দেওবাৰে ডিব্ৰুগড়ত নাগৰিকত্ব সংশোধন বিৰোধী মঞ্চৰ আহ্বান মৰ্মে এক গণ অভিৱৰ্তন অনুষ্ঠিত হয়। এই গণ অভিৱৰ্তনতে বিজেপি দল আৰু চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক ১৭২/১৬ উত্থাপন কৰি হিন্দু-বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰাৰ যি ভয়ানক চক্ৰান্ত চলাইছে তাৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব বুলি উল্লেখ কৰাৰ লগতে বিতৰ্কিত বিধেয়কখন বাতিলৰো দাবী জনায়।
অভিৱৰ্তনখনে আন এক প্ৰস্তাৱযোগে বিজেপি আৰ এছ এছে অসম অসমীয়া জাতীয়তাবাদ নিঃশেষ কৰাৰ যি গভীৰ ষড়যন্ত্ৰ কৰিছে তাক যিকোনো অৱস্থাতে প্ৰতিহত কৰা হ’ব বুলি সংকল্প লয়।
মৰাণ মহাবিদ্যালয়ৰ অধ্যাপক মনোৰঞ্জন শৰ্মা, জ্যেষ্ঠ সাংবাদিক শৰৎ চন্দ্ৰ নেওগ আৰু সোণোৱাল কছাৰী গণমঞ্চৰ সভাপতি দীপক শইকীয়াৰ যৌথ সভাপতিত্বত অনুষ্ঠিত অভিৱৰ্তনত নিৰ্দিষ্ট বক্তা হিচাপে অজিত কুমাৰ ভূঞাই অংশ গ্ৰহণ কৰে।
ভূঞাই তেওঁৰ ভাষণত কয় যে, ‘উক্ত বিধেয়কখন আইনত আইনত পৰিণত হ’লে অসমত অসমীয়াৰ অস্তিত্ব নাইকিয়া হ’ব। সংখ্যালঘুত পৰিণত হ’ব অসমীয়া জাতি। জাতিৰ এই সংকটপূৰ্ণ সময়ত জাতিটোক নিঃশেষ কৰিবলৈ বিজেপিয়ে চলোৱা এই কুটিল চক্ৰান্তৰ ওচৰত আমি আত্মসমৰ্পণ কৰিম নে প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিম সেই সিদ্ধান্ত লোৱাৰ সময় সমাগত।‘
সাংবাদিক গৰাকীয়ে লগতে লগতে কয় যে সংবিধানত ধৰ্মৰ নামত নাগৰিকত্ব প্ৰদান কৰাৰ কোনো বিধান নাই। এয়া সম্পূৰ্ণ অসাংবিধানিক।
সাহিত্যিক নগেন শইকীয়াই অভিৱৰ্তনত উপস্থিত নথকাত তেওঁ প্ৰেৰণ কৰা লিখিত ভাষণ পাঠ কৰা হয়। ভাষণত কোৱা হয় যে, ‘উক্ত বিধেয়ক উত্থাপনেৰে বিজেপি চৰকাৰে দেশৰ ধৰ্মনিৰপেক্ষ নীতিৰ বিৰুদ্ধে স্থিতি লৈছে। অসমীয়া মানুহ কোনো ধৰ্মবিদ্বেষী নহয়, অসমীয়া মানুহে প্ৰতিৰোধ কৰিব খোজে যিকোনো বিদ্বেষৰ পৰা ঘটিব পৰা হিংসাত্মক ঘটনাহে।’ লগতে তেওঁ কয় যে নাগৰিকত্ব আইন সংশোধনৰ দ্বাৰা অসম চুক্তিকে মূল্যহীন কৰা নহ’ব, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নয়নৰ কামকো মূল্যহীন আৰু অৰ্থহীন কৰি তোলা হ’ব।
৩৫ টা দল-সংগঠনৰ প্ৰতিনিধি উপস্থিত থকা অভিৱৰ্তনত কেইবাজনো বিশিষ্ট নেতই এই সন্দৰ্ভত নিজৰ মন্তব্য আগবঢ়াই।
আভিৱৰ্তনৰ প্ৰাৰম্ভতে শ্যামল দত্ত, শৈলেন গোহাঁয়ে গণ সংগীত পৰিৱেশন কৰাৰ লগতে জয়ন্তজিৎ দাসে বৈপ্লৱিক কবিতা আবৃত্তি কৰে। অভিৱৰ্তনৰ বিষয়বস্তু উত্থাপন কৰে আহ্বায়ক উত্তম কুমাৰ চেতিয়াই