অসম লোকসেৱা আয়োগৰ উৎকোচৰ বিনিময়ত চাকৰি লোৱা কেলেংকাৰীত অসম অসামৰিক সেৱা, অসম আৰক্ষী সেৱা আৰু আয়োগৰ অধীনৰ অন্যান্য সেৱাৰ বিষয়া শীঘ্ৰেই আৰক্ষীৰ জালত পৰিব। এইক্ষেত্ৰত ৰাজ্যৰ গৃহ বিভাগে আৰক্ষীক ইতিমধ্যে আগবঢ়াৰ অনুমতি প্ৰদান কৰিছে।
পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত ৰাজ্যখনত সংঘটিত হোৱা কেলেংকাৰীটোৰ ডিব্ৰুগড় আৰক্ষীয়ে তদন্ত চলাই আছে।
সূত্ৰসমূহে কয় যে তেওঁলোকৰ বিৰুদ্ধে লাভ কৰা ফ’ৰেনচিক প্ৰতিবেদনৰ তথ্যৰ ভিত্তিত গৃহ বিভাগে এই নিৰ্দেশ দিছে।
‘’আমি সোনকালেই সকলো ফাদিল হোৱাৰ আশা কৰিব পাৰো,’’-এক বিশ্বস্ত সূত্ৰই এইদৰে কয়।
ডিব্ৰুগড় আৰক্ষীয়ে এতিয়ালৈকে অসম লোকসেৱা আয়োগৰ পূৰ্বৰ অধ্যক্ষ ৰাকেশ কুমাৰ পালকে ধৰি এই গোচৰৰ সংক্ৰান্তত প্ৰায় চল্লিশ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।
যোৱা বছৰৰ ৪ নৱেম্বৰত পালক গ্ৰেপ্তাৰ কৰা হৈছিল। তাৰ পিছতে আয়োগৰ আন দুগৰাকী সদস্য ছামেদুৰ ৰহমান আৰু বসন্ত কুমাৰ দলেক গ্ৰেপ্তাৰ কৰা হৈছিল।
উক্ত তিনি গৰাকীক গ্ৰেপ্তাৰ কৰাৰ পিছতেই অসম লোকসেৱা আয়োগৰ সহকাৰী পৰীক্ষা নিয়ন্ত্ৰক পৱিত্ৰ কৈৱৰ্তক গ্ৰেপ্তাৰ কৰা হৈছিল।
অলপতে এগৰাকী মহিলা এচিএছ বিষয়া অভিষিকা বৰুৱাই ৰাজসাক্ষী হিচাপে তেওঁৰ ভাষ্য লিপিবদ্ধ কৰাইছিল যিটোৱে তদন্তকাৰীসকলৰ মতে তদন্তটোক এটা নতুন মাত্ৰা দিয়াৰ লগতে অভিযুক্তসকলৰ শাস্তি নিশ্চিত কৰাত সহায় কৰিব।