• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

ডকমকা কাণ্ডৰ জোকাৰণি : আহক যুক্তিবাদী আন্দোলনৰ সৈনিক হওঁ

ভাস্কৰজ্যোতি বৰা by ভাস্কৰজ্যোতি বৰা
June 15, 2018 5:26 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডকমকা কাণ্ডই আমাক বহু কেইটা দিশ গভীৰভাৱে ভাবিবলৈ বাধ্য কৰাইছে। ডকমকাৰ পাণজুৰিত অভিজিত্‍ নাথ আৰু নীলোৎপল দাসক সোপাধৰাৰ সন্দেহত কৰা লোমহৰ্ষক হত্যাকাণ্ডই সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই হত্যাকাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহিছে জনসাধাৰণ। কিয়, কেনেদৰে এই হত্যা কাণ্ড সংঘটিত হ’ল সেই কথা এতিয়া আৰু জানিবলৈ কাৰো বাকী নাই। ৰাজ্য কঁপোৱা অভিজিত-নীলোৎপলৰ হত্যাকাণ্ডই আমাৰ সমাজখনক বাৰুকৈয়ে শিক্ষা দিছে। হত্যাকাৰীক কঠোৰ, দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবীৰ লগতে আমি দীৰ্ঘম্যাদী কাৰ্য্যসূচীও গ্ৰহণ কৰাৰ সময় হ’ল।

এই কথা নিশ্চিত যে- অসমৰ সমাজত এতিয়াও অন্ধবিশ্বাস, কুসংস্কাৰে ভয়ানকভাৱে শিপাই আছে। তাৰেই বহিঃপ্ৰকাশ দেখা গ’ল কাৰ্বি আংলঙৰ পাণজুৰিত। এই হত্যাকাণ্ডই প্ৰতিজন বিবেকৱান লোকক জোকাৰি যোৱাৰ সময়তে সকলোৱে এই কথা মৰ্মে মৰ্মে উপলব্ধি কৰিছে যে- ই কোনো বিচ্ছিন্ন ঘটনা নহয়। যুক্তিবাদী মানসিকতাৰ অনুপস্থিতিত এখন সমাজ কিমান ভয়ংকৰ হ’ব পাৰে? যিকোনো সময়ত, যিকোনো পৰিস্থিতিত, যিকোনো ঘটনাই ঘটিব পাৰে এনেকুৱা সমাজত। সেইবাবেই ডকমকা কাণ্ডই আমাৰ সকলোকে সকীয়াই দিছে যে- সময় আহিছে এক যুক্তিবাদী সংস্কাৰ আন্দোলনৰ।

Apply Now

এই ঘটনাত ক্ষুব্ধ হৈ প্ৰতিবাদ কৰা আমি সকলোৱে প্ৰতিজ্ঞা কৰোঁ আহক- আমাৰ সমাজৰ পৰা কুসংস্কাৰ, অন্ধবিশ্বাস দূৰ কৰাৰ বাবে ব্যক্তিগত আৰু সামূহিকভাৱে সকলোৱে এই মুহূৰ্তৰ পৰাই কাম কৰো। এয়াহে হ’ব অভিজিত্‍ আৰু নীলোৎপলৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি।

কেনেকৈ আৰম্ভ হ’ব পাৰে আমাৰ এই আন্দোলন? সংগঠিত বা অসংগঠিত যিকোনো ৰূপতেই হ’ব পাৰে যুক্তিবাদী প্ৰচাৰ। একাংশ লোকে ছ’চিয়েল মিডিয়াই দিয়া সুবিধাৰ অপব্যৱহাৰ কৰি যেনেদৰে সোপাধৰাৰ আতংক বিয়পাই অভিজিত্‍-নীলোৎপলৰ দৰে যুৱকক আমাৰ মাজৰ পৰা হেৰাই যাবলৈ দিলে, তাৰ বিপৰীতে ছ’চিয়েল মিডিয়া হ’ব পাৰে যুক্তিবাদী আন্দোলনৰ এক শক্তিশালী মাধ্যম। কিন্তু তাৰপূৰ্বে আমাৰ মানসিকতাৰ পৰিৱৰ্তন হ’ব লাগিব। যুক্তিবাদী চিন্তা-চৰ্চাই মনোজগত আলোকিত কৰিব লাগিব।

কেনেদৰে হ’ব সেই কচৰৎ? কেৰালা আদি ৰাজ্যত যিদৰে যুক্তিবাদী আন্দোলনে প্ৰসাৰ-প্ৰচাৰ লাভ কৰি সমাজ জীৱনক নতুন দিক নিৰ্দেশনা দিলে সেয়া হ’ব পাৰে অসমৰ বাবে উজ্জ্বল দৃষ্টান্ত। চৰকাৰে এই ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰা উচিত। ডকমকা কাণ্ডৰ পিছতেই অসম চৰকাৰে সংস্কাৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে। কিন্তু দুৰ্ভাগ্যজনক যে- অসম চৰকাৰৰ অন্ধবিশ্বাস-কুসংস্কাৰবিৰোধী পদক্ষেপ কাৰ্যতঃ অন্তসাৰশূন্য হিচাপে পূৰ্বে দেখি আহিছো। ডাইনী হত্যা প্ৰতিৰোধৰ বাবে আইন কৰিও তাক কাৰ্যকৰী কৰাৰ বাবে চৰকাৰে আজিলৈকে বাস্তৱ পদক্ষেপ নল’লে। বৈজ্ঞানিক মানসিকতা গঢ়ি তোলাৰ বাবে চৰকাৰে সামগ্ৰিক কাৰ্যসূচী গ্ৰহণ কৰিব লাগে। ছেগা-চোৰোকাকৈ দুই এটা চৰকাৰী কাৰ্যসূচীৰে বৈজ্ঞানিক মানসিকতা গঢ় দিব পৰা নাযায়। আৰু চৰকাৰে এই কাম কৰিবলৈ যাওঁতে সমাজৰ বিভিন্ন মহলক লগত ল’ব লাগিব। সংশ্লিষ্ট সমাজ, জনগোষ্ঠীত গুৰুত্ব থকা সামাজিক শক্তিসমূহ এই ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ। উদাহৰণ স্বৰূপে ৰাজ্যৰ এজন আগশাৰীৰ যুক্তিবাদী লোকৰ আহ্বান তৃণমূল পৰ্যায়ৰ জনসাধাৰণে গুৰুত্ব নিদিব পাৰে। কিন্তু তাৰ বিপৰীতে তেওঁলোকৰ অঞ্চলটোৰ সামাজিকভাৱে প্ৰভাৱশালী এজন ব্যক্তিৰ কথা তাত হৈ পৰিব পাৰে শিলৰ ৰেখাৰ দৰে। সেইবাবে উচ্চ পৰ্যায়ৰ পৰা আৰম্ভ কৰি তৃণমূল পৰ্যায়লৈকে যুক্তিবাদী, বৈজ্ঞানিক মানসিকতা গঢ়াৰ আন্দোলন সুশৃংখলিতভাৱে সংগঠিত কৰিব লাগিব।

সেই কাম কোনে কৰিব? চৰকাৰীভাৱেও হ’ব পাৰে নাইবা বেচৰকাৰী স্বেচ্ছামূলকভাৱেও হ’ব পাৰে। অসমত যোৱা দুটা-তিনিটা দশক ধৰি এমুঠিমান লোকে যুক্তিবাদী চিন্তা-চৰ্চাৰ প্ৰচাৰৰ বাবে চেষ্টা চলাই আহিছে। যুক্তিবাদী লেখা-মেলাৰ জৰিয়তে তেওঁলোকে প্ৰধানতঃ এই কাম কৰি আহিছে। এতিয়া সেই লেখা-মেলা অতি সৰ্বসাধাৰণ লোকৰ বোধগম্য হোৱাকৈ প্ৰচাৰ কৰিব লাগিব। অসম চৰকাৰে আমোলাতান্ত্ৰিক মেৰপেচৰ পৰা এই কাৰ্যসূচী আঁতৰাই আনি সমাজৰ যুক্তিবাদী চিন্তা-চৰ্চা কৰা লোকসকলক জড়িত কৰি বিশেষভাৱে আগবাঢ়িব লাগিব।

কিন্তু এইখিনিতেই অপ্ৰিয় হ’লেও উল্লেখ কৰিব লাগিব যে- বৰ্তমান চৰকাৰৰ ৰাজনৈতিক কাৰ্যবাহীসকলৰ মনোজগত কিমান যুক্তিবাদী? মন্ত্ৰীয়ে জনতা ভৱনৰ কাৰ্যালয়ত প্ৰথম প্ৰৱেশৰ সময়ত যিদৰে পূজা-পাতল কৰিলে, তাৰপিছত ভাবিবলৈ বাধ্য হ’বলগীয়া হৈছে- সঁচাকৈ বৈজ্ঞানিক মানসিকতা গঢ়াৰ বাবে বৰ্তমানৰ চৰকাৰে কি কাম কৰিব? ধৰ্মীয় বিশ্বাসক অস্বীকাৰ কৰিব বিচৰা নাই, আঘাতো কৰিব বিচৰা নাই। ধৰ্মীয় বিশ্বাস প্ৰতিজন ব্যক্তিৰে ব্যক্তিগত বিষয়। কিন্তু ধৰ্মনিৰপেক্ষ দেশ এখনৰ ৰাজ্যৰ মন্ত্ৰীৰ দায়িত্ব ল’বলৈ আহি কৰা এনে আনুষ্ঠানিকতাক কোনো সচেতন লোকে সহজভাৱে ল’ব পৰা নাই। সেইবাবেই সন্দেহ উপজিছে- এওঁলোকৰ নেতৃত্বত অন্ধবিশ্বাস-কুসংস্কাৰৰ বিৰুদ্ধে চৰকাৰী পদক্ষেপ কিমান সফল হ’ব?

বৰ্তমান অতি প্ৰভাৱশালী ছ’চিয়েল মিডিয়া যুক্তিবাদী প্ৰচাৰ-প্ৰসাৰৰ এক শক্তিশালী মঞ্চ হ’ব পাৰে। মত প্ৰকাশৰ স্বাধীনতাৰ অপব্যৱহাৰ কৰি অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিয়পোৱাৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াৰ জৰিয়তে যুক্তিবাদী চিন্তা চৰ্চা চলাব লাগিব। এই মাধ্যম হ’ব আটাইতকৈ ফলপ্ৰসূ। উদাহৰণস্বৰূপে ফে’ছবুকত সোপাধৰাৰ আতংক বিয়পোৱাৰ লগে লগেই প্ৰত্যুত্তৰ যাব লাগে যে- প্ৰকৃততে সোপাধৰা বুলি একো নাই। ই এচাম কুসংস্কাৰাচ্ছন্ন মানসিকতাৰ লোকৰ কাৰ্যহে।

নিয়ন্ত্ৰণহীন ছ’চিয়েল মিডিয়াই যি বিপৰ্যয় ঘটাইছে তাক ৰক্ষা কৰিব লাগিব ছ’চিয়েল মিডিয়াৰেই। অন্যথা ছ’চিয়েল মিডিয়াৰ ওপৰত আহিব নিয়ন্ত্ৰণ। সেই নিয়ন্ত্ৰণে আমাৰ মৌলিক অধিকাৰ খৰ্ব কৰিব।

সকলো দিশ চালিজাৰি চাই পৰৱৰ্তী পদক্ষেপ লোৱাৰ সময় এয়া। অভিজিত-নীলোৎপলৰ হত্যাকাণ্ডই আমাক যুক্তিবাদী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য কৰাইছে। আহক আমি সকলো এই আন্দোলনৰ একো একোজন সৈনিক হওঁ। আৰু অন্ত পেলাওঁ আমাৰ সমাজৰ এলান্ধুকলীয়া কুসংস্কাৰ-অন্ধবিশ্বাস।

(লেখক গুৱাহাটীস্থিত এজন জ্যেষ্ঠ সাংবাদিক। তেখেতৰ ই মে’ইল : [email protected])

ভাস্কৰজ্যোতি বৰা

ভাস্কৰজ্যোতি বৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাৰ্চিপলিচৰ স্ৰষ্টা তথা বিশ্বখ্যাত ফৰাচী-ইৰাণী লেখিকা মাৰ্জান চাট্ৰাপীৰ দেহাৱসান

পাৰ্চিপলিচৰ স্ৰষ্টা তথা বিশ্বখ্যাত ফৰাচী-ইৰাণী লেখিকা মাৰ্জান চাট্ৰাপীৰ দেহাৱসান

June 4, 2026 6:42 pm
দেশত আন এক বৃহৎ কেলেংকাৰি, ১৫ লাখ কোটি টকাৰ আৰ্থিক জালিয়াতি; বিপৰ্যয় LIC-ত!

দেশত আন এক বৃহৎ কেলেংকাৰি, ১৫ লাখ কোটি টকাৰ আৰ্থিক জালিয়াতি; বিপৰ্যয় LIC-ত!

June 4, 2026 6:31 pm
শুক্ৰাণু অবিহনেই প্ৰজনন : মতা মাছৰ অবিহনেই ১ লাখ বছৰ ধৰি বৰ্তি আছে এই বিধ বিশেষ প্ৰজাতিৰ মাছ

শুক্ৰাণু অবিহনেই প্ৰজনন : মতা মাছৰ অবিহনেই ১ লাখ বছৰ ধৰি বৰ্তি আছে এই বিধ বিশেষ প্ৰজাতিৰ মাছ

June 4, 2026 6:30 pm
এভাৰেষ্টত ৬ দিন ধৰি সন্ধানহীন : মৃত বুলি ধৰি লোৱাৰ পিছত বগাই বগাই জীৱন্তে উভতি আহিল পৰ্বতাৰোহী গাইড

এভাৰেষ্টত ৬ দিন ধৰি সন্ধানহীন : মৃত বুলি ধৰি লোৱাৰ পিছত বগাই বগাই জীৱন্তে উভতি আহিল পৰ্বতাৰোহী গাইড

June 4, 2026 5:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাৰ্চিপলিচৰ স্ৰষ্টা তথা বিশ্বখ্যাত ফৰাচী-ইৰাণী লেখিকা মাৰ্জান চাট্ৰাপীৰ দেহাৱসান

পাৰ্চিপলিচৰ স্ৰষ্টা তথা বিশ্বখ্যাত ফৰাচী-ইৰাণী লেখিকা মাৰ্জান চাট্ৰাপীৰ দেহাৱসান

June 4, 2026 6:42 pm
দেশত আন এক বৃহৎ কেলেংকাৰি, ১৫ লাখ কোটি টকাৰ আৰ্থিক জালিয়াতি; বিপৰ্যয় LIC-ত!

দেশত আন এক বৃহৎ কেলেংকাৰি, ১৫ লাখ কোটি টকাৰ আৰ্থিক জালিয়াতি; বিপৰ্যয় LIC-ত!

June 4, 2026 6:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd