গুৱাহাটী চাহ নিলাম কেন্দ্ৰত প্ৰথমটো টী লাউঞ্জ স্থাপন হবলৈ গৈ আছে। এই টী লাউঞ্জটোত এখন চাহৰ ৰেষ্টেৰাঁ থাকিব আৰু এই টী লাউঞ্জটোত চিটিচি, (এটি চুঙাকৃতিৰ তীক্ষ্ণ দাঁতদুক্ত ৰ’লাৰৰ মাজেৰে প্ৰেৰণ কৰি চাহপাতখিনি চূৰ্ণ কৰা, চিঙা আৰু ভাঁজ কৰা পদ্ধতি), নৈষ্ঠিক(orthodox), ছেকেণ্ড ফ্লাছ, স্পেচিয়েলিটী চাহ আৰু বিভিন্ন প্ৰকাৰৰ চাহ পোৱা যাব। এই টী লাউঞ্জটোক ‘চায় বাৰ’ ( Chai Bar) নাম দিয়া হ’ব। ‘চায় বাৰ’ত একেখন চালৰ তলতে বিভিন্ন প্ৰকাৰৰ চাহৰ সোৱাদ ল’ব পাৰিব চাহৰ গুণগ্ৰাহীসকলে।
টী লাউঞ্জটো মুকলি কৰাৰ ধাৰণাটো আজিৰ পৰা ৭ বছৰ পূৰ্বে ভবা হৈছিল যদিও কেইদিনমান পূৰ্বেহে টী লাউঞ্জ স্থাপন কৰাৰ প্ৰস্তাৱটো গুৱাহাটী চাহ নিলাম কেন্দ্ৰই বাস্তাৱায়িত কৰিবলৈ আগবাঢ়িছে। এই প্ৰকল্পটো বাস্তৱায়িত কৰাৰ বাবে গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ গভৰ্নিং বডিয়ে এখন বিশেষ উপ সমিতি গঠন কৰিছিল।
টী লাউঞ্জটো দুৰ্গা পূজাৰ সময়ত উদ্বোধন কৰাৰ আশা আছে। ইয়াক অৰ্থনৈতিকভাৱে কৃতকাৰ্য কৰিবলৈ পেছাদাৰী লোকক নিয়োগ কৰা হ’ব।
এই প্ৰকল্পটোত অসম চৰকাৰে সহায়তা আগবঢ়াব। ইয়াৰ লগতে পৰ্যটন বিভাগৰো সহযোগিতা বিচৰা হ’ব। ইয়ে এই টী লাউঞ্জটোৰ সম্পৰ্কে পৰ্যটকসকলক অৱগত কৰাব।
উল্লেখ্য যে অসমত ভাৰতৰ মুঠ উৎপাদিত চাহৰ ৫৫ শতাংশ উৎপন্ন হয় আৰু ভাৰতৰ মুঠ ৰপ্তানিৰ ৮০ শতাংশ ৰপ্তানি হয়।