আসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ ছচাইটীৰ সহযোগত ডিব্ৰুগড় জিলা প্ৰশাসনে আগষ্টৰ ১২ তাৰিখে ৰাজ্যিক পৰ্যায়ৰ আন্তৰ্জাতিক যুৱ দিৱস-২০১৮ আয়োজন কৰিবলৈ আগবাঢ়িছে।
বুধবাৰে ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত লয়া মাদুৰীয়ে এখন সংবাদ মেলক সম্বোধন কৰি কৈছে যে এই বৰ্ষৰ আন্তৰ্জাতিক যুৱ দিৱসৰ থিম হৈছে ‘‘যুৱসকলৰ বাবে নিৰাপদ স্থান’’
এই সম্পৰ্কে তেওঁ কয় যে এই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি বিভিন্ন উচ্চতৰ মাধ্যমিক আৰু মাহাবিদ্যালৰ ছাত্ৰ-ছাত্ৰীসকলৰ সমাজিক কাম কৰাৰ সামৰ্থ আৱিস্কাৰ কৰাৰ অৰ্থে জড়িত কৰি বিভিন্ন উদগনিমূলক আৰু সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।
মাদুৰীয়ে আৰু কৈছে যে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী পীয়ুষ হাজৰিকাও অহা ১২ আগষ্টত ডিএইচ্চএছকে মহাবিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া এই ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।
ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত লয়া মাদুৰীয়ে এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ডুলীয়াজান মহাবিদ্যালয়ত এখন তৰ্ক প্ৰতিযোগিতাৰো আয়োজন কৰা হ’ব। উপায়ুক্তগৰাকীয়ে অনুষ্ঠানটোত যুৱক-যুৱতীসকলে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।





