NORTHEAST NOW (Assamese)

চিট ফাণ্ড কেলেংকাৰি সন্দৰ্ভত জেৰাৰ সন্মুখীন হ’ব ত্ৰিপুৰাৰ দুজন প্ৰাক্তন মন্ত্ৰী

April 24, 2018 1:14 pm · এন ই নাও নিউজ
Updated: April 24, 2018 2:16 pm

চিট ফাণ্ড কেলেংকাৰি সন্দৰ্ভত ত্ৰিপুৰাৰ দুই প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ বাঁও নেতা ক্ৰমে বাদল চৌধুৰী আৰু বিজিতা নাথক চি বি আইৰ এটা দলে জেৰা কৰিব বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে চি বি আয়ে ৫ এপ্ৰিলৰ দিনা ধৰ্মনগৰৰ নিজ বাসগৃহত বিজিতা নাথক জেৰা কৰাৰ বিপৰীতে ২৬ এপ্ৰিলত আগৰতলাৰ বিধায়ক আৱাসত জেৰা কৰিব বাদল চৌধুৰীক।

আনহাতে ইয়াৰ পূৰ্বেও যোৱা বছৰ চিট ফাণ্ড কেলেংকাৰি সন্দৰ্ভত জেৰাৰ সন্মুখীন হৈছিল বিজিতা নাথ।

উল্লেখ্য যে প্ৰাক্তন মুখ্য মন্ত্ৰী মানিক সৰকাৰ নেতৃত্বাধীন বাঁও চৰকাৰৰ মন্ত্ৰীসভাত দুয়োজনে গুৰু দায়িত্ব পালন কৰিছিল।

বিগত চৰকাৰৰ সময়ত বিত্ত মন্ত্ৰীৰ দায়িত্বত আছিল বাদল চৌধুৰী আৰু বিজিতা নাথ আছিল প্ৰাক্তন সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী।

Related News