• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গাওঁৰক্ষী বাহিনীৰ খবৰমতে আৰক্ষী সময়ত যোৱা হ’লে জীৱন বাচিলহেঁতেন নেকি নীলোৎপল আৰু অভিজিতৰ?

এন ই নাও নিউজ by এন ই নাও নিউজ
June 10, 2018 6:20 pm
NilotpalDas
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰ্বি আংলঙৰ ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত পাণজুৰিত মানুহৰ অকল্পনীয় নৃশংসতাৰ বলি হৈ অকাল মৃত্যু হোৱা নীলোৎপল আৰু অভিজিতৰ মৃতদেহ আজি গুৱাহাটীৰ তেওঁলোকৰ ঘৰলৈ অনা হয়। আজি দুয়ো বন্ধুৰ মৃতদেহ গুৱাহাটীৰ নৱগিৰি শ্মশানত সৎকাৰ কৰা হয়।

উল্লেখযোগ্য যে ইতিপূৰ্বে আৰক্ষীয়ে তৎপৰতাৰে এই বৰ্বৰ হত্যাকাণ্ডটোত জড়িত ১৬জনক গ্ৰেপ্তাৰ কৰিছে। তাৰোপৰি তদন্ত এতিয়াও অব্যাহত আছে।

Apply Now

আনহাতে বহুতে এইটো অভিযোগ কৰা দেখা গৈছে যে উক্ত দিনা ঘটনাৰ সময়ত গাওঁৰক্ষী বাহিনীয়ে খবৰ দিয়াৰ লগে লগে আৰক্ষী উপস্থিত হোৱা হ’লে নীলোৎপল আৰু অভিজিতৰ জীৱন বচাব পৰা গ’লহেঁতেন। আজিৰ সংবাদমেলত ৰাজ্যৰ মুখ্য সচিব টি ৱাই দাসেও একেই মন্তব্য কৰিছিল। মন কৰিব লগীয়া যে গাওঁৰক্ষী বাহিনীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিজে চেষ্টা কৰাৰ লগতে পৰিস্থিতিয়ে বেয়াৰ দিশত গতি কৰা দেখি আৰক্ষীলৈও খবৰ দিছিল।

অৱশ্যে ডকমকাৰ আৰক্ষীয়ে পলম হোৱাৰ অভিযোগ নাকচ কৰিছে। “ডকমকা থানা ঘটনা সংঘটিত ঠাই পাণজুৰিৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত। গতিকে আৰক্ষীয়ে খবৰ পোৱাৰ লগে লগে গৈছিল যদিও বেয়া পথ অতিক্ৰমী গৈ পাওঁতে প্ৰায় আধা ঘণ্টা লাগিছিল। ইয়াৰ ফলতে ঘটনাস্থলীত উপস্থিত হোৱাত পলম হৈছিল আৰক্ষীৰ।” ডকমকা থানাৰ এটা আৰক্ষীৰ সূত্ৰই কয়।

এইখিনিতে মন কৰিব লগীয়া এটা কথা হ’ল যে উন্মত্ত জনতাই যুৱক দুজনক আক্ৰমণ কৰি থকা ঘটনাটোৰ ভাইৰেল হৈ পৰা ভিডিঅ’টোত এজন আৰক্ষী লোককো দেখা গৈছে আৰু তেওঁক উন্মত্ত লোকসকলে যুৱকজনক নিৰ্মম প্ৰহাৰ কৰি থকা দৃশ্য ম’বাইলত বন্দী কৰাত ব্যস্ত যেন লাগে।

ইফালে মৰ্মান্তিক ঘটনাটোৰ ক্ষোভৰ জুয়ে এতিয়াও সমগ্ৰ ৰাজ্যক উত্তপ্ত কৰি ৰাখিছে। বিশেষকৈ ছ’চিয়েল মিডিয়াত সমস্ত কাৰ্বি সম্প্ৰদায়ক লৈ আপত্তিকৰ মন্তব্য কৰা দেখা গৈছে, যিটোৱে ৰাজ্যখনৰ সামাজিক সম্প্ৰীতিত আন এটা আঘাত দিব পাৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমন্ত্ৰণ বিতৰ্কৰ বাবে বাতিল কৰা হ’ল বেংগালুৰুৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন

আমন্ত্ৰণ বিতৰ্কৰ বাবে বাতিল কৰা হ’ল বেংগালুৰুৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন

August 28, 2026 10:51 am
আমেৰিকাত হত্যা হায়দৰাবাদৰ যুৱতী নিকিতাক; আগ্ৰাৰ পৰা গ্ৰেপ্তাৰ অভিযুক্ত অৰ্জুন

আমেৰিকাত হত্যা হায়দৰাবাদৰ যুৱতী নিকিতাক; আগ্ৰাৰ পৰা গ্ৰেপ্তাৰ অভিযুক্ত অৰ্জুন

August 28, 2026 10:03 am
পুনৰ ৰক্তাক্ত হ’ল অশান্ত মণিপুৰ; বিদ্যালয়ৰ প্ৰধান শিক্ষককে ধৰি ৫ জনক হত্যা!

পুনৰ ৰক্তাক্ত হ’ল অশান্ত মণিপুৰ; বিদ্যালয়ৰ প্ৰধান শিক্ষককে ধৰি ৫ জনক হত্যা!

August 28, 2026 9:11 am
নেপালৰ প্ৰলয়ংকাৰী বানত মৃত্যুৰ সংখ্যা ৩৯২ লৈ বৃদ্ধি, ১৪৬৮জন সন্ধানহীন; এতিয়া কি পৰিস্থিতি?

নেপালৰ প্ৰলয়ংকাৰী বানত মৃত্যুৰ সংখ্যা ৩৯২ লৈ বৃদ্ধি, ১৪৬৮জন সন্ধানহীন; এতিয়া কি পৰিস্থিতি?

August 28, 2026 8:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমন্ত্ৰণ বিতৰ্কৰ বাবে বাতিল কৰা হ’ল বেংগালুৰুৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন

আমন্ত্ৰণ বিতৰ্কৰ বাবে বাতিল কৰা হ’ল বেংগালুৰুৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন

August 28, 2026 10:51 am
আমেৰিকাত হত্যা হায়দৰাবাদৰ যুৱতী নিকিতাক; আগ্ৰাৰ পৰা গ্ৰেপ্তাৰ অভিযুক্ত অৰ্জুন

আমেৰিকাত হত্যা হায়দৰাবাদৰ যুৱতী নিকিতাক; আগ্ৰাৰ পৰা গ্ৰেপ্তাৰ অভিযুক্ত অৰ্জুন

August 28, 2026 10:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd