• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়ত নাগৰিকত্ব সংশোধন বিৰোধী মঞ্চৰ গণ অভিৱৰ্তন

এন ই নাও নিউজ by এন ই নাও নিউজ
January 22, 2018 7:30 am
নাগিৰকত্ব সংশোধন বিৰোধী মঞ্চ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে ডিব্ৰুগড়ত নাগৰিকত্ব সংশোধন বিৰোধী মঞ্চৰ আহ্বান মৰ্মে এক গণ অভিৱৰ্তন অনুষ্ঠিত হয়।  এই গণ অভিৱৰ্তনতে বিজেপি দল আৰু চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক ১৭২/১৬ উত্থাপন কৰি হিন্দু-বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰাৰ যি ভয়ানক চক্ৰান্ত চলাইছে তাৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব বুলি উল্লেখ কৰাৰ লগতে বিতৰ্কিত বিধেয়কখন বাতিলৰো দাবী জনায়।

অভিৱৰ্তনখনে আন এক প্ৰস্তাৱযোগে বিজেপি আৰ এছ এছে অসম অসমীয়া জাতীয়তাবাদ নিঃশেষ কৰাৰ যি গভীৰ ষড়যন্ত্ৰ কৰিছে তাক যিকোনো অৱস্থাতে প্ৰতিহত কৰা হ’ব বুলি সংকল্প লয়।

Apply Now

মৰাণ মহাবিদ্যালয়ৰ অধ্যাপক মনোৰঞ্জন শৰ্মা, জ্যেষ্ঠ সাংবাদিক শৰৎ চন্দ্ৰ নেওগ আৰু সোণোৱাল কছাৰী গণমঞ্চৰ সভাপতি দীপক শইকীয়াৰ যৌথ সভাপতিত্বত অনুষ্ঠিত অভিৱৰ্তনত নিৰ্দিষ্ট বক্তা হিচাপে অজিত কুমাৰ ভূঞাই অংশ গ্ৰহণ কৰে।

ভূঞাই তেওঁৰ ভাষণত কয় যে, ‘উক্ত বিধেয়কখন আইনত আইনত পৰিণত হ’লে অসমত অসমীয়াৰ অস্তিত্ব নাইকিয়া হ’ব। সংখ্যালঘুত পৰিণত হ’ব অসমীয়া জাতি। জাতিৰ এই সংকটপূৰ্ণ সময়ত জাতিটোক নিঃশেষ কৰিবলৈ বিজেপিয়ে চলোৱা এই কুটিল চক্ৰান্তৰ ওচৰত আমি আত্মসমৰ্পণ কৰিম নে প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিম সেই সিদ্ধান্ত লোৱাৰ সময় সমাগত।‘

সাংবাদিক গৰাকীয়ে লগতে লগতে কয় যে সংবিধানত ধৰ্মৰ নামত নাগৰিকত্ব প্ৰদান কৰাৰ কোনো বিধান নাই। এয়া সম্পূৰ্ণ অসাংবিধানিক।

সাহিত্যিক নগেন শইকীয়াই অভিৱৰ্তনত উপস্থিত নথকাত তেওঁ প্ৰেৰণ কৰা লিখিত ভাষণ পাঠ কৰা হয়। ভাষণত কোৱা হয় যে, ‘উক্ত বিধেয়ক উত্থাপনেৰে বিজেপি চৰকাৰে দেশৰ ধৰ্মনিৰপেক্ষ নীতিৰ বিৰুদ্ধে স্থিতি লৈছে। অসমীয়া মানুহ কোনো ধৰ্মবিদ্বেষী নহয়, অসমীয়া মানুহে প্ৰতিৰোধ কৰিব খোজে যিকোনো বিদ্বেষৰ পৰা ঘটিব পৰা হিংসাত্মক ঘটনাহে।’ লগতে তেওঁ কয় যে নাগৰিকত্ব আইন সংশোধনৰ দ্বাৰা অসম চুক্তিকে মূল্যহীন কৰা নহ’ব, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নয়নৰ কামকো মূল্যহীন আৰু অৰ্থহীন কৰি তোলা হ’ব।

৩৫ টা দল-সংগঠনৰ প্ৰতিনিধি উপস্থিত থকা অভিৱৰ্তনত কেইবাজনো বিশিষ্ট নেতই এই সন্দৰ্ভত নিজৰ মন্তব্য আগবঢ়াই।

আভিৱৰ্তনৰ প্ৰাৰম্ভতে শ্যামল দত্ত, শৈলেন গোহাঁয়ে গণ সংগীত পৰিৱেশন কৰাৰ লগতে জয়ন্তজিৎ দাসে বৈপ্লৱিক কবিতা আবৃত্তি কৰে। অভিৱৰ্তনৰ বিষয়বস্তু উত্থাপন কৰে আহ্বায়ক উত্তম কুমাৰ চেতিয়াই

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

নিট পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ! অতি শীঘ্ৰেই সলনি হ’ব পৰীক্ষাৰ নিয়ম, অফলাইনৰ সলনি হ’ব কম্পিউটাৰ ভিত্তিক

September 19, 2026 8:30 pm
কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

কেৱল অভিযোগেই ‘অকাট্য সত্য’ নহয়! পকচো আইনক লৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

September 19, 2026 6:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

অনিল আম্বানী আৰু ৰিলায়েন্স কেপিটেলৰ বিৰুদ্ধে ২৬৮৪.৫৭ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰ ৰুজু চিবিআইৰ

September 19, 2026 9:50 pm
প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

September 19, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd