰণ ৰাইজক নিৰাপত্তা প্ৰদানৰ বাবে থকা আৰক্ষী বিভাগটো চৌধুৰীৰ কাৰণে হৈ পৰিছে সোণৰ কণী পৰা হাঁহ।
প্ৰাপ্ত তথ্য মতে চৌধুৰীয়ে আৰক্ষী বিভাগত কনিষ্টবলৰ চাকৰি দিয়াৰ নামত স্থানীয় দুজন দৰিদ্ৰ লোকৰ পৰা ৩ লাখ কৈ টকা সংগ্ৰহ কৰে।
আনহাতে স্থানীয় দৰিদ্ৰ লোক দুজনে নিজৰ পুতেকৰ চাকৰি আশাত নিজৰ খেতি-মাটি বিক্ৰী কৰি কৰাৰ উপৰিও নিজৰ গৰু পৰ্যন্ত বিক্ৰী কৰি আৰক্ষী বিষয়া চৌধুৰীক ডেৰ লাখ টকা প্ৰদান কৰে। ইফালে আনজন লোকেও চৌধুৰীক ডেৰ লাখ টকা প্ৰদান কৰে।
কিন্তু আশ্বৰ্যজনকভাৱে টকা লাভ কৰাৰ পিছতে আৰক্ষী বিষয়া চৌধুৰীয়ে লোক দুজনৰ লগত যোগাযোগ ৰখাৰ পৰা বিৰত থকাৰ লগতে লোক দুজনে এই সম্পৰ্কত কিবা সুধিলেও চৌধুৰীয়ে উপলুঙা মন্তব্য কৰে। অৱশেষত চৌধুৰীয়ে লোক দুজনক তেওঁলোকৰ টকা ঘূৰাই দিব বুলি কয় যদিও আজি কালি কৰি লোক দুজনক চোঁচৰাই আছিল।
পিছত দালালৰূপী আৰক্ষী বিষয়া চৌধুৰীৰ ওপৰত সন্দেহ ওপজাত দেৰগাঁও থানাত গোচৰ ৰুজু কৰে ভুক্তভোগী পৰিয়াল দুটাই। পূৰ্বতেও এনেদৰে দালালৰূপী আৰক্ষী বিষয়া গৰাকীয়ে এনেদৰে বহু নিবনুৱা যুৱক তথা দৰিদ্ৰ লোকৰ পৰা চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে।