অসমত দীৰ্ঘ দিনৰে পৰা বসবাস কৰি থকা বিহাৰ আৰু উত্তৰ প্ৰদেশৰ লোকসকলৰ ভিতৰত প্ৰায় এক লাখ লোকৰ নাম এন আৰ চিৰ খচৰাত বাদ পৰা বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পূৰ্বোত্তৰ ভোজপুৰী সন্মিলনে। ইয়াৰ বাবে তেওঁলোকে বিহাৰ আৰু উত্তৰ প্ৰদেশ চৰকাৰকে এইক্ষেত্ৰত দোষাৰোপ কৰিছে।
সোমবাৰে পূৰ্বোত্তৰ ভোজপুৰী সন্মিলনৰ কেন্দ্ৰীয় সভাপতি প্ৰেম উপাধ্যায়সহ তিনিচুকীয়া জিলা সমিতিৰ বিষয়ববীয়াসকলে এখন সংবাদমেলত অনুষ্ঠিত কৰি ৰাজ্যখনত বসবাস কৰি থকা বিহাৰ আৰু উত্তৰ প্ৰদেশৰ এক লাখ লোকৰ নাম এন আৰ চিৰ চূড়ান্ত খচৰাত বাদ পৰা বিষয়ত উদ্বেগ প্ৰকাশ কৰে আৰু ইয়াৰ বাবে উক্ত ৰাজ্য দুখনৰ চৰকাৰক জগৰীয়া কৰিছে।
আনহাতে, এন আৰ চিৰ চূড়ান্ত খচৰাত বিহাৰ, উত্তৰ প্ৰদেশৰ লোকৰ নাম বাদ পৰা বিষয়টো সন্দৰ্ভত তথ্যৰ সত্যাসত্য নিৰূপণ কৰি প্ৰেৰণৰ ব্যৱস্থা গ্ৰহণৰ বাবে হেঁচা প্ৰয়োগ কৰিবলৈ পূৰ্বোত্তৰ ভোজপুৰী সন্মিলনৰ এটা প্ৰতিনিধি দলে বিহাৰ আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীক শীঘ্ৰেই সাক্ষাৎ কৰিবলৈ যাব বুলিও সংবাদমেলত সন্মিলনীৰ নেতাসকলে সদৰি কৰে।
ইপিনে দুয়োখন ৰাজ্যৰ চৰকাৰে যদি অসমলৈ তথ্য প্ৰেৰণত অনীহা কৰে তেন্তে ভৱিষ্যতে বিহাৰ, উত্তৰ প্ৰদেশৰপৰা আহি অসমত বসবাস কৰি থকা লোকসকল বিদেশী বুলি অভিহিত হোৱাৰো শংকা প্ৰকাশ কৰিছে নেতাসকলে। তেওঁলোকে জানিব দিয়া মতে এন আৰ চি কৰ্তৃপক্ষই তথ্য বিচাৰি প্ৰেৰণ কৰা বিহাৰ আৰু উত্তৰ প্ৰদেশৰ লোকসকলৰ এক লাখৰ ভিতৰত মাত্ৰ ১৫,২৭৯গৰাকীৰহে আবেদন শুদ্ধ ৰূপত পৰীক্ষণ হৈ আহিছে।
সংবাদমেলত কেন্দ্ৰীয় সভাপতি উপাধ্যায়ৰ লগতে সংগঠনটোৰ তিনিচুকীয়া কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বাবুল গড়, জিলাৰ সাধাৰণ সম্পাদক জ্ঞান ৰবি দাস আৰু কাৰ্যনিৰ্বাহক সদস্য ৰাজ কুমাৰ ৰামসহ অন্যান্য সদস্যসকল উপস্থিত থাকে।