• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰৰ হঠকাৰী সিদ্ধান্তই লোকচান কৰিলে বি টি এ ডিৰ ২৩ খন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ শিক্ষাবৰ্ষ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
February 7, 2018 1:04 pm
Bodoland-university
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যিসময়ত চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশবোৰৰ যথোচিত নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগে, প্ৰয়োজনীয় নীতি-নিৰ্দেশনা তথা নিৰ্ধাৰিত মান (standards) অবিহনেই যেনিয়ে-তেনিয়ে গঢ় লৈ উঠা শিক্ষানুষ্ঠানবোৰৰ পৰা শিক্ষাৰ্থীৰ শিক্ষাবৰ্ষৰ ক্ষতি ৰোধ কৰাৰ বাবে পদক্ষেপ ল’ব লাগিছিল, সেই সময়তে খোদ চৰকাৰৰ হঠকাৰী আৰু ভুল নীতিৰ বলি হৈছে ছাত্ৰ-ছাত্ৰী। চৰকাৰৰ ভুল নীতিৰ বাবেই ছাত্ৰ-ছাত্ৰীৰ মূল্যৱান শিক্ষাবৰ্ষ লোকচানৰ দৰে ঘটনা ঘটিছে। এনেকুৱা ঘটনাৰ পুনৰাবৃত্তিয়ে ছাত্ৰ-ছাত্ৰী, অভিভাৱক, সচেতন ৰাইজ তথা শিক্ষাবিদসকলক চিন্তিত কৰি তুলিছে।

জানিব পৰা মতে চৰকাৰৰ ভুল নীতিৰ ফলত সমগ্ৰ বি টি এ ডিৰ ২৩খন ১২-বি মৰ্য্যাদা থকা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাবৰ্ষ হেৰুওৱা তথা বিষয়বস্তুৰ দুগুণ বোজা ল’ব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।

Apply Now

বড়োলেণ্ডৰ মুখ্য সদৰ  কোকৰাঝাৰস্থিত  বড়োলেণ্ড বিশ্ববদ্যালয়ৰ অন্তৰ্গত ৪৫ খন মহাবিদ্যালয়ৰ ভিতৰত ২৩ খন মহাবিদ্যালয়ে পুনৰ গুৱাহাটী বিশ্ববিদ্যালয়লৈ প্ৰত্যাবৰ্তন কৰাৰ ফলত ছাত্ৰ-ছাত্ৰীসকল এই সমস্যাৰ সন্মুখীন হৈছে। সূত্ৰটোৱে জনোৱামতে এই মহাবিদ্যালয়কেইখন ১২-বি মৰ্য্যাদাপ্ৰাপ্ত। কিন্তু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ১২-বি মৰ্য্যাদা নথকা সত্ত্বেও এই মহাবিদ্যালয়কেইখন বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীন কৰাত মহাবিদ্যালয়কেইখনে পাব লগীয়া সা-সুবিধা নোপোৱাকে ধৰি নানাটা অসুবিধাৰ সন্মুখীন হৈছিল।

ইয়াৰ পৰিপ্ৰেক্ষিতত যোৱা ৬ ডিচেম্বৰত গুৱাহাটীত অসম চৰকাৰ, বিটিচি চৰকাৰ, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীন কলেজ সমূহৰ অধ্যক্ষসকলক লৈ এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। ইয়াত ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক ক্ষতিৰ কথাটো বিবেচনা নকৰাকৈয়ে ১২-বি ষ্টেটাছ থকা ২৩খন মহাবিদ্যালয়ৰ পুনৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনলৈ প্ৰত্যাবৰ্তনৰ সিদ্ধান্ত গ্ৰহন কৰা হৈছিল।

কিন্তু উক্ত ২৩খন মহাবিদ্যালয়ে ইমানদিনে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনৰ পাঠ্যক্ৰম অনুসৰি পাঠদান কৰা সত্ত্বেও হঠাতে গুৱাহাটী বিশ্ববিদ্যালয়লৈ প্ৰত্যাবৰ্তন কৰাত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম অনুসৰি শিক্ষা গ্ৰহণ কৰা ছাত্র-ছাত্ৰীসকল মহা অসুবিধাত পৰে। গুৱাহাটী বিশ্ববিদ্যালয়ে নিজৰ পাঠ্যক্ৰম অনুসৰিহে পৰীক্ষা অনুষ্ঠিত কৰাত এই ছাত্ৰ-ছাত্ৰীসকলে সমস্যাৰ সন্মুখীন হৈছে। কিয়নো গোটেই বছৰটো বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম অধ্যায়ন কৰি হঠাতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত পৰীক্ষা দিয়াটো ছাত্ৰ-ছাত্ৰীৰ বাবে অসম্ভৱ।

চৰকাৰৰ এই সিদ্ধান্তত  ভুক্তভোগী ছাত্ৰ-ছাত্ৰীসকল কিংকৰ্তব্যবিমূঢ় হৈ পৰা বুলি জানিব পৰা গৈছে। বহুতেই নিজৰ ভৱিষ্যতক লৈ সন্দিহান হৈ পৰিছে।

সূত্ৰটোৱে কোৱামতে বাকী ৰৈ যোৱা আৰু ১২-বি ষ্টেটাচ নথকা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অন্তৰ্গত  মহাবিদ্যালয়বোৰত পৰীক্ষা সুকলমে অনুষ্ঠিত হৈ গৈছে।

কিন্তু এই ২৩ খন মহাবিদ্যালয়ত বৰ্তমান স্নাতকোত্তৰ আৰু স্নাতক পৰ্যায়ত অধ্যয়ন কৰি থকা প্ৰথম ষাণ্মাষিকৰ ছাত্ৰ-ছাত্ৰীসকলে উক্ত ষাণ্মাষিকৰ  পৰীক্ষাত বহাৰ পৰা বঞ্চিত হোৱাৰ লগতে বৰ্তমান দ্বিতীয় ষাণ্মাষিকৰ শিক্ষাগ্ৰহণ কৰিব লগীয়া হৈছে। মুঠতে ভুক্তভোগী শিক্ষাৰ্থী সকলে দুগুণ বোজা ল’বলগীয়া হ’ল চৰকাৰৰ এই ভুল সিদ্ধান্তৰ বাবে।

আনহাতে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হেমন্ত কুমাৰ বৰুৱাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে য়ু জি চিৰ চি চিলেবাচ মতেই স্নাতকত্তোৰ আৰু স্নাতক পৰ্যায়ৰ প্ৰথম ষাণ্মাষিকৰ পৰীক্ষা পাতিবলৈ লোৱা হৈছিল। কিন্তু চৰকাৰে হঠাৎ এনেদৰে সিদ্ধান্ত লোৱাৰ ফলত এই জটিলতাৰ সৃষ্টি হৈছে। তেওঁ লগতে কয় যে  বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ আজি  ১২-বি ষ্টেটাচ নাথাকিব পাৰে, কিন্তু এদিন ১২-বি ষ্টেটাচ য়ু জি চিয়ে দিবই যে সেয়া নিশ্চিত। তাৰোপৰি উপাচাৰ্যজনে বি টি এ ডি মহাবিদ্যালয়ৰ অধ্যক্ষ পৰিষদে তেওঁৰ পদত্যাগ দাবী কৰাত দুখ প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে যোৱা বছৰৰ ২৩ নৱেম্বৰত অসম ইঞ্জিনীয়াৰিং মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলেও তেওঁলোকৰ প্ৰতিষ্ঠানৰ এফিলিয়েশ্যন সম্পৰ্কীয় চৰকাৰী ভুল নীতিৰ প্ৰতিবাদত ৰাজপথলৈ ওলাব লগীয়া হৈছিল। অসমৰ ইঞ্জিনীয়াৰিং মহাবিদ্যালয়কেইখনৰ ছাত্ৰ-ছাত্ৰীসকলেও তেওঁলোকৰ পঞ্জীয়ন গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত কৰাৰ দাবীত ৰাজপথ অৱৰোধ কৰিছিল।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd