নগাঁও পুৰণিগুদামৰ আগশাৰীৰৰ শিক্ষানুষ্ঠান মূঢ়ানি শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী হাইস্কুলত আজি অনুষ্ঠিত নগাঁও জিলা অধিবিদ্যা পৰিষদৰ এক সভাত বিদ্যালয়খনৰ প্ৰধান শিক্ষক জীৱন চন্দ্ৰ বৰাক প্ৰয়াত ৰামেশ্বৰ বৰা সোঁৱৰণি কৃতী শিক্ষক বঁটা প্ৰদান কৰা হয়।
পৰিষদৰ সভাপতি তথা নগাঁও সংমণ্ডল বিদ্যালয় সমূহৰ পৰিদৰ্শক মৃদুল নেওগৰ সভাপতিত্বত অনুষ্ঠিত আৰু পৰিষদৰ সচিব ফজৰুল হক মৰলে উদ্দেশ্যে বাখ্যা কৰা সভাখনৰ আৰম্ভনিতে সংঘমিত্ৰা শইকীয়াই বৰগীত পৰিবেশন কৰে।
শংকৰী কলা কৃষ্টিৰ সাধক ৰামেশ্বৰ বৰাৰ সোঁৱৰণত তেওঁৰ শিক্ষয়িত্ৰী পত্নী অঞ্জলি বৰাৰ দানেৰে ২০০০ চনৰ পৰা প্ৰতিবছৰে আগবঢ়াই অহা এই বঁটাৰ লগত স্মাৰক, মানপত্ৰ, শৰাই, গামোচা, চেলেং আৰু নগদ ধন প্ৰদান কৰা হয়।
বঁটা প্ৰদান উপলক্ষে অনুষ্ঠিত হোৱা সভাত বিশিষ্ট অতিথি হিচাপে শিক্ষাবিদ তফাইল উদ্দিন ফাৰুক আহমেদ, ফনীন্দ্ৰ নাথ গায়ন, যতীন্দ্ৰ কুমাৰ বৈৰাগী, পুলিন হাজৰিকা, দিপীকা লস্কৰ, পূৰ্ণকান্ত নাথ, ৰাণা প্ৰকাশ বৰা, যজ্ঞেশ্বৰ শইকীয়া, গোলাপ শইকীয়া, প্ৰফুল্ল শইকীয়াৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি তপন গায়ন উপস্থিত থাকে।
জিলাখনৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়ৰ পৰা অহা শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা বঁটা প্ৰদান অনুষ্ঠানত জিলাখনৰ বিভিন্ন প্ৰান্তৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সফলতা লাভ কৰা বিদ্যালয় সমূহৰ প্ৰধান সকলক মানপত্ৰ প্ৰদান কৰা হয়।
উল্লেখযোগ্য যে নগাঁও জিলা অধিবিদ্যা পৰিষদৰ উদ্যোগত জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ নিৰ্বাচিত শিক্ষক-শিক্ষয়িত্ৰীক এই বঁটা প্ৰদান কৰি উৎসাহিত কৰি আহিছে। এইবাৰ এই বঁটাৰ বাবে নিৰ্বাচিত হোৱা জীৱন চন্দ্ৰ বৰাই ১৯৮৩ চনত মূঢ়ানি শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী হাইস্কুলত যোগদান কৰি জীৱনৰ সৰহ সংখ্যক সময় বিদ্যালয়খনত শিক্ষাদান কৰাৰ লগতে ২০০৯ চনত প্ৰধান শিক্ষকৰ দায়িত্ব গ্ৰহন কৰে।
বিদ্যালয়ৰ শৈক্ষিক দিশৰ লগতে পুৰণিগুদামৰ বিভিন্ন সামাজিক দিশৰ সৈতে জড়িত হৈ সমাজখনলৈ উল্লেখযোগ্য বৰঙনি আগবঢ়াই অহা জীৱন চন্দ্ৰ বৰাক উক্ত বঁটা প্ৰদান কৰাত পুৰণিগুদামৰ শৈক্ষিক সমাজ উৎফুল্লিত হৈ পৰিছে।