• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীৰ খোৱাপানী যোগান আঁচনিৰ বিত্তীয় কেলেংকাৰি : তদন্ত কৰাৰ দাবীত স্মাৰকপত্ৰ মহানগৰ উন্নয়ন সমিতিৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 27, 2018 10:26 pm
GuwahatiUnnayanSamiti
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীবাসীয়ে খোৱাপানীৰ সমস্যাৰ লগতে অন্যান্য ব্যৱহাৰ্য্য পানীৰ অভাৱত দীৰ্ঘদিন ধৰি নানান সমস্যাৰ সন্মুখীন হোৱাৰ বাবে তথা খোৱাপানী যোগান আঁচনিৰ নামত ব্যাপক বিত্তীয় কেলেংকাৰিৰ অনতিপলমে তদন্ত কৰাৰ দাবীত আজি মহানগৰ উন্নয়ন সমিতিয়ে ভঙাগড় উৰণীয়া সেঁতুৰ তলৰ পৰা এক প্ৰতিবাদী সমদল বাহিৰ কৰে।

প্ৰতিবাদকাৰীসকলে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ ভঙাগড়স্থিত মুখ্য কাৰ্য্যালয়লৈকে সমদল কৰি গৈ কাৰ্য্যালয়ৰ গেইটৰ সন্মুখত প্ৰায় আধাঘণ্টা ধৰি প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে।

Apply Now

ইয়াৰোপৰি তেওঁলোকে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ মুখ্য কাৰ্য্যবাহী বিষয়াক সাক্ষাৎ কৰি তেওঁৰ জৰিয়তে ৬টা দাবী সম্বলিত এখন স্মাৰক পত্ৰ মুখ্য মন্ত্ৰীলৈ প্ৰেৰণ কৰে।

মহানগৰ উন্নয়ন সমিতিৰ দাবীসমূহ ক্ৰমে, ‘’জি এম ডি এ-ৰ অধীনৰ আঁচনিসমূহৰ বিত্তীয় কেলেংকাৰিৰ তদন্ত কৰা, গুৱাহাটী মহানগৰৰ নাগৰিকৰ খোৱাপানী সংকট আঁতৰ কৰাৰ বাবে জি এম ডি এ-ৰ অন্তৰ্গত চাৰিওটা বৃহৎ পানীযোগান আঁচনিৰ কাম শীঘ্ৰে সম্পূৰ্ণ কৰা, আঁচনিসমূহ সম্পূৰ্ণ নোহোৱা পৰ্য্যন্ত বৰ্তমানে চলি থকা বিভিন্ন পানী যোগান আঁচনিসমূহ কাৰ্য্যক্ষম কৰি ৰখা, মহানগৰৰ ভিতৰত বৰ্তমানে চলি থকা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ক্ষুদ্ৰ আঁচনিসমূহ কাৰ্য্যক্ষম কৰি তোলা আৰু কৰ্মচাৰীৰ মজুৰি বিভাগীয়ভাৱে আদায় দিয়া ইত্যাদি।

শুকুৰবাৰে পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা সমিতিৰ সাধাৰণ সম্পাদক বীৰেন শৰ্মাই নৰ্থ-ইষ্ট নাওক জনায় যে গুৱাহাটীৰ দক্ষিণ-পশ্চিম অঞ্চলৰ ১০৭ এমএলডি আঁচনিখন JNNURM অৰ্থ্যাৎ জৱাহৰলাল নেহৰু ৰাষ্ট্ৰীয় নগৰ পুনঃনবীকৰণ মিছনৰ অৰ্থ সাহায্যত ২০০৯ চনতে আৰম্ভ হৈছিল। কিন্তু আঁচনিখনৰ কাম আজি পৰ্য্যন্ত সম্পূৰ্ণ কৰি ৰাইজক পানী যোগান ধৰিব নোৱাৰিলে।

আনহাতে, কংগ্ৰেছ চৰকাৰৰ লেখীয়াকৈ বৰ্তমানৰ বিজেপি চৰকাৰৰ দিনতো পানী যোগানৰ কামত নিয়োজিত বিষয়াসকলৰ দ্বাৰা ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ তোলে উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদকগৰাকীয়ে।

তেওঁ লগতে কয়, “দক্ষিণ গুৱাহাটীৰ ১৯১ এম এল ডি আঁচনিখন আৰু উত্তৰ গুৱাহাটীৰ ৩৭ এম এল ডি আঁচনি দুখন ‘জাইকা বেংকৰ’ ঋণ সাহায্যত একেলগে ২০১১ চনৰ মাৰ্চৰ পৰা কাম আৰম্ভ কৰিছিল যদিও এতিয়াও প্ৰকল্পটোৰ মাত্ৰ ৫০ শতাংশ কামহে সম্পূৰ্ণ হ’ল।”

আনহাতে, ২০১৬ চনত গুৱাহাটী-দক্ষিণ-পূব অঞ্চলক সামৰি আৰম্ভ হোৱা ১৪৭ এম এল ডি আঁচনিখনৰ প্ৰসংগ উল্লেখ কৰি তেওঁ লগতে কয় “সেই আঁচনিৰ কামৰ অগ্ৰগতি দুখ লগা। কেতিয়া শেষ হ’ব কোনেও নিশ্চিতভাৱে ক’ব পৰা নাই।”

তদুপৰি সমিতিৰ সাধাৰণ সম্পাদকগৰাকীয়ে কৰা অভিযোগ অনুসৰি মহানগৰীৰ বেছিভাগ অঞ্চলতে দিনে মাত্ৰ এঘণ্টা বা দুঘণ্টা সময়হে পানী যোগান ধৰে।

তেওঁৰ মতে, “চৰকাৰে এহাতে নতুন বৃহৎ পানী যোগান আঁচনিৰ দ্বাৰা ২৪x৭ খোৱাপানী যোগান ধৰাৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পৰা নাই, আনহাতে পুৰণি আঁচনিকেইটাৰ পৰা যি অলপ-অচৰপ পানী ৰাইজে পাই আছিল সেই আঁচনিকেইখনকো ভালকৈ পৰিচালনা কৰিব পৰা নাই।”

আনহাতে, চৰকাৰে ‘স্মাৰ্ট চিটিৰ’ প্ৰকল্পৰ অধীনত ‘ৱাটাৰ এ টি এম’ স্থাপন কৰা কাৰ্য্যৰ বিৰোধিতা কৰাৰ লগতে প্ৰতিবাদকাৰীসকলে এই প্ৰকল্পই চৰকাৰী পৃষ্ঠপোষকতাত খোৱাপানীক বিক্ৰয়যোগ্য পণ্যত পৰিণত কৰিব বিচৰা হৈছে বুলিও মত পোষণ কৰে।

প্ৰতিবাদকাৰীসকলৰ মতে “এই আঁচনিখন ৰূপায়ণ কৰিলে খোৱাপানীৰ সমস্যাত জৰ্জৰিত মহানগৰৰ বাসিন্দাসকলে প্ৰতি লিটাৰত ৫ টকাকৈ খোৱাপানী ক্ৰয় কৰিব লাগিব।”

তেওঁলোকে লগতে দাবী কৰে যে, মহানগৰৰ যিবোৰ অঞ্চলত বৰ্তমান খোৱাপানী যোগানৰ কোনো ধৰণৰ ৰাজহুৱা ব্যৱস্থা নাই সেই অঞ্চলসমূহত ‘ৱাটাৰ এ টি এম’ৰ দ্বাৰা ন্যূনতম প্ৰয়োজনীয় খোৱা পানী বিনামূলীয়াকৈ বিতৰণ কৰিব লাগে।

প্ৰায় অৰ্ধ শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰা আজিৰ এই প্ৰতিবাদী কাৰ্য্যসূচীত প্ৰতিবাদকাৰীসকলে সোণোৱাল চৰকাৰ হায়-হায়, ‘পানী যোগান আঁচনিত হোৱা কেলেংকাৰিৰ উচিত তদন্ত কৰক’ ইত্যাদি শ্ল’গান দিয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd