• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

গুৱাহাটীত পৰ্যটনৰ নতুন সংযোজন – ‘বহ্নিমান : ব্ৰহ্মপুত্ৰ নদী ঐতিহ্য কেন্দ্ৰ’

ভৱেশ মেধি by ভৱেশ মেধি
May 23, 2018 5:54 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাণবজাৰত ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ টিলাত থকা পুৰণি জিলা উপায়ুক্তৰ আৱাসগৃহটো নতুন ৰূপত আটকধুনীয়াকৈ সজাই-পৰাই তুলিছে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে। পৰ্যটকক আকৰ্ষণ কৰাৰ বাবে নতুন ৰূপত আটকধুনীয়াকৈ সজাই-পৰাই তোলা পুৰণি জিলা উপায়ুক্তৰ আৱাসগৃহটোৰ নামকৰণ কৰা হৈছে বহ্নিমানঃ ব্ৰহ্মপুত্ৰ নদী ঐতিহ্য কেন্দ্ৰ হিচাপে। ‘বহ্নিমান’ মুকলি হোৱাৰ পিছতে ৰাজ্য তথা গুৱাহাটীৰ পৰ্যটন ক্ষেত্ৰত নতুনকৈ সংযোজিত হ’ব জিলা উপায়ুক্তৰ এই পুৰণি আৱাসগৃহটো।

উল্লেখযোগ্য যে ৮০ বছৰ পূৰ্বে বৃটিছসকলে পাণবজাৰৰ ব্ৰহ্মপুত্ৰ পাৰত এই আৱাসটোক নিৰ্মাণ কৰিছিল। বৃটিছ বিষয়া থকাৰ বাবে নিৰ্মাণ কৰা অসম আৰ্হিৰ এই আৱাসগৃহটো স্বাধীনতাৰ পিছত উপায়ুক্তৰ আৱাসগৃহ হিচাপে ব্যৱহাৰ কৰা হয়।

Apply Now

পিছত উক্ত গৃহটো ব্যৱহাৰৰ অনুপযোগী হৈ পৰাত জিলা উপায়ুক্ত থকাৰ বাবে ৰাজভৱনৰ ওচৰত ব্ৰহ্মপুত্ৰ নদীৰ পাৰত জিলা উপায়ুক্তৰ বাবে নতুন আৱাসগৃহ নিৰ্মাণ কৰা হয়। এই নতুন আৱাস গৃহটোত উপায়ুক্তই থাকিবলৈ লোৱাৰে পৰা পাণবজাৰত থকা জিলা উপায়ুক্তৰ পুৰণি আৱাস গৃহটো পৰিত্যক্ত ৰূপ পায়।

এনেদৰে কেইবাবছৰ আৱাসগৃহটো পৰিত্যক্ত অৱস্থাত থকাৰ পিছত পূৰ্বৰ কংগ্ৰেছ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে ইয়াক নতুন ৰূপত সজাই ঐতিহ্য কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে আগবাঢ়ি আহে আৰু আৱাসটোক বস্ত্ৰ-হস্ততাঁত ঐতিহ্য কেন্দ্ৰ আৰু শৈক্ষিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে মহানগৰ উন্নয়ন প্ৰাধিকৰণক দায়িত্ব দিয়ে, সেই মতে গুৱাহাটী উন্নয়ন বিভাগে এই কামৰ বাবে মহানগৰ উন্নয়ন প্ৰাধিকৰণক ২০১২-১৩ চনত ৭ কোটি ৪৬ লাখ টকাৰ বিত্তীয় অনুমোদন দিছিল।

কিন্তু ইয়াৰ সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ কাম ২০১৪ চনৰ আৰম্ভণিৰ পৰাহে আৰম্ভ হয়। এই কাম ২০১৫ চনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ সময় নিৰ্দ্ধাৰণ কৰা হৈছিল যদিও তদানীন্তন কংগ্ৰেছ চৰকাৰে কামখিনিৰ বাবদ সময় মতে  ধন মোকলাই নিদিয়াৰ বাবে উপায়ুক্তৰ পুৰণি আৱাসগৃহটোৰ সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ কাম স্থবিৰ হৈ পৰে।

এনেদৰে দুবছৰ কাম বন্ধ হৈ থকাৰ পিছত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে বন্ধ হৈ থকা উপায়ুক্তৰ পুৰণি আৱাসগৃহটোৰ কামৰ ২০১৭ চনত নতুন গতি দিয়ে।

এই সন্দৰ্ভত উন্নয়ন প্ৰাধিকৰণৰ এক সূত্ৰই জনাই যে আৱাসগৃহটো ব্ৰহ্মপুত্ৰ নদী ঐতিহ্য কেন্দ্ৰলৈ উন্নীত কৰাৰ কাম সম্পূৰ্ণ হৈছে। মাথোঁ এতিয়া কেন্দ্ৰটোত এ চি সংযোগৰ কাম কিছু বাকী আছে। এই কামখিনি সম্পূৰ্ণ হৈ উঠিলেই কেন্দ্ৰটো পৰ্যটক আৰু দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা হ’ব।

উল্লেখ্য যে ৯ কোটি ৬৯ লাখ টকা ব্যয়সাপেক্ষে সংৰক্ষণ আৰু সংবৰ্দ্ধন কৰা আৱাসগৃহটোৰ ওচৰতে টিকট ঘৰ, ৰেষ্টোৰাঁ, জিৰণি ঘৰ, শৌচাগাৰ, প্ৰস্ৰাৱাগাৰ, নিৰ্মাণ কৰা হৈছে। তাৰোপৰি এখন মুকলি মঞ্চ আৰু ব্ৰহ্মপুত্ৰ নদীৰ নৈসৰ্গিক সৌন্দৰ্য চোৱাৰ বাবে তিনিটা ভিউ পইণ্টো (বহা ঠাই) নিৰ্মাণ কৰা হৈছে। ইয়াৰ উপৰি গাড়ী পাৰ্কিঙৰ বাবে থাকিব পাৰ্কিং আস্থান।

ব্ৰহ্মপুত্ৰ নদী ঐতিহ্য কেন্দ্ৰ হিচাপে গঢ়ি তোলা আৱাসটোৰ ভিতৰচ’ৰাত ব্ৰহ্মপুত্ৰৰ ইতিহাস, বৰ্তমান, উৎপত্তি আৰু ব্ৰহ্মপুত্ৰৰ সাংস্কৃতিক দিশবোৰৰ আলোকচিত্ৰ, নক্সাৰে দেখুওৱাৰ ব্যৱস্থা কৰাৰ লগতে গুৱাহাটীৰ পুৰণি ঐতিহ্য সম্বলিত আলোকচিত্ৰ, পুৰণি জিলা উপায়ুক্তৰ আৱাসটোৰ পুৰণি আলোকচিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা তথা অসমৰ বস্ত্ৰ আৰু হস্ততাঁত শিল্পক কেন্দ্ৰটোৰ জৰিয়তে তুলি ধৰাৰ ব্যৱস্থা কৰা হৈছে।

আৱাসগৃটো সংৰক্ষণ কৰাৰ ক্ষেত্ৰত আধুনিক আচ-বাব ব্যৱহাৰ কৰা হোৱা নাই, বৰঞ্চ ইয়াৰ নিৰ্মাণৰ সময়ত ব্যৱহাৰ কৰা সামগ্ৰীবোৰেৰে গৃহটোক নতুন ধৰণেৰে সংৰক্ষণ কৰা হৈছে বুলি আৱাসগৃটোৰ সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ কাম কৰা এজন কৰ্মচাৰীয়ে জানিবলৈ দিয়ে।

এই সকলোৰে লগতে ‘বহ্নিমান’ শীৰ্ষক ব্ৰহ্মপুত্ৰ নদী ঐতিহ্য কেন্দ্ৰৰ চাৰিওফালে গঢ়ি তোলা আটকধুনীয়া উদ্যানখনে জিলা উপায়ুক্তৰ পুৰণি আৱাসগৃহটোক যেন এক নতুন যৌৱন দিছে।

ভৱেশ মেধি

ভৱেশ মেধি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাৰ্চিপলিচৰ স্ৰষ্টা তথা বিশ্বখ্যাত ফৰাচী-ইৰাণী লেখিকা মাৰ্জান চাট্ৰাপীৰ দেহাৱসান

পাৰ্চিপলিচৰ স্ৰষ্টা তথা বিশ্বখ্যাত ফৰাচী-ইৰাণী লেখিকা মাৰ্জান চাট্ৰাপীৰ দেহাৱসান

June 4, 2026 6:42 pm
দেশত আন এক বৃহৎ কেলেংকাৰি, ১৫ লাখ কোটি টকাৰ আৰ্থিক জালিয়াতি; বিপৰ্যয় LIC-ত!

দেশত আন এক বৃহৎ কেলেংকাৰি, ১৫ লাখ কোটি টকাৰ আৰ্থিক জালিয়াতি; বিপৰ্যয় LIC-ত!

June 4, 2026 6:31 pm
শুক্ৰাণু অবিহনেই প্ৰজনন : মতা মাছৰ অবিহনেই ১ লাখ বছৰ ধৰি বৰ্তি আছে এই বিধ বিশেষ প্ৰজাতিৰ মাছ

শুক্ৰাণু অবিহনেই প্ৰজনন : মতা মাছৰ অবিহনেই ১ লাখ বছৰ ধৰি বৰ্তি আছে এই বিধ বিশেষ প্ৰজাতিৰ মাছ

June 4, 2026 6:30 pm
এভাৰেষ্টত ৬ দিন ধৰি সন্ধানহীন : মৃত বুলি ধৰি লোৱাৰ পিছত বগাই বগাই জীৱন্তে উভতি আহিল পৰ্বতাৰোহী গাইড

এভাৰেষ্টত ৬ দিন ধৰি সন্ধানহীন : মৃত বুলি ধৰি লোৱাৰ পিছত বগাই বগাই জীৱন্তে উভতি আহিল পৰ্বতাৰোহী গাইড

June 4, 2026 5:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাৰ্চিপলিচৰ স্ৰষ্টা তথা বিশ্বখ্যাত ফৰাচী-ইৰাণী লেখিকা মাৰ্জান চাট্ৰাপীৰ দেহাৱসান

পাৰ্চিপলিচৰ স্ৰষ্টা তথা বিশ্বখ্যাত ফৰাচী-ইৰাণী লেখিকা মাৰ্জান চাট্ৰাপীৰ দেহাৱসান

June 4, 2026 6:42 pm
দেশত আন এক বৃহৎ কেলেংকাৰি, ১৫ লাখ কোটি টকাৰ আৰ্থিক জালিয়াতি; বিপৰ্যয় LIC-ত!

দেশত আন এক বৃহৎ কেলেংকাৰি, ১৫ লাখ কোটি টকাৰ আৰ্থিক জালিয়াতি; বিপৰ্যয় LIC-ত!

June 4, 2026 6:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd