ৰাজ্যত দিনে দিনে চুৰি-ডকাইতি আদি বৃদ্ধি পাই অহাৰ সময়তে নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত গটংগাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ওপৰত বুধবাৰে বিয়লি সংঘটিত হয় এক ডকাইতি কাণ্ড।
প্ৰাপ্ত তথ্য মতে বুধবাৰে বিয়লি প্ৰায় তিনি বজাত বাজিয়া গাঁৱৰ বৰমা বিলৰ নিবাসী খাইৰুল ইছ্লামে আমনিস্থিত বন্ধন বেংকৰ পৰা প্ৰায় তিনি লাখ টকা লৈ নিজৰ বাইকেৰে খাইৰুলৰ নিজ গৃহ অভিমুখে আহি আছিল।
কিন্তু সোনাৰিবালিৰ গটংগাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে কেইবাজনীয়া দুৰ্ধৰ্ষ এটা ডকাইতৰ দলে খাইৰুলক আগচি ধৰি চোকা অস্ত্ৰৰে আক্ৰমণ কৰি আহত কৰি খাইৰুলৰ লগত থকা তিনি লাখ টকা লৈ উধাও হয়।
আনহাতে কিছু সময়ৰ পিছত ডকাইতৰ দলৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈ মটৰচাইকেলৰ সৈতে পৰি থকা খাইৰুলক স্থানীয় ৰাইজে উদ্ধাৰ কৰি চামগুৰি স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায়। কিন্তু চিকিৎসকে আঘাত গুৰুতৰ হোৱাত খাইৰুলক উন্নত চিকিৎসাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।