কাৰ্বি আংলঙৰ ডকমকাত সংঘটিত নাৰকীয় ঘটনা সন্দৰ্ভত আৰু ১১জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। শনিবাৰে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে পাঁচজন লোকক গ্ৰেপ্তাৰ কৰিছিল। মুঠতে এই পৰ্যন্ত ঘটনাটো সন্দৰ্ভত আৰক্ষীয়ে ১৬জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
বৰ্তমানলৈকে আৰক্ষীৰ জালত পৰা লোক কেইজন হ’ল ক্ৰমে বিজু বসুমতাৰী (২৫), বিশ্বৰাম স্বৰ্গীয়াৰী(২২), ধনদা মেচ(২৫), ধনো মেচ(৪৫), দীপজ্যোতি বসুমতাৰী(২৬), সৰুকণ স্বৰ্গীয়াৰী(২০), পাংঠেং বসুমতাৰী(৩০), ৰাম স্বৰ্গীয়াৰী(২১), উমেশ খাকলাৰী(২৬), বাবু ৰংপি(২০), অনছ তিমুং(৪৯), সঞ্জয় তেৰাং(১৯), বিদ্যাছিং ৰংপি(১৮), আনন্দ ৰংপি(১৯), ৰাজু বে’(১৯) আৰু ভূপেন্দ্ৰ তেৰাং(১৮)। ইয়াৰে ভূপেন্দ্ৰ তেৰাঙে ফেচবুকত সোপাধৰাৰ উৰাবাতৰি বিয়পাইছিল।
উল্লেখযোগ্য যে শুকুৰবাৰে নিশা প্ৰায় ৮ বজাত কাৰ্বি আংলঙৰ ডকমকা থানাৰ অন্তৰ্গত ডেনগাঁও পাণজুৰি কছাৰী গাঁৱত গুৱাহাটীৰ পৰা যোৱা অভিজিৎ নাথ আৰু নিলোৎপল দাস নামৰ দুজন অসমীয়া যুৱকক স্থানীয় লোকে অন্ধবিশ্বাসৰ বলি হৈ সোপাধৰা সন্দেহত মৰিয়াই মৰিয়াই ৰাজপথতে অতি অমানৱীয় ধৰণে হত্যা কৰিছিল।
অভিজিৎ নাথ আৰু নীলোৎপল দাস পেচাত ছাউণ্ড ইঞ্জিনীয়াৰ আছিল আৰু দুয়ো গুৱাহাটীৰ পৰা ডকমকালৈ ফুৰিবলৈ গৈছিল।
ছচিয়েল মিডিয়াত ঘটনাটোৰ ভাইৰেল হৈ পৰা ভিডিঅ’টোত উন্মত্ত লোকসকলৰ নৃশংসতা দেখি গোটেই ৰাজ্যজুৰি সচেতন লোকৰ অন্তৰাত্মা কঁপি উঠে। ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়েও ঘটনাটোত তীব্ৰ ক্ষোভ-উষ্মা প্ৰকাশ কৰাৰ লগতে অন্ধবিশ্বাসক লালন কৰা আৰু অপপ্ৰচাৰ বিয়পোৱা লোকসকলৰ প্ৰতিও ক্ষোভ উজাৰিছে।
আনহাতে, শনিবাৰে উক্ত নিৰ্মম ঘটনাটোক লৈ আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই নিজৰ প্ৰতিক্ৰিয়াত ছচিয়েল মিডিয়াত চলি অহা অপপ্ৰচাৰকো দোষাৰোপ কৰে। তেওঁ ৰাইজক উৰা বাতৰিত ভোল নাযাবলৈও আহ্বান জনাইছে।
ডকমকাৰ এই নৃশংস হত্যাকাণ্ডত অসমৰ বৌদ্ধিক সমাজৰ লগতে সকলো শ্ৰেণীৰ লোকে মৰ্মাহত হৈ পৰিছে আৰু নিজৰ প্ৰতিক্ৰিয়াত এনে নাৰকীয় ঘটনা মানৱ সমাজৰ বাবে কলংক বুলি অভিহিত কৰিছে।