সদ্যগঠিত সাংবাদিক সংগঠন দিমজা (Digital Media Journalists’ Association of Assam)ৰ কাৰ্বি আংলঙত যোৱা শুকুৰবাৰে ৰাতি দুজন যুৱক উন্মত্ত জনতাৰ হাতত নিহত হোৱা ঘটনাটোৰ তীব্ৰ গৰিহণা দিছে।
অসমৰ ডিজিটেল সাংবাদিকসকলৰ সংগঠনটোৰ আজি ১০ জুনত গুৱাহাটীৰ দিচপুৰ প্ৰে’ছ ক্লাবত অনুষ্ঠিত কাৰ্য্যনিৰ্বাহক সমিতিৰ প্ৰথমখন বৈঠকত সংগঠনৰ নীতি আৰু সদস্যভৰ্তি সম্পৰ্কীয় বিভিন্ন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে অসমত শেহতীয়াকৈ আৰম্ভ হোৱা ভুৱা বাতৰিৰ পয়োভৰত উদ্বেগ প্ৰকাশ কৰে।
ভুৱা বাতৰিত ভোল নগৈ ছ’ছিয়েল মিডিয়াত পোৱা যিকোনো খবৰ প্ৰচাৰৰ পূৰ্বে সত্যাসত্য পৰীক্ষা কৰিবলৈ দিমজাই সকলোকে আহ্বান জনাইছে।
অসমৰ সমাজৰ সামাজিক গাঁথনি অস্থিৰ কৰি তুলিবলৈ ন্যস্তস্বাৰ্থমহলে ষড়যন্ত্ৰ চলোৱা বুলি দিমজাই আশংকা প্ৰকাশ কৰিছে।
এনে ষড়যন্ত্ৰৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজিবলৈ সিদ্ধান্ত লৈ দিমজাই ইয়াৰ সকলো সদস্যকে এনে ভুৱা বাতৰিৰ প্ৰচাৰক লৈ সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে।
দিমজাৰ কাৰ্য্যনিৰ্বাহক বৈঠকে নিহত যুৱক নিলোৎপল দাস আৰু অভিজিত নাথৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।