চন্দ্ৰপুৰ ৰাজহ চক্ৰৰ পানীখাইটী আৰক্ষী চকীৰ পৰা হেণ্ডকাপসহ মঙলবাৰে পলাই যোৱা চন্দন ভড়ালী(২৩) নামৰ লোকজনৰ মৃত্যু সন্দৰ্ভত কামৰূপ মহানগৰ জিলা দণ্ডাধীশে এক দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ ঘোষণা কৰিছে।
লগদতে এই তদন্তৰ দায়িত্ব চন্দ্ৰপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ পল্লৱজ্যোতি নাথৰ হাতত ন্যস্ত কৰা হৈছে বুলি জানিব পৰা গৈছে।
আনহাতে কাৰ্যবাহী দণ্ডাধীশ গৰাকীক মৃত চন্দন ভড়ালীৰ মৃত্যু সন্দৰ্ভত সকলো দিশ চালি-জাৰি চাই ১৫ দিনৰ ভিতৰত জিলা দণ্ডাধীশৰ হাতত তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
উল্লেখযোগ্য যে কামৰূপ মহানগৰ জিলাৰ ছয়গাঁৱৰ গোপাল ভড়ালীৰ পুত্ৰ চন্দন ভড়ালীক আৰক্ষীয়ে যোৱা ৭ আগষ্টত গ্ৰেপ্তাৰ কৰি একে দিনাই মুখ্য ন্যায়িক দণ্ডাধীশৰ ওচৰত হাজিৰ কৰিছিল আৰু তিনিদিনৰ বাবে আৰক্ষীৰ হাতত লৈছিল।
কিন্তু মন কৰিব লগীয়া যে পানীখাইটি আৰক্ষী চকীত ৰখা এই লোকজনে নিশা ১১.৩০ বজাত হেণ্ডকাপসহ আৰক্ষী চকীৰ পৰা পলায়ন কৰিছিল। পিছত আৰক্ষীয়ে বিচাৰ-খোচাৰ কৰি ১.৪৫ বজাত অভিযুক্ত লোকজনক আৰক্ষী চকীৰ পৰা প্ৰায় ১৫০ মিটাৰ দূৰৰ জংঘলৰ এজোপা গছত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰিছিল।